নেশ্যনেল ডেস্ক,১৭ জুন: দিল্লীৰ কৰকৰডোমা আদালতে বৃহস্পতিবাৰে 'কা' আন্দোলনৰ সময়ত দিল্লীৰ হিংসাত জড়িত থকাৰ অভিযোগত কাৰাবন্দী তিনিগৰাকীক পিঞ্জৰা টোড কৰ্মী (pinjra tod activist) কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে । তিনিওগৰাকীৰ ভিতৰত আছে অসমৰ জীয়ৰী দেবাংগনা কলিতা,নাতাশা নৰৱাল আৰু জামিয়াৰ ছাত্ৰী আচিফ ইকবাল তানহা । অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰবীন্দ্ৰ বেদীয়ে দিয়ে এই ক্ষেত্ৰত এক বিশেষ নিৰ্দেশ । আদালতৰ মতে আৰক্ষীয়ে অভিযুক্তৰ প্ৰতিবেদন দাখিল নকৰালৈকে তেওঁলোকক কাৰাগাৰত বন্দী কৰি ৰখাটো উচিত নহয় ।
আদালতে লগতে ২৩ জুন তাৰ আগত স্থায়ী ঠিকনাৰ প্ৰমাণীকৰণৰ প্ৰতিবেদন দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে । ইফালে ১৫ জুনত প্ৰদান কৰা জামিনৰ আদেশ কাৰ্যকৰী নোহোৱাত অধিবক্তা সিদ্ধাৰ্থ আগৰৱালে অভিযুক্তৰ হৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে । কৰকৰডোমা আদালতে বুধবাৰে দেৱাংগানা কলিতা আৰু নাতাশা নাৰৱালক ন্যায়িক জিম্মাৰ পৰা তাৎক্ষণিকভাৱে মুকলি কৰিবলৈ বিচৰা আবেদনৰ ওপৰত আদেশ জাৰি কৰাৰ ওপৰত সংৰক্ষিত আদেশ জাৰি কৰে । আনহাতে দিল্লী আৰক্ষীয়ে অভিযুক্ত আৰু জামানতৰ বিৱৰণ পৰীক্ষা কৰিবলৈ অধিক সময় বিচাৰিছিল ।
উল্লেখ্য যে ১৫ জুনত বিচাৰ আদালতে সংশ্লিষ্ট এছ.এইচ.ও.ক অভিযুক্ত আৰু জামানতৰ বিৱৰণ সম্পৰ্কীয় এক প্ৰমাণীকৰণ প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল । তিনিটা পৃথক নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগানা কলিতা, নাতাশা নৰৱাল আৰু জামিয়াৰ ছাত্ৰী আচিফ ইকবাল তানহাক জামিন প্ৰদান কৰে । উত্তৰ-পূব দিল্লীৰ হিংসাৰ গোচৰ সন্দৰ্ভত তেওঁলোকক কঠোৰ বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল । ২০২০ চনৰ ২৯ মে'ত এই সন্দৰ্ভত এক এজাহাৰত দেৱাংগনা কলিতা আৰু নৰৱালক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু একে গোচৰত তানহাক ২০২০ চনৰ ১৯ মে'ত গ্ৰেপ্তাৰ কৰা হৈছিল ।
লগতে পঢ়ক:মৰমৰ জীয়ৰীয়ে পঢ়িছে, প্ৰচণ্ড বৰষুণতো ছাতি লৈ কাষতে থাকিল পিতৃ