ETV Bharat / bharat

Fraudsters misuse Sonu Sood name: অভিনেতা চনু সুদৰ নামত চাইবাৰ ক্ৰাইম

author img

By

Published : Jul 1, 2022, 2:19 PM IST

অনলাইনেৰে প্ৰৱঞ্চকে নিতৌ চলাই আছে লুন্ঠন । এইবাৰ অন্ধ্ৰপ্ৰদেশৰ ৰাজমহেন্দ্ৰভাৰাম নগৰত এনে প্ৰৱঞ্চকৰ জালত পৰিল এগৰাকী মহিলা। অভিনেতা চনু সুদৰ নামত বেংক একাউণ্টৰ পৰা অনলাইনেৰে প্ৰৱঞ্চকে লুটিলে ধন (Fraud in the name of actor Sonu sood)।

fraud
Fraud in the name of actor Sonu sood: অভিনেতা চনু সুদৰ নামত চাইবাৰ প্ৰৱঞ্চনা

নেচনেল ডেস্ক,১ জুলাই :অনলাইনেৰে প্ৰৱঞ্চকে নিতৌ চলাই আছে লুন্ঠন । অনলাইনেৰ প্ৰৱঞ্চকৰ জালত ভৰি দি বহুতো লোকে ইতিমধ্য়ে সৰ্বস্বান্ত হোৱাৰ ঘটনা সংঘটিত হৈছে । এইবাৰ অন্ধ্ৰপ্ৰদেশৰ ৰাজমহেন্দ্ৰভাৰাম নগৰত এনে প্ৰৱঞ্চকৰ জালত পৰিল এগৰাকী মহিলা । প্ৰৱঞ্চকে লুটিলে বেংক একাউণ্টৰ ধন । বলিউডৰ জনপ্ৰিয় অভিনেতা চনু সুদৰ নামত এগৰাকী মহিলাৰ বেংক একাউণ্টৰ পৰা অনলাইনেৰে ধন লুটিলে প্ৰৱঞ্চকে(Fraud in the name of actor Sonu sood) । ইতিমধ্য়ে এই সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশৰ ৰাজমহেন্দ্ৰভাৰামৰ তিনিখন নগৰ কেন্দ্ৰত গোচৰ ৰুজু কৰা হৈছে(Case registered at town station of Rajamahendravaram in andhra pradesh regarding online theft)।

ঘটনা সন্দৰ্ভত চিআই মধুবাবুৱে সদৰি কৰা অনুসৰি, চহৰখনৰ চিটিআৰআই ভাস্কৰনগৰ অঞ্চলৰ বাসিন্দা ডি সত্যশ্ৰীৰ এটি ছয় মাহীয়া পুত্ৰ আছে (CI Madhubabu speaks)। শিশুটি ৰোগত আক্ৰান্ত বাবে চিকিৎসাৰ কাৰণে লাখ লাখ টকা খৰচ কৰিব লগা হৈছে । সেয়েহে তেওঁৰ হাতত ইমান টকা নথকা বাবে বন্ধু বৰ্গ আৰু আত্মীয়সকলক সামাজিক মাধ্যমৰ জৰিয়তে সহায় বিচাৰিছিল । ইয়াৰেই সুযোগ ল'লে প্ৰৱঞ্চকে ।

ঘটনাৰ বিৱৰণি অনুসৰি যোৱা ২৭ জুনত এজন অজ্ঞাত ব্যক্তিয়ে সত্যশ্ৰীক ফোন কৰি জনায় যে তেওঁ চনু সুদৰ কাৰ্যালয়ৰ পৰা কথা পাতিছে । তেওঁ শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য় প্ৰদান কৰিব বিচাৰে । লগে লগে অসহায় মহিলাগৰাকীয়ে ধন লাভৰ আশাত তেওঁৰ বেঙ্ক একাউণ্টৰ বিৱৰণ দিয়ে । ইপিনে, প্ৰৱঞ্চকে তেওঁক তেওঁলোকৰ ফোনত এনি ডেস্ক এপ্পটো ইনষ্টল কৰি বিৱৰণ দিবলৈ কয় । কিন্তু মহিলাগৰাকীয়ে বেঙ্ক একাউণ্টৰ সম্পূৰ্ণ বিৱৰণ এপটোত উপলব্ধ কৰাৰ পিছত তেওঁ কোনো নগদ ধন লাভ কৰা নাছিল । ইয়াৰ পাছত সত্যশ্ৰীৰ বেংক একাউণ্টৰ পৰা 95,000 টকা এই চক্ৰটোৱে উলিয়াই নিয়াৰ বিষয়ে জানিব পৰাত মূৰত সৰগ ভাগি পৰে । লগে লগে তেওঁ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক:Agnipath scheme: অগ্নিপথ আঁচনিৰ অধীনত ৭ দিনত বায়ুসেনাত ২.৭২ লাখ আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.