ETV Bharat / bharat

দিল্লী উচ্চ ন্যায়ালয়ৰ তীব্ৰ সমালোচনাৰ সন্মুখীন গৌতম গম্ভীৰ

author img

By

Published : Apr 29, 2021, 12:04 PM IST

ৰাজধানী দিল্লীত ক'ভিড পৰিস্থিতি সন্দৰ্ভত এক আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে ক্ৰিকেটাৰ, ৰাজনীতিবিদ গৌতম গম্ভীৰক তীব্ৰ সমালোচনা কৰে । ক'ভিড ৰোগীৰ জীৱন বচাবলৈ প্ৰস্তুত কৰা ঔষধৰ অনুজ্ঞাপত্ৰ আছে নেকি বুলি গম্ভীৰক প্ৰশ্ন ন্যায়ালয়ৰ ।

দিল্লী উচ্চ ন্যায়ালয়ৰ তীব্ৰ সমালোচনাৰ সন্মুখীন গৌতম গম্ভীৰ
দিল্লী উচ্চ ন্যায়ালয়ৰ তীব্ৰ সমালোচনাৰ সন্মুখীন গৌতম গম্ভীৰ

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: দিল্লী উচ্চ ন্যায়ালয়ৰ তীব্ৰ সমালোচনাৰ সন্মুখীন ক্ৰিকেটাৰ, ৰাজনীতিবিদ গৌতম গম্ভীৰ । দেশৰ ৰাজধানী দিল্লীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত এক আবেদনৰ শুনানিৰ সময়ত তীব্ৰ সমালোচনাৰ সন্মুখীন হয় গৌতম গম্ভীৰ । দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিপিন সংঘী আৰু ৰেখা পল্লীৰ খণ্ড বিচাৰপীঠৰ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ব্যৱহাৰ কৰা ঔষধ হয় নে নহয়, সৰ্ব সাধাৰণ লোকেও কিদৰে এই বৃহৎ পৰিমাণৰ ঔষধ ক্ৰয় কৰিবলৈ সক্ষম হয় আৰু এই ঔষধবোৰৰ বিক্ৰী কৰিবলৈ অনুজ্ঞাপত্ৰ আছে নেকি বুলি কেতবোৰ প্ৰশ্নৰ সন্মুখীন হৈছে গৌতম গম্ভীৰ । দৰাচলতে ক'ভিড ৰোগীৰ বাবে গম্ভীৰে ঔষধ প্ৰস্তুত কৰি উলিয়াইছে আৰু এই ঔষধসমূহৰ মূল্য তেনেই কম ।

দিল্লী চৰকাৰক প্ৰতিনিধিত্ব কৰা ৰাহুল মেহৰাই আদালতক কৈছিল যে গম্ভীৰৰ এই কাৰ্য অত্যন্ত দায়িত্বহীন । আনহাতে আদালতে গম্ভীৰৰ কাৰ্যালয়ত যোগাযোগ কৰাত আদালতৰ মন্তব্যৰ কোনো সঁহাৰি লাভ কৰা নাছিল । ঘটনা অনুসৰি, দিল্লী উচ্চ ন্যায়ালয়ে মংগলবাৰে ৰাজধানীত ক'ভিড ৰোগীৰ অক্সিজেন আৰু চিকিৎসাৰ অভাৱ সম্পৰ্কে এক আবেদনৰ শুনানিৰ সময়ত অক্সিজেনৰ ক'লা বেহা সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছিল । পৰিস্থিতি ইমানেই বেয়াৰ পিনে ঢাল খাইছে যে ৰাইজে ক'লা বজাৰত লাখ লাখ টকাত অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ বাধ্য হৈছে কিন্তু এই চিলিণ্ডাৰৰ মূল্য তেনেই কম বুলি ন্যায়ালয়ে কৈছিল । অক্সিজেনৰ ক'লা বেহাৰে জড়িত লোকসকলক আৰক্ষীৰ জিম্মাত লোৱা উচিত বুলি কয় ন্যায়ালয়ে ।

শুনানিৰ সময়ত ন্যায়ালয়ে কৈছিল যে যদি দিল্লী চৰকাৰে অক্সিজেন চিলিণ্ডাৰৰ নাটনিৰ বাবে পৰিচালনা কৰিবলৈ ব্যৰ্থ হয় তেন্তে চৰকাৰে এই সন্দৰ্ভত আদালতক জনাব লাগে । অক্সিজেন পৰিচালনাৰ দায়িত্ব ল'বৰ বাবে কেন্দ্ৰীয় চৰকাৰক আদালতে জনাব । শুনানিৰ সময়ত অনুপস্থিত পাঁচজন অক্সিজেন ৰিফিলাৰক আদালতে অৱমাননাৰ জাননী জাৰি কৰিছিল । দিল্লীৰ মুখ্য সচিব বিজয় দেৱে আদালতক জনায় যে তেওঁ সকলো অক্সিজেন ৰিফিলাৰক দিল্লীত অক্সিজেন যোগান ধৰা টেংকাৰসমূহৰ বিৱৰণ দাখিল কৰিবলৈ অনুৰোধ জনাইছে । ফলত আগন্তুক তিনিদিনৰ বাবে অক্সিজেনৰ কোটা আৱণ্টন কৰা হ'ব ।

লগতে পঢ়ক: পশ্চিমবংগৰ নিৰ্বাচন: বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.