ETV Bharat / bharat

দেওবাৰৰ দিনটোত দিল্লীত ক'ভিড-19ত আক্ৰান্ত 7,745 গৰাকী লোক - গৰাকী

দেওবাৰৰ দিনটোত দিল্লীত 7,745 গৰাকী লোক ক'ভিড-19 আক্ৰান্ত ৷ স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে তথ্য ৷ আনহাতে, ক'ভিড-19 ৰোগীৰ বাবে চিকিৎসালয়ত মুঠ 16,027 খন বিচনাৰ ভিতৰত 7,955 খন খালী আছে বুলি জানিবলৈ দিয়ে ৷

Delhi sees record single-day spike of 7,745 coronavirus cases
দেওবাৰৰ দিনটোত দিল্লীত ক'ভিড-19 ত আক্ৰান্ত 7,745 গৰাকী লোক
author img

By

Published : Nov 9, 2020, 9:59 AM IST

নিউজ ডেস্ক, 9 নৱেম্বৰ : দেওবাৰে ৰাজধানী দিল্লীত সবাতকৈ বেছি লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ দেওবাৰৰ দিনটোত ৰাজধানীখনত 7,745 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ উপৰিও 79 গৰাকীৰ মৃত্যু হৈছে ৷ দিল্লী স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে তথ্য ৷ দেওবাৰে ৰাজধানীখনত 50,754 টা পৰীক্ষণৰ অন্তত 7,745 গৰাকী লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে ৷ বৰ্তমানেও ৰাজধানীখনত 41,857 গৰাকী লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ একেদৰে বৰ্তমানলৈ মৃতকৰ সংখ্যা 6,989 গৰাকীলৈ বৃদ্ধি হোৱা বুলি স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে ৷ সামন্তৰালভাৱে ৰাজধানীখনত আক্ৰান্ত লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিয়নো 14 ৰ পৰা 20 নৱেম্বৰৰ ভিতৰত দীপাৱলী আৰু ছট পূজা অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক : এইবাৰ বিটিচিত বিজেপি দলেই চৰকাৰ গঠন কৰিব: ৰণজিৎ কুমাৰ দাস

উল্লেখ্য যে, কিছুদিন পূৰ্বে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সতেন্দ্ৰ জৈনে কয় যে, ৰাষ্ট্ৰীয় ৰাজধানীখনত ক'ভিড-19 ৰ পৰিস্থিতি তৃতীয় স্তৰ অতিক্ৰম কৰিছে ৷ ইতিমধ্যে, চৰকাৰে চিকিৎসালয়ত আসনৰ সংখ্যা বৃদ্ধি কৰিছে যদিও বৰ্ধিত ৰোগীয়ে পুনৰ দিল্লীলৈ এক প্ৰত্যাহ্বান আনিছে বুলি উল্লেখ কৰিছে ৷

ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই শেহতীয়াকৈ প্ৰস্তুত কৰা এক প্ৰতিবেদনত সতৰ্ক কৰি দিছিল যে, আগন্তক শীতকালত শ্বাস-প্ৰশ্বাসৰ সমস্যা, বাহিৰৰ পৰা ৰোগীৰ বৃহৎ প্ৰবাহ আৰু উৰ্ধমুখী সন্মুখৰ কথা লক্ষ্য কৰি দিল্লীয়ে দৈনিক প্ৰায় 15,000 নতুন ক'ভিড ৰোগীৰ সন্মুখীন হ'ব লাগিব বুলি উল্লেখ কৰে ৷ ইফালে, ক'ভিড-19 ৰোগীৰ বাবে চিকিৎসালয়ত মুঠ 16,027 খন বিচনাৰ ভিতৰত 7,955 খন খালী আছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ধেমাজিত জীয়াঢলৰ বান প্ৰতিৰোধ ঐক্যমঞ্চৰ প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.