ETV Bharat / bharat

Covid-১৯ ৰ প্ৰতিষেধক গ্ৰহণ দালাই লামাৰ - হিমাচল প্ৰদেশ

তিব্বতী আধ্যাত্মিক নেতা দালাই লামাই গ্ৰহণ কৰে প্ৰথম পালি COVID-১৯ ৰ প্ৰতিষেধক । শনিবাৰে হিমাচল প্ৰদেশত তেওঁৰ বাসগৃহৰ সমীপৰ এখন চিকিৎসালয়ত তিব্বতী আধ্যাত্মিক নেতাগৰাকীয়ে গ্ৰহণ কৰে প্ৰতিষেধক । সকলো ৰোগীকে এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান দালাই লামাৰ ।

দালাই লামা
দালাই লামা
author img

By

Published : Mar 6, 2021, 12:39 PM IST

নিউজ ডেস্ক,৬ মাৰ্চ: তিব্বতী আধ্যাত্মিক নেতা দালাই লামাই গ্ৰহণ কৰিলে প্ৰথম পালি COVID-১৯ ৰ প্ৰতিষেধক । শনিবাৰে হিমাচল প্ৰদেশত তেওঁৰ বাসগৃহৰ সমীপৰ এখন চিকিৎসালয়ত তিব্বতী আধ্যাত্মিক নেতাগৰাকীয়ে গ্ৰহণ কৰে প্ৰতিষেধক । ৮৫ বছৰীয়া নবেল শান্তি বিজয়ী দালাই লামাই প্ৰতিষেধক গ্ৰহণ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বিশেষ ধন্যবাদ জ্ঞাপন কৰে । লগতে সকলো ৰোগীকে এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । কেতবোৰ গুৰুতৰ সমস্যা প্ৰতিহত কৰিবলৈ এই প্ৰতিষেধক গ্ৰহণ কৰিলে সহায়ক আৰু লাভবান হ'ব । গতিকে আন ৰোগীসকলেও নিজৰ স্বাস্থ্যৰ বাবে প্ৰতিষেধক গ্ৰহণ কৰিব লাগে বুলি কয় দালাই লামাই । ১৯৩৫ চনৰ ৬ জুলাইত তিব্বতৰ অতি ভিতৰুৱা অঞ্চল অমডো অঞ্চলৰ এখন ক্ষুদ্ৰ গাঁৱত জন্মলাভ কৰিছিল দালাই লামাই ।

উল্লেখ্য যে, দেশজুৰি ১৬ জানুৱাৰীৰ পৰা প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছিল । ২ ফেব্ৰুৱাৰীৰ পৰা কৰ'ণাযোদ্ধাসকলৰ বাবে টীকাকৰণ অভিযান আৰম্ভ কৰা হয় । দ্বিতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ১ মাৰ্চৰ পৰা আৰম্ভ হৈছে । এই পৰ্যায়ত ৬০ বছৰৰ ঊৰ্দ্ধৰ ব্যক্তি আৰু ৪৫ বছৰ ঊৰ্দ্ধৰ যিসকল ব্যক্তি আনুসংগিক ৰোগত আক্ৰান্ত তেওঁলোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইতিমধ্যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্ধনকে ধৰি বহু শীৰ্ষ নেতাই প্ৰতিষেধক গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: কৰ্ণাটকত একে বিদ্য়ালয়ৰ ১৫ জন শিক্ষাৰ্থীৰ দেহত কোভিড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.