নেশ্বনেল ডেস্ক, 4 অক্টোবৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে দিল্লীত বায়ু প্ৰদূষণৰে মোকাবিলা কৰিবলৈ ১০ দফীয়া ' শীতকালীন কাৰ্য পৰিকল্পনা' ঘোষণা কৰে ৷ এই পৰিকল্পনাত আৱৰ্জনা জ্বলোৱা, ধূলি আৰু যানবাহনৰ ধোঁৱা নিৰ্গমন নিয়ন্ত্ৰণ কৰাৰ বাবে বিশেষ টীম গঠন কৰাৰ বিষয় অন্তৰ্ভুক্ত আছে । তেওঁ দাবী কৰিছে যে, কেন্দ্ৰ আৰু চুবুৰীয়া ৰাজ্যসমূহে কৃষকসকলৰ দ্বাৰা খেৰ জ্বলোৱা কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ একো ব্যৱস্থা লোৱা নাই যাৰ ফলত শীতকালত বায়ু প্ৰদূষণ হয় ।
কেজৰিৱালে কেন্দ্ৰ আৰু দিল্লীৰ চুবুৰীয়া ৰাজ্যসমূহক শস্যৰ অৱশিষ্ট অংশৰ ইন-চিটু ব্যৱস্থাপনা(in-situ management)ৰ বাবে বিনামূলীয়াকৈ জৈৱিক পচনকাৰক প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে ৷ চুবুৰীয়া ৰাজ্যৰ চৰকাৰসমূহক বায়ুমণ্ডল প্ৰদুষণ মুক্ত কৰাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে, দিল্লী চৰকাৰে ধূলিৰ পৰা হোৱা প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নিৰ্মাণ ক্ষেত্ৰসমূহ(construction sites )ৰ পৰিদৰ্শনৰ বাবে ৭৫ টা দল গঠন কৰিছে ৷
ইয়াৰোপৰি, ৰাজধানী চহৰখনত প্ৰদূষণৰ হটস্পট সমূহ নিৰীক্ষণৰ বাবেও বিশেষ দল থাকিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে অৱগত কৰিছে ।
যানবাহনৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ বিশেষভাৱে চিনাক্ত কৰা ৬৪ টা পথত যান-জঁটৰ মোকাবিলা কৰিবলৈও পদক্ষেপ লোৱা হ'ব । pollution under control চমুকৈ PUC ৰ অৱলম্বন কৰি বাহনসমূহ পৰীক্ষা কৰিবলৈ 500 টাকৈ দল গঠন কৰি কঠোৰভাৱে ব্যৱস্থা লোৱা হ'ব । চহৰখনত আৱৰ্জনা জ্বলোৱাৰ ওপৰত নিষেধাজ্ঞা বলবৎ কৰিবলৈ মুঠ ২৫০ টা দল গঠন কৰা হৈছে। ইয়াৰোপৰি গ্ৰীণ ৱাৰ ৰূম সমূহ শক্তিশালী কৰা আৰু গণ সজাগতা অভিযান গ্ৰহণ কৰাটোও শীতকালীন কাৰ্য পৰিকল্পনাৰ অংশ হ'ব বুলি কেজৰিৱালে জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ ৫ অক্টোবৰৰ পৰা গুৱাহাটী-নিউ হাফলঙৰ মাজত দৈনিক চলাচল কৰিব ভিষ্টাডম ৰে'ল