ETV Bharat / bharat

পত্ৰ আৰু ফোনৰ জৰিয়তে আত্মঘাটী বোমাৰে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি - CM Eknath Shinde

মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ মত্যুৰ ভাবুকি অহাৰ খবৰে তোলপাৰ লগাইছে মহাৰাষ্ট্ৰ আৰক্ষী প্ৰশাসনক (Death threat to CM Eknath Shinde)৷

Death threat to CM Eknath Shinde
পত্ৰ আৰু ফোনৰ জৰিয়তে আত্মঘাটী বোমাৰে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি
author img

By

Published : Oct 2, 2022, 7:17 PM IST

নেশ্যনেল ডেস্ক, 1 অক্টোবৰ: দেশজুৰি উৎসৱমুখৰ পৰিৱেশ ৷ দেশৰ ভিন্ন প্ৰান্তত নিজস্ব ৰীতি-নীতি অনুসৰি নৱৰাত্ৰি, দশেৰা, দুৰ্গা পূজাৰ ভৰপক আয়োজন ৷ ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ মত্যুৰ ভাবুকি অহাৰ খবৰে তোলপাৰ লগাইছে মহাৰাষ্ট্ৰ আৰক্ষী প্ৰশাসনক (Death threat to CM Eknath Shinde)৷

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ "বৰ্ষা" আৰু থানেৰ বাসগৃহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষী প্ৰশাসনে (Security increased Varsha and Thane residence) ৷ উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী একনাথ সিন্দেক (CM Eknath Shinde) পত্ৰ আৰু ফোনকলৰ জৰিয়তে কোনো অচিনাকী দুৰ্বৃত্তই অহা 5 অক্টোবৰত মুম্বাইৰ বিকেচি খেলপথাৰত হ’বলগীয়া দশেৰা ৰেলীত আত্মঘাটী বোমাৰে হত্যাৰ ভাবুকি প্ৰদান কৰে ৷

ইতিমধ্যে এই সন্দৰ্ভত চোৰাংচোৱা গোটক অৱগত কৰিছে প্ৰশাসনে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কোনো দুৰ্বৃত্তই হত্যাৰ পৰিকল্পনা কৰৰ খবৰৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী সিন্দেৰ বাসগৃহৰ বাহিৰত আৰক্ষীয়ে সতৰ্কতা আৰু নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে ৷

মন কৰিবলগীয়া যে, প্ৰায় এমাহৰ পূৰ্বে মুখ্যমন্ত্ৰী একনাথ সিন্দেক হত্যাৰ ভাবুকি দিয়া এখন পত্ৰ মন্ত্ৰালয়লৈ আহিছিল ৷ এই ভাবুকি পত্ৰ পোৱাৰ পিছত এটা ফোন আহিছিল যাৰ জৰিয়তে মুখ্যমন্ত্ৰীক মৃত্যুৰ ভাবুকি দিয়া হৈছিল ৷ মাওবাদীৰ কোনো লোকে একনাথ সিন্দেক মৃত্যুৰ ভাবুকি দিছিল বুলি জানিব পৰা গৈছিল ৷

অহা ৫ তাৰিখে মুম্বাইৰ বিকেচি খেলপথাৰত দশেৰা ৰেলীৰ বাবে ৰাজ্যজুৰি বৃহৎ সংখ্যক নাগৰিক সমবেত হ'ব ৷ একনাথ চিন্দে গোটৰ পৰা প্ৰায় চাৰিৰ পৰা পাঁচ লাখ লোক আহিব বুলি জনোৱা হৈছে ৷ এই দশেৰা ৰেলীৰ পৰিপ্ৰেক্ষিতত চোৰাংচোৱা বিভাগ আৰু আৰক্ষী যন্ত্ৰক সতৰ্ক হৈ থাকিবলৈ কঠোৰ নিৰ্দেশনা দিছে ৷

লগতে পঢ়ক: কৰ্ণাটকত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.