ETV Bharat / bharat

Manipur Violence : মণিপুৰত নিহতৰ সংখ্যা ৭১ লৈ বৃদ্ধি

মণিপুৰ হিংসাত এতিয়ালৈ মৃত্যু হৈছে ৭১ গৰাকী লোকৰ (71 death in Manipur violence)। বৃহস্পতিবাৰে মণিপুৰৰ কমাণ্ডো আৰু উগ্ৰপন্থীৰ মাজৰ সংঘৰ্ষত ৬ গৰাকী কমাণ্ডো আহত হয় আৰু এজন নিহত হয় । পৰিস্থিতি উন্নত হোৱাৰ দাবী মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙৰ ।

author img

By

Published : May 13, 2023, 3:02 PM IST

Manipur Violence
মণিপুৰত নিহতৰ সংখ্যা ৭১ লৈ বৃদ্ধি

নেশ্যনেল ডেস্ক,১৩ মে': মণিপুৰৰ হিংসাত মৃত্যু হোৱা লোকৰ সংখ্যা ৭১ লৈ বৃদ্ধি (71 death in Manipur violence)। মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে সংবাদ মাধ্যমৰ সন্মুখত এই কথা প্ৰকাশ কৰে । কুলদীপ সিঙৰ মতে বৃহস্পতিবাৰে মণিপুৰৰ কমাণ্ডো আৰু উগ্ৰপন্থীৰ মাজত গুলীবৰ্ষণ হৈছে । সংঘৰ্ষত ৬ গৰাকী কমাণ্ডো আহত হয় আৰু তেওঁলোকৰ এজন নিহত হয় ।

সিঙে লগতে কয় যে চুৰাচান্দপুৰ অঞ্চলত এখন বাহনত ৩ গৰাকী পিডব্লিউডি শ্ৰমিককো মৃত অৱস্থাত পোৱা গৈছিল (3 PWD workers body found in Manipur)। তেওঁৰ মতে ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । চুৰাচান্দপুৰ অঞ্চলৰ এটা ৩০০ মিটাৰ গভীৰ খাদৰ পৰা উদ্ধাৰ কৰা এখন বাহনৰ সৈতে লোক নিৰ্মাণ বিভাগৰ শ্ৰমিকৰ তিনিটা মৃতদেহো উদ্ধাৰ কৰা হৈছে । অৱশ্যে, তেওঁলোকে দুৰ্ঘটনাত পতিত হৈছিল নে সেয়া হত্যা আছিল এতিয়া নিশ্চিত কৰা হোৱা নাই বুলি সিঙে উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে, অচিনাক্ত লোকে আক্ৰমণ কৰাৰ পাচত কেইবাজনো স্থানীয় লোক সন্ধানহীন হৈছিল (Militants attack civilians in Manipur)। স্থানীয় লোকসকলে তেওঁলোকৰ অগ্নিদগ্ধ বাসগৃহৰ পৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ যাওঁতে আক্ৰমণ কৰিছিল ।

সিঙে সংবাদমাধ্যমক জনোৱা মতে বৃহস্পতিবাৰে মণিপুৰৰ কমাণ্ডো আৰু উগ্ৰপন্থীৰ মাজৰ সংঘৰ্ষত ৬ কমাণ্ডো আহত হোৱাৰ লগতে এজনৰ মৃত্যু হয় । আনহাতে বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰৰ সীমান্তৰ টৰবুং গাঁৱত আন এক ঘটনা সংঘটিত হয় । ১১ জন লোকে তেওঁলোকৰ জ্বলাই দিয়া ঘৰৰ পৰা কিছু সামগ্ৰী সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে উগ্ৰপন্থীয়ে আক্ৰমণ কৰে ।

আক্ৰমণৰ বলি হোৱা লোকসকলৰ ভিতৰত ৮ গৰাকী পলাই গৈ বিএছএফ শিবিৰত আশ্ৰয় লৈছে যদিও আন ৩ জন এতিয়াও সন্ধানহীন হৈ আছে বুলি তেওঁ উল্লেখ কৰে । সন্ধানহীন লোকসকলক বিচাৰি অসম ৰাইফলছ, বিএছএফ আৰু চিআৰপিএফয়ে বৃহৎ তালাচী অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈ তেওঁলোকৰ সন্ধান পোৱা হোৱা নাই ।

সিঙে দাবী কৰিছে যে ৰাজ্যখনত পৰিস্থিতি উন্নত হৈছে আৰু সান্ধ্য আইন শিথিলতাৰ সময় ৭-৮ ঘণ্টালৈ বৃদ্ধি কৰা হৈছে । বিভিন্ন শিবিৰত বাস কৰা লোকসকলৰ সংখ্যাও হ্ৰাস পাইছে । প্ৰায় ৪৫,০০০ লোকক বিভিন্ন স্থানলৈ স্থানান্তৰ কৰা হৈছে আৰু বিমানবন্দৰত কোনো অতিৰিক্ত বিমান চলাচল কৰা নাই আৰু কোনো আৱদ্ধ যাত্ৰী নাই বুলি সিঙে উল্লেখ কৰে ।

ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাচত ৩ মে'ত সান্ধ্য আইন জাৰি কৰা হৈছিল । ৰাজ্য চৰকাৰে আতংক বিয়পা আৰু ভুৱা তথ্য প্ৰচাৰ বন্ধ কৰাৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল । অনুসূচীত জনজাতিৰ মৰ্যাদাৰ বাবে মেইটেইৰ দাবীৰ মাজতে অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়ন (এটিএছইউ) মণিপুৰৰ দ্বাৰা ৩ মে'ত এক সমদলৰ আয়োজন কৰা হৈছিল । যি পিচত হিংসাত্মক ৰূপ লয় । শেহতীয়া পৰিসংখ্যা অনুসৰি, মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত প্ৰায় ৭১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু ২৩০ জনৰো অধিক লোক আহত হৈছে আৰু প্ৰায় ১৭০০ টা ঘৰ জ্বলাই দিয়া হৈছে ।

লগতে পঢ়ক :Train service in Manipur suspended: মণিপুৰলৈ ৰে'ল সেৱা পুনৰ বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.