ETV Bharat / bharat

Kejriwals Letter to Opposition Parties : বৈঠকৰ পূৰ্বে বিৰোধী দলসমূহলৈ পত্ৰ কেজৰিৱালৰ

author img

By

Published : Jun 21, 2023, 4:31 PM IST

সমগ্ৰ দেশৰ দৃষ্টি এতিয়া ২৩ জুনত বিহাৰত অনুষ্ঠিত হ'বলগীয়া বিৰোধী ঐক্য বৈঠকৰ প্ৰতি । এই বৈঠকৰ সময়ত হ'বলগা সিদ্ধান্ত আৰু ৰাজনৈতিক সমীকৰণৰ ওপৰত সকলোৱে দৃষ্টি ৰাখিছে । ইফালে বৈঠকৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সকলো বিৰোধী দললৈ এখন পত্ৰ লিখিছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ ৰণনীতি কিমান শক্তিশালী হ'ব সেয়া কেৱল সময়হে ক'ব ।

Kejriwals Letter to Opposition Parties
Kejriwals Letter to Opposition Parties

নিউজ ডেস্ক, ২১ জুন : অহা ২৩ জুনত পাটনাত বিৰোধী ঐক্য সন্দৰ্ভত বিৰোধী দলসমূহৰ এক বৈঠক অনুষ্ঠিত হ'ব । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এই বৈঠকত অংশগ্ৰহণ কৰিব । কিন্তু বৈঠকৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে সভাত উপস্থিত থাকিবলগীয়া সকলো নেতালৈ এখন পত্ৰ লিখিছে । পত্ৰখনত কেজৰিৱালে অনুৰোধ জনাইছে যে বিৰোধী দলসমূহৰ বৈঠকত ২০২৪ চনৰ নিৰ্বাচনৰ আলোচনাৰ পূৰ্বে সংসদত দিল্লীৰ অধ্যাদেশক পৰাস্ত কৰাৰ বিষয়ে প্ৰথম আলোচনা কৰা উচিত । তেওঁ পত্ৰৰ জৰিয়তে এই কথা কৈছে আৰু এই পত্ৰখন আম আদমী পাৰ্টীৰ টুইটাৰ হেণ্ডেলৰ পৰাও টুইট কৰা হৈছে ।

  • Patna की बैठक से पहले @ArvindKejriwal जी ने विपक्षी नेताओं को लिखी चिट्ठी‼️

    ▪️केजरीवाल जी का आग्रह: 23 June 2023 को Bihar में Opposition Parties की Meeting में Ordinance को Parliament में हराने पर सबसे पहले चर्चा हो

    ▪️Delhi का अध्यादेश एक प्रयोग, यह सफल हुआ तो केंद्र सरकार… pic.twitter.com/UsWd0QpXVP

    — AAP (@AamAadmiParty) June 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পত্ৰখনত অৰবিন্দ কেজৰিৱালে কৈছে যে দিল্লী অধ্যাদেশ এটা পৰীক্ষা আৰু যদি ই সফল হয়, তেন্তে এই কেন্দ্ৰীয় চৰকাৰে অনা বিজেপি শাসিত ৰাজ্যত এনে অধ্যাদেশ আনি ৰাজ্য চৰকাৰৰ অধিকাৰ কাঢ়ি ল'ব । তেওঁ লগতে কৈছে, প্ৰধানমন্ত্ৰীয়ে ৩৩ জন ৰাজ্যপাল আৰু লেফটেনেণ্ট গৱৰ্ণৰৰ জৰিয়তে সকলো ৰাজ্যৰ চৰকাৰ চলোৱাৰ দিনটোও বেছি দূৰৈত নাই । বিৰোধী ঐক্য সভাত অংশগ্ৰহণ কৰিবলগা সকলো ৰাজনৈতিক দলৰ মুৰব্বীলৈ লিখা পত্ৰখনত অৰবিন্দ কেজৰিৱালে কয়, "কেন্দ্ৰীয় চৰকাৰৰ অধ্যাদেশৰ বিৰুদ্ধে দিল্লীৰ জনসাধাৰণক সমৰ্থন কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ ।"

"এনে অধ্যাদেশ কেৱল দিল্লীৰ পৰিপ্ৰেক্ষিততহে আনিব পাৰি বুলি ধাৰণা কৰাটো ভুল । কাৰণ দিল্লী এখন অৰ্ধ ৰাজ্য । এনে অধ্যাদেশ আনি কেন্দ্ৰীয় চৰকাৰে যিকোনো সম্পূৰ্ণ ৰাজ্যক প্ৰদান কৰা যিকোনো বিষয়ৰ সকলো অধিকাৰ কাঢ়ি ল'ব পাৰে আৰু দিল্লীত অধ্যাদেশ আনি কেন্দ্ৰীয় চৰকাৰে এটা পৰীক্ষা কৰিছে ।" পত্ৰখনত তেওঁ লিখিছে । তেওঁ লগতে কয় যে যদি এই অধ্যাদেশ দিল্লীত কাৰ্যকৰী কৰা হয়, তেন্তে দিল্লীত গণতন্ত্ৰৰ সমাপ্তি ঘটিব আৰু তাৰ পিছত দিল্লীৰ মানুহে যাকেই চৰকাৰত নিৰ্বাচিত নকৰক কিয়, কিন্তু কেন্দ্ৰীয় চৰকাৰে লেফটেনেণ্ট গৱৰ্ণৰৰ জৰিয়তেহে পোনপটীয়াকৈ দিল্লী চৰকাৰ চলাব ।

উল্লেখ্য যে বিৰোধী দলসমূহৰ এই বৈঠকত ১৭-১৮ টা দলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ উপৰি ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, এনচিপিৰ শীৰ্ষ নেতা শৰদ পাৱাৰ, জেডি(ইউ)ৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙো উপস্থিত থকাৰ কথা ।

আনহাতে, তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টালিনো উপস্থিত থাকিব বুলি আশা কৰা হৈছে । একে সময়তে, ফাৰুক আব্দুল্লা আৰু মেহবুবা মুফটিও জম্মু-কাশ্মীৰৰ পৰা জড়িত হ'ব বুলি দাবী কৰা হৈছে । উক্ত বৈঠকত ২০২৪ চনৰ নিৰ্বাচনৰ ৰণনীতিৰ উপৰি আন বহুতো বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :PM Modi on Yoga Day : ভাৰতৰ আহ্বানত ১৮০ খনতকৈও অধিক দেশ একত্ৰিত হোৱাটো ঐতিহাসিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.