নেশ্যনেল ডেস্ক,১ আগষ্ট : দিল্লীত সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰৰ ম্যাদ বৃদ্ধি(liquor shortage in Delhi) । ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হ'ল সময়সীমা(Delhi govt extends liquor license period) । দেওবাৰে ৩১ আগষ্টলৈ সময়সীমা বৃদ্ধি কৰাৰ পাছত সোমবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে দিল্লী চৰকাৰে । দিল্লীত ৪৬৮ নম্বৰৰ ব্যক্তিগত সুৰাৰ দোকানসমূহে ৩১ জুলাইত তেওঁলোকৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি যোৱাৰ পিছত সোমবাৰৰ পৰা দোকান বন্ধ কৰাৰ কথা আছিল ।
অৱশ্যে, এলজিৰ সন্মতিৰ আৰু আবকাৰী বিভাগৰ নিৰ্দেশৰ পিছতহে সুৰাৰ দোকানবোৰ খোলা হ'ব বুলি এক তথ্য প্ৰকাশ পাইছে । দিল্লী চৰকাৰে আবকাৰী নীতি ২০২১-২২ ৰ জৰিয়তে অধিক ৰাজহ সংগ্ৰহ কৰাৰ আকাংক্ষিত উদ্দেশ্য প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱা নাই আৰু প্ৰক্ৰিয়াগত ত্ৰুটিৰ অভিযোগত ইয়াৰ কাৰ্যকৰীকৰণ নিৰীক্ষণৰ অধীনত আছে । গতিকে পুৰণি আবকাৰী ব্যৱস্থালৈ ঘূৰি যাবলৈ সংস্থাসমূহৰ জৰিয়তে চৰকাৰে সুৰাৰ দোকান চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিভাগীয় বিষয়াসকলে উল্লেখ কৰে ।
এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্যা অনুসৰি ১ ছেপ্টেম্বৰৰ পৰা ছমাহৰ বাবে সুৰাৰ চৰকাৰী দোকান খোলা থাকিব আৰু তেতিয়ালৈকে ব্যক্তিগত দোকানবোৰো চলি থাকিব । চৰকাৰে শনিবাৰে পুৰণি আবকাৰী ব্যৱস্থালৈ ঘূৰি যোৱাৰ কথা ঘোষণা কৰিছিল । লগতে উল্লেখ কৰিছিল যে, আবকাৰী নীতি ২০২১-২২ ৰ অধীনত চহৰখনত ৪৬৮ খন খুচুৰা সুৰাৰ দোকান চলি আছিল যাৰ অনুজ্ঞাপত্ৰ ৩১ জুলাইত উকলি গৈছে ।
চৰকাৰে ৩১ জুলাইলৈ বৃদ্ধি কৰা আবকাৰী নীতি ২০২১-২২ সন্দৰ্ভত নিয়ম উলংঘন আৰু ইয়াৰ কাৰ্যকৰীকৰণত প্ৰক্ৰিয়াগত ত্ৰুটিৰ অভিযোগত উপ-ৰাজ্যপালে দিয়া পৰামৰ্শ চিবিআই তদন্তৰ পটভূমিত প্ৰত্যাহাৰ কৰা হৈছিল । এই বছৰৰ এপ্ৰিলৰ পৰা আঁচনিখন দুবাৰ সম্প্ৰসাৰিত কৰা হৈছিল । কিয়নো চৰকাৰে এতিয়াও ২০২২-২৩ বৰ্ষৰ বাবে এক সংশোধিত আবকাৰী নীতিৰ ওপৰত কাম কৰি আছে যাৰ বাবে এতিয়াও প্ৰয়োজনীয় অনুমোদন লোৱা হোৱা নাই ।
আবকাৰী নীতিৰ অধীনত, চৰকাৰে চহৰখনৰ ৮৪৯ খন বিপনীৰ বাবে খুচুৰা অনুজ্ঞাপত্ৰ জাৰি কৰিছিল যাক ৩২ টা অঞ্চলত বিভক্ত কৰা হৈছিল । বৰ্তমান মাত্ৰ ৪৬৮ খন বিপনী চলি আছিল যাৰ অনুজ্ঞাপত্ৰ ৩১ জুলাইত উকলি গৈছিল কিয়নো আঁচনিখন চৰকাৰে প্ৰত্যাহাৰ কৰিছে । উপ মুখ্যমন্ত্ৰী তথা আবকাৰী মন্ত্ৰী মনীষ চিছোদিয়াই শনিবাৰে আবকাৰী নীতি প্ৰত্যাহাৰৰ ঘোষণা কৰি কয় যে, মুখ্য সচিবক চৰকাৰী সুৰাৰ দোকান খোলাৰ আগতে সেই সময়চোৱাত চহৰখনত যাতে কোনো বিশৃংখলতাৰ সৃষ্টি নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ মাজতে চহৰখনত অবৈধ সুৰা বিক্ৰীৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈও মুখ্য সচিবক নিৰ্দেশ হৈছে বুলি চিছোদিয়াই উল্লেখ কৰে ।
লগতে পঢ়ক: Commercial LPG cylinder price cut: আজিৰ পৰা হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য