ETV Bharat / bharat

Massive Fire at New Delhi : দিল্লীৰ অগ্নিকাণ্ডত ৭ গৰাকী লোকৰ মৃত্যু

শুকুৰবাৰে নিশা গোকুলপুৰী অঞ্চলৰ কেইবাটাও ঘৰত জুইৰ সূত্ৰপাত হয় । এই অগ্নিকাণ্ডত ৭ গৰাকী লোকৰ মৃত্যু (7 killed in Delhi fire) । ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্ত অব্যাহত ।

Delhi fire tragedy
দিল্লীৰ অগ্নিকাণ্ডত ৭ গৰাকী লোকৰ মৃত্যু
author img

By

Published : Mar 12, 2022, 12:20 PM IST

নেশ্যনেল ডেস্ক, ১২ মাৰ্চ : ৰাজধানী নতুন দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড (Massive fire in Delhi) । শুকুৰবাৰে নিশা সংঘটিত এই অগ্নিকাণ্ডত মৃত্যু ৭ গৰাকী লোকৰ (7 killed in Delhi fire) । অগ্নিকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য ।

জানিব পৰা মতে, দিল্লীৰ গোকুলপুৰী অঞ্চলৰ কেইবাটাও ঘৰত জুই বিয়পি পৰে (Fire broke out in shanties of Gokulpuri area) । যাৰ ফলত অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় । দিল্লী অগ্নি নিৰ্বাপক সেৱা বিভাগে জনোৱা মতে মাজনিশালৈ জুই নিয়ন্ত্ৰণলৈ অনা হয় । কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ঘটনাত ৭ গৰাকী লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় ।

অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত প্ৰায় ১৩ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় । প্ৰাথমিক পৰ্যায়ৰ অনুসন্ধান অনুসৰি প্ৰায় ৬০ টাকৈ ঘৰ এই অগ্নিকাণ্ডত ভস্মীভূত হয় । কেইবা কোটি টকাৰ সম্পত্তি জুইত নষ্ট হোৱাৰ তথ্য পোৱা গৈছে ।

অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইফালে মৃতকৰ পৰিয়ালত শোকৰ ছাঁ পৰা দেখা গৈছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Encounter at Kashmir : কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৪ সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.