ETV Bharat / bharat

ইজৰাইলী দূতাবাসৰ সমীপত সন্দেহজনক বিস্ফোৰণ, আৰক্ষীৰ এজাহাৰ পঞ্জীয়ন - Jamia Nagar of Delhi

Israeli Embassy blast case:ইজৰাইলী দূতাবাসৰ সমীপত সন্দেহজনক বিস্ফোৰণ সন্দৰ্ভত অৱশেষত দিল্লী আৰক্ষীয়ে অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । ঘটনাৰ পূৰ্বে আৰু পিচত সেই স্থানত উপস্থিত থকা লোকক চিনাক্ত কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ । কেইবাটাও সংস্থাই তদন্ত কৰি আছে ।

Israeli embassy blast
ইজৰাইলী দূতাবাসৰ সমীপত সন্দেহজনক বিস্ফোৰণ
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 1:08 PM IST

নেশ্যনেল ডেস্ক,৩০ ডিচেম্বৰ : দিল্লী আৰক্ষীয়ে ইজৰাইলী দূতাবাসৰ সমীপত সন্দেহজনক বিস্ফোৰণ সন্দৰ্ভত এজাহাৰ পঞ্জীয়ন কৰিছে । এই এজাহাৰখন তুঘলক ৰোড আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছে । অচিনাক্ত লোকৰ বিৰুদ্ধে এজাহাৰখন দাখিল কৰা হৈছে বুলি দিল্লী আৰক্ষীয়ে নিশ্চিত কৰিছে ।

ইয়াৰ পূৰ্বে, দিল্লী আৰক্ষীয়ে ইজৰাইলী দূতাবাসৰ সমীপত সন্দেহজনক বিস্ফোৰণ সম্পৰ্কীয় ফোন কল সন্দৰ্ভত কোনো এজাহাৰ পঞ্জীয়ন কৰা নাছিল । কিন্তু ৩ দিনৰ অনুসন্ধানৰ পিছত এজাহাৰখন পঞ্জীয়ন কৰা হয় । দিল্লী আৰক্ষীৰ বিশেষ কোষৰ উপৰিও, এনআইএয়েও এই সন্দেহজনক বিস্ফোৰণৰ তদন্ত কৰি আছে । এতিয়ালৈকে কৰা তদন্তৰ অন্তত আৰক্ষীয়ে ১০ গৰাকী লোকৰ ভাষ্য সংগ্ৰহ কৰিছে । যিসকল লোকে বিস্ফোৰণ সদৃশ শব্দ শুনিছিল ।

চিচিটিভি ফুটেজ অনুসৰি সন্দেহজনক বিস্ফোৰণৰ সময়ত বা তাৰ পূৰ্বে ১২ গৰাকী লোক উক্ত স্থানত উপস্থিত আছিল । তাৰ ভিতৰত এজন ব্যক্তি অধিক সন্দেহজনক আছিল । যিগৰাকী লোকে এখন অ'ট'ত ইজৰাইলী দূতাবাসলৈ আহিছিল । ব্যক্তিজনে বিস্ফোৰণৰ কিছু সময় পূৰ্বে আন এখন অ'ট'ত উভতি গৈছিল । অনুসন্ধানকাৰী সংস্থাসমূহে সেই সন্দেহজনক লোকজনক বিচাৰি অনুসন্ধান চলাই আছে । ইফালে দিল্লী আৰক্ষীৰ দলে অ'ট' চালকজনক চিনাক্ত কৰি জেৰা কৰিছে । চালকজনে জনাইছে যে সন্দেহজনক লোকজনে জামিয়াৰ পৰা ১৫০ টকাত ইজৰাইল দূতাবাসৰ পিছফালৰ পৃথ্বীৰাজ ৰোডলৈ আহিবলৈ অ'ট'খন ভাড়ালৈ লৈছিল । চালকজনে আৰক্ষীক কোৱা মতে সেই লোকজনে ইংৰাজীতে কথা পাতি আছিল । আৰক্ষীয়ে ইতিমধ্যে সেই গোটেই পথটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা আৰম্ভ কৰিছে ।

আৰক্ষীয়ে জনোৱা মতে ইজৰাইলী দূতাবাসৰ বাহিৰত বিস্ফোৰণৰ পূৰ্বে আৰু পিচত ঘটনাস্থলীত উপস্থিত লোকসকলক চিনাক্ত কৰিবলৈ ফেচিয়েল ৰেকগনিশ্বন প্ৰযুক্তিৰে অনুসন্ধান কৰা হৈছে । ২৮ ডিচেম্বৰত চিচিটিভি ফুটেজৰ সহায়ত চিনাক্ত কৰা কিছুমান লোক আৰু সেইদিনা ঘটনাস্থলীৰ চাৰিওফালে সক্ৰিয় মোবাইল নম্বৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে । বিস্ফোৰণৰ বাবে কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল সেই বিষয়ে ফৰেনচিক প্ৰতিবেদনৰো অপেক্ষা কৰা হৈছে ।

এনএছজি আৰু দিল্লী আৰক্ষীৰ ফৰেনচিক দলেও ২৭ ডিচেম্বৰত ঘটনাস্থলীৰ পৰা বহু নমুনা সংগ্ৰহ কৰিছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও কৈছে যে বিষয়টো কেইবাটাও সংস্থাই তদন্ত কৰি আছে ।

লগতে পঢ়ক :ইজৰাইলৰ দূতাবাসৰ কাষত বিস্ফোৰণ; সুকলমে আছে সকলো বিষয়া-কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.