ETV Bharat / bharat

পুলৱামাত জয়ী পিডিপি নেতা ৱাহেদ পাৰা - পিডিপি দলৰ যুৱ মৰ্চাৰ সভাপতি

জম্মু-কাশ্মীৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত পুলৱামা সমষ্টিৰ পৰা জয়লাভ কৰিছে পিডিপি প্ৰাৰ্থী ৱাহেদ পাৰায়ে ৷

পুলৱামাত জয়ী পিডিপি নেতা ৱাহেদ পাৰা
পুলৱামাত জয়ী পিডিপি নেতা ৱাহেদ পাৰা
author img

By

Published : Dec 22, 2020, 7:14 PM IST

নিউজ ডেস্ক, 22 ডিচেম্বৰ : জম্মু-কাশ্মীৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনী ফলাফল আজি ঘোষণা কৰা হয় ৷ সেই অনুসৰি, পুলৱামা সমষ্টিৰ পৰা জয়লাভ কৰিছে পিডিপি দলৰ প্ৰাৰ্থী ৱাহেদ উৰ-ৰহমান পাৰায়ে ৷ পাৰা হৈছে পিডিপি দলৰ যুৱ মৰ্চাৰ সভাপতি, যাক বিগত মাহত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই গ্ৰেপ্তাৰ কৰিছিল ৷ পাৰাই বিজেপিৰ সাজাদ আহমেদ ৰাইনা আৰু জেকেএপিৰ গুলাম হাছান মীৰৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল ৷

  • Couldn’t be prouder of PDPs @parawahid who won his maiden election by a huge margin of votes. Despite being arrested on baseless charges right after filing his nomination people have shown their love & trust for Waheed. Hope justice prevails. pic.twitter.com/MOU8gNUOic

    — Mehbooba Mufti (@MehboobaMufti) December 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

জম্মু-কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা পাৰাৰ এইটো প্ৰথম নিৰ্বাচন আছিল ৷ মনোনয়ন দাখিলৰ এদিন পিছত, অৰ্থাৎ বিগত 25 নৱেম্বৰত পাৰাক নিয়াই গ্ৰেপ্তাৰ কৰিছিল ৷ বৰ্তমানেও পাৰাই জম্মুৰ আমফাল্লা জেলত বন্দী হৈ আছে ৷

নিয়াই প্ৰকাশ কৰা অনুসৰি, হিজবুল মুজাহিদীনৰ কামাণ্ডাৰৰ সৈতে সুসম্পৰ্ক আছিল পাৰাৰ ৷ 2019ত অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ সময়তো ছমাহৰ বাবে জেললৈ প্ৰেৰণ কৰা হৈছিল পাৰাক ৷ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ অতিকে ঘনিষ্ঠ বুলি জনাজাত পাৰা ৷ পাৰাৰ জয়লাভৰ পিচতেই এই সন্দৰ্ভত টুইট কৰে মুফটিয়ে ৷

লগতে পঢ়ক : দেশৰ সম্পদসমূহত প্ৰতিগৰাকী নাগৰিকৰ সমান অধিকাৰ আছে : প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.