ETV Bharat / bharat

Bharat Drone Shakti exhibition : ভাৰত দ্ৰোণ শক্তি-২০২৩ প্ৰদৰ্শনী উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰীৰ - Rajnath Singh at Hindan Air Base

ভাৰতীয় বায়ু সেনাত সংযোজন চি-২৯৫ পৰিবহণ বিমান । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে ভাৰতীয় বায়ু সেনাৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এই পৰিবহণ বিমান অন্তৰ্ভুক্ত কৰে । ভাৰত দ্ৰোণ শক্তি-২০২৩ প্ৰদৰ্শনীৰ উদ্বোধন কৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ।

Bharat Drone Shakti exhibition
ভাৰত দ্ৰোণ শক্তি-২০২৩ প্ৰদৰ্শনী উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 3:04 PM IST

নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ হিন্দন বিমান ঘাটিত ভাৰত দ্ৰোণ শক্তি-২০২৩ প্ৰদৰ্শনীৰ উদ্বোধন কৰে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতীয় বায়ু সেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰীকে ধৰি শীৰ্ষ সামৰিক বিষয়াসকলৰ উপস্থিতিত ভাৰতীয় বায়ু সেনাত আনুষ্ঠানিকভাৱে চি-২৯৫ পৰিবহণ বিমানো অন্তৰ্ভুক্ত কৰে ।

ইয়াৰ পূৰ্বে এক্সত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লিখিছিল যে তেওঁ ভাৰত দ্ৰোণ শক্তি ২০২৩ শীৰ্ষক ড্ৰোণ প্ৰদৰ্শনী উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ কৰিব । লগতে হিন্দন এয়াৰবেছত আইএএফৰ প্ৰথম চি-২৯৫ মেগাৱাটৰ পৰিবহণ বিমানো উন্মোচন কৰিব । লক্ষণীয়ভাৱে, ভাৰতীয় বায়ু সেনাই ভাৰতীয় ড্ৰোণ ফেডাৰেচনৰ সহযোগিতাৰে স্বদেশী ড্ৰোণ ডিজাইন আৰু উন্নয়নৰ সম্ভাৱনাক স্বীকৃতি দিয়াৰ উদ্দেশ্যে ভাৰত ড্ৰোণ শক্তি ২০২৩ ৰ যুটীয়া আয়োজন কৰিছে ৷

২৫ আৰু ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই বিশেষ কাৰ্যসূচী গাজিয়াবাদৰ আইএএফৰ হিন্দন এয়াৰবেছত অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানত লাইভ আকাশী প্ৰদৰ্শনৰো আয়োজন কৰা হৈছে । এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে সামৰিক আৰু অসামৰিক প্ৰয়োগৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতত ড্ৰোণৰ ব্যৱহাৰ বৃদ্ধি পাইছে । ড্ৰোণ প্ৰযুক্তিয়ে অসামৰিক আৰু প্ৰতিৰক্ষা উভয় খণ্ডত দ্ৰুত উন্নয়ন আনিছে । আনহাতে বিজ্ঞপ্তিত উল্লেখ কৰা মতে বিপদাশংকাও হ্ৰাস পাইছে আৰু ই ক্ষমতা বৃদ্ধি কৰিছে ।

দূৰৱৰ্তী অঞ্চলত নিৰাপত্তা আৰু চোৰাংচোৱা নিৰীক্ষণৰ বাবে মানৱ বিহীন বিমান মোতায়েনৰো যথেষ্ট অভিজ্ঞতা আছে ভাৰতীয় বায়ু সেনাৰ হাতত । ভাৰতত বাঢ়ি অহা ড্ৰোণ প্ৰযুক্তি খণ্ডক ব্যৱহাৰ কৰিবলৈ বায়ু সেনাই মেহেৰ বাবা শ্বাৰ্ম ড্ৰোণ প্ৰতিযোগিতাও আৰম্ভ কৰিছে । এই পদক্ষেপে দেশৰ ড্ৰোণ ক্ষমতাৰ ওপৰত তথা বিশ্বাসো প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক :BJP leader slams Canada’s PM: কানাডাৰ এটা অংশত খালিস্তান গঠনৰ পৰামৰ্শ বিজেপি নেতা জয় ভগৱানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.