ETV Bharat / bharat

অধিসূচনা বাতিলৰ গোচৰ: সংকটত য়েদিয়ুৰাপ্পা, কাট্টা সুব্ৰমন্যা নাইডু

ভূমি অধিগ্ৰহণৰ বাবে অধিসূচনা বাতিলৰ গোচৰ সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে । কৰ্ণাটকৰ হুভিনায়াকানাহালি গাঁৱৰ ২০ একৰ ভূমি অধিগ্ৰহণৰ বাবে অধিসূচনা বাতিলৰ অভিযোগ উত্থাপিত হৈছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা, প্ৰাক্তন মন্ত্ৰী কাট্টা সুব্ৰমন্যা নাইডুৰ বিৰুদ্ধে ।

অধিসূচনা বাতিলৰ গোচৰঃ সংকটত মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পা, কাট্টা সুব্ৰমন্যা নাইডু

author img

By

Published : Mar 18, 2021, 5:23 PM IST

নেশ্যনেল ডেস্ক,১৮ মাৰ্চ: কৰ্ণাটক উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে ভূমি অধিগ্ৰহণৰ বাবে অধিসূচনা বাতিলৰ গোচৰ সন্দৰ্ভত লোকায়ুক্ত আদালতক আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । ন্যায়ালয়ৰ এই নিৰ্দেশে বিপদ মাতিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা, প্ৰাক্তন মন্ত্ৰী কাট্টা সুব্ৰমন্যা নাইডুলৈ । কিয়নো, দুয়োৰে বিৰুদ্ধে হুভিনায়াকানাহালি গাঁৱৰ ২০ একৰ ভূমি অধিগ্ৰহণৰ বাবে অধিসূচনা বাতিলৰ অভিযোগ উত্থাপিত কৰিছিল আলম পাছা নামৰ এগৰাকী ব্যৱসায়ীয়ে ।

সম্প্ৰতি লোকায়ুক্ত আদালতক আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে । উল্লেখ্য যে, ২০১১ চনৰ ২০ আগষ্টত লোকায়ুক্ত আদালতত আলম পাছাই ব্যক্তিগত অভিযোগ দাখিল কৰে । অভিযোগ অনুসৰি, দুয়োগৰাকী নেতাই উদ্যোগ নিৰ্মাণৰ বাবে অধিসূচনা বাতিল কৰিছে । ইয়াৰ পিছতে লোকায়ুক্ত আদালতে আৰক্ষীক এই সন্দৰ্ভত তদন্ত কৰিবলৈ আৰু এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

ইয়াৰ পিছতে ২০১২ চনৰ ২১ মে'ত আৰক্ষীয়ে মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা, প্ৰাক্তন মন্ত্ৰী কাট্টা সুব্ৰমন্যা নাইডুৰ বিৰুদ্ধে ৭৭ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰে । কেইবাবছৰো ধৰি লোকায়ুক্ত আদালতে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল যদিও ২০১৬ চনৰ ২৫ জুলাইত আদালতে অভিযুক্তৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ল'বলৈ অস্বীকাৰ কৰে আৰু অভিযোগ পত্ৰ বাতিল কৰাৰ নিৰ্দেশ দিয়ে ।

অৱশেষত অভিযোগকাৰী আলম পাছাই লোকায়ুক্ত আদালতৰ শেহতীয়া আদেশ বাতিল কৰিবলৈ আৰু তেওঁৰ অভিযোগ অনুসৰি লোকায়ুক্ত আদালতক বিচাৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে ।

লগতে পঢ়ক: উত্তৰ ত্ৰিপুৰাত বিজেপি-চিপিএমৰ মাজত তীব্ৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.