ETV Bharat / bharat

Cyclone Biparjoy : গুজৰাটৰ উপকূলৱৰ্তী ১০ কিলোমিটাৰলৈকে খালী কৰাৰ লক্ষ্য প্ৰশাসনৰ

author img

By

Published : Jun 14, 2023, 10:09 AM IST

যিহেতু ঘূৰ্ণীবতাহ বিপৰ্যয়ে বৃহস্পতিবাৰে তীব্ৰ বিভীষিকাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে, সেয়ে কৰ্তৃপক্ষই যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হোৱাটো নিশ্চিত কৰিবলৈ উঠি-পৰি লাগিছে । কৰ্তৃপক্ষই উপকূলৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধ মুকলি কৰাৰ লক্ষ্যৰে বুধবাৰে অধিক লোকক স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।

Cyclone Biparjoy
Cyclone Biparjoy

নিউজ ডেস্ক, ১৪ জুন : শক্তিশালী ঘূৰ্ণীবতাহ বিপৰ্যয় গুজৰাট উপকূলৰ ওচৰ চাপি অহাৰ লগে লগে কৰ্তৃপক্ষই ৰাজ্যখনৰ উপকূলৱৰ্তী জিলাসমূহত বাস কৰা কমেও ৩০,০০০ লোকক স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছে । তাৰে অংশ হিচাপে বুধবাৰে আৰু অধিক লোকক স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।

বৃহস্পতিবাৰে সন্ধিয়া গুজৰাটৰ কচ্ছ জিলাৰ জাখৌ বন্দৰৰ ওচৰত ঘূৰ্ণীবতাহ বিপৰ্যয়ে আঘাত কৰাৰ সম্ভাৱনা থকাৰ বাবে স্থানান্তৰিত কৰাসকলক অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে । আনহাতে, বুধবাৰৰ দিনটো ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), সেনা আৰু অন্যান্য উদ্ধাৰকাৰী তথা সাহায্য দলৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হ'ব । কিয়নো ঘূৰ্ণীবতাহে প্ৰচণ্ড আঘাত হানিব পৰাৰ সম্ভাৱনা থকা অঞ্চলবোৰত সকলো সুৰক্ষা ব্যৱস্থা সম্পন্ন কৰাটো নিশ্চিত কৰিব লাগিব ।

উল্লেখ্য যে এনডিআৰএফৰ দলবোৰক সাহায্য অভিযান চলাবলৈ প্ৰস্তুত কৰি ৰখা হৈছে আৰু সেনাই উদ্ধাৰ ব্যৱস্থাৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ বাবে অসামৰিক প্ৰশাসনৰ সৈতে উদ্ধাৰ বাহিনীত যোগ দিছে । ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সহায় আগবঢ়োৱাৰ বাবে বান সাহায্য ব্যৱস্থাবোৰ কৌশলগতভাৱে স্থাপন কৰা হৈছে ।

আনহাতে, মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘূৰ্ণীবতাহৰ বিৰুদ্ধে মোকাবিলাৰ প্ৰস্তুতি মূল্যায়নৰ বাবে আহ্বান জনোৱা এক ভাৰ্চুৱেল বৈঠকত গুজৰাট চৰকাৰক সংবেদনশীল অঞ্চলত বাস কৰা বাসিন্দাসকলৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় ।

তেওঁ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ বাবে উপযুক্ত ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে বিদ্যুৎ, দূৰ সংযোগ, স্বাস্থ্যসেৱা আৰু খোৱাপানীৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ উপলব্ধতা নিশ্চিত কৰিবলৈ কয় ।

বৈঠকত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে গুজৰাটৰ কেইবাজনো মন্ত্ৰী আৰু সাংসদ, ঘূৰ্ণীবতাহৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা আঠখন জিলাৰ বিধায়ক আৰু বিষয়াসকলে অংশগ্ৰহণ কৰে ।

ইফালে ৰাজ্যিক সাহায্য আয়ুক্ত আলোক কুমাৰ পাণ্ডেয়ে চলি থকা স্থানান্তৰ প্ৰচেষ্টাৰ বিষয়ে তথ্য প্ৰদান কৰি কয়, "আমি ঘূৰ্ণীবতাহৰ আঘাতৰ সময়ত আটাইতকৈ বেছি প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা উপকূলৰ ওচৰত বাস কৰা লোকসকলক ইতিমধ্যে স্থানান্তৰ কৰা আৰম্ভ কৰিছোঁ । এতিয়ালৈকে বিভিন্ন জিলা প্ৰশাসনে প্ৰায় ৩০,০০০ লোকক অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰিছে ।"

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে উপকূলৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা আৱাসীসকলক স্থানান্তৰ কৰাৰ লক্ষ্য ৰাখিছে । উল্লেখ্য যে এতিয়ালৈকে ঘূৰ্ণীবতাহৰ বাবে এজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।

লগতে পঢ়ক :Cyclone Biparjoy : উপকূলৰক্ষী বাহিনীৰ উদ্ধাৰ অভিযানত উদ্ধাৰ ৫০ জন লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.