ETV Bharat / bharat

হেমন্ত চোৰেনৰ মানহানি গোচৰ : ফেচবুক আৰু টুইটাৰলৈ জাননী আদালতৰ - San Francisco

গোড্ডাৰ সাংসদ নিশিকান্ত ডুবেৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে দাখিল কৰা মানহানি গোচৰৰ শুনানি হয় । মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ ওপৰত আপত্তিজনক মন্তব্য কৰিছিল সাংসদগৰাকীয়ে । বিষয়টোত ফেচবুক আৰু টুইটাৰলৈ জাননীও প্ৰেৰণ কৰা হৈছে । গোচৰটোৰ পৰৱৰ্তী শুনানি ৫ জুলাইত হ'ব ।

Court
হেমন্ত সোৰেনৰ মানহানি গোচৰত ফেচবুক আৰু টুইটাৰলৈ জাননী আদালতৰ
author img

By

Published : Jun 23, 2021, 9:29 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুন : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন আৰু বিজেপি সাংসদ নিশিকান্ত ডুবেৰ (Godda MP Nishikant Dubey) মাজত মত বিৰোধ অব্যাহত আছে । শেহতীয়াকৈ সামাজিক মাধ্যমত সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বিৰুদ্ধে বিতৰ্কিতমূলক মন্তব্য কৰিছিল । তাৰ পিছতে ৰাজ্যজুৰি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিভিন্ন মহলত সমালোচনাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সাংসদ নিশিকান্ত দুবেৰ বিতৰ্কিত অভিযোগৰ বিৰুদ্ধে আদালতৰ কাষ চাপে মুখ্যমন্ত্ৰী হেমন্ত চোৰেন । বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে আদালতত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে সাংসদ নিশিকান্ত ডুবেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । যোৱা বছৰৰ ৪ আগষ্টত তেওঁৰ অধিবক্তাৰ জৰিয়তে ৰাঁচী অসামৰিক আদালতত (Ranchi Civil Court) নিশিকান্ত ডুবেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ খবৰ অনুসৰি নিশিকান্ত ডুৱেৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি (defamation) গোচৰ তৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে সামাজিক মাধ্যম ফেচবুক (Facebook) আৰু টুইটাৰকো (Twitter) ঘটনাৰ প্ৰতিবাদী সজোৱা হয় । বুধবাৰে ন্যায়াধীশ ভান বৈশালী শ্ৰীবাস্তৱৰ আদালতে এই গোচৰৰ শুনানি গ্ৰহণ কৰে । শুনানিৰ জৰিয়তে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যৰ গোচৰত প্ৰতিবাদী ফেচবুক আৰু টুইটাৰলৈ জাননী প্ৰেৰণ কৰা হয় । টুইটাৰ কমিউনিকেচন ইণ্ডিয়া প্ৰাইভেট লিমিটেড (Twitter communication india pvt Ltd) আৰু ফেচবুক ইণ্ডিয়া অনলাইন চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড (Facebook India Online Services pvt Ltd) লৈ জাননী প্ৰেৰণ কৰে ।

সামাজিক মাধ্যম দুটাৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়া (California) আৰু চান ফ্ৰাঞ্চিস্কোৰ (San Francisco) কাৰ্যালয়লৈ স্পীড পোষ্ট (Speed post) আৰু ইমেইল (Email) যোগে এই জাননী প্ৰেৰণ কৰে । উল্লেখ্য যে গোচৰটোৰ পৰৱৰ্তী শুনানি হ'ব ৫ জুলাইত । ইফালে মানহানিৰ গোচৰটো সন্দৰ্ভত পূৰ্বে আদালতে নিশিকান্ত ডুবেৰ ফেচবুক আৰু টুইটাৰক তেওঁলোকৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দি জাননী জাৰি কৰিছিল ।

টুইটাৰ আৰু ফেচবুকে পূৰ্বৰ শুনানিৰ সময়ত সাংসদ নিশিকান্ত দুবেৰ অধিবক্তাৰ জৰিয়তে আদালতত তেওঁলোকৰ উত্তৰ দাখিল কৰিছিল ।

লগতে পঢ়ক:ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীকলৈ অৰুণ সিঙৰ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.