ETV Bharat / bharat

Triple Murder : আকৌ ত্ৰিপল মাৰ্ডাৰ; পুত্ৰ কন্যাসহ মাতৃক ডিঙি কাটি হত্যা

বিহাৰৰ কাটিহাৰত একেটা পৰিয়ালৰ তিনিজন সদস্যক হত্যা কৰা হয় । এই ঘটনাত অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে । ইতিমধ্য়ে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Triple Murder in Katihar Bihar
Triple Murder in Katihar Bihar
author img

By

Published : Aug 2, 2023, 12:26 PM IST

নিউজ ডেস্ক, ২ আগষ্ট : বিহাৰৰ কাটিহাৰৰ বালিয়া বেলোন আৰক্ষী থানা অঞ্চলৰ সিংপুৰ গাঁৱত মঙলবাৰে নিশা একেটা পৰিয়ালৰ তিনিগৰাকী ব্যক্তিক হত্যা কৰা হয় । এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । অপৰাধীয়ে এগৰাকী মহিলা আৰু তেওঁৰ দুই সন্তানক ডিঙি কাটি হত্যা কৰে । প্ৰাপ্ত তথ্য অনুসৰি, চাফাদ জাৰিন নামৰ মহিলাগৰাকীৰ লগতে তেওঁৰ আঠ বছৰীয়া কন্যা আৰু পাঁচ বছৰীয়া পুত্ৰৰ মৃতদেহ ঘৰৰ ভিতৰতে তেজেৰে তুমৰলি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ।

ঘটনাটো সংঘটিত হৈছে কাটিহাৰ জিলাৰ বালিয়া বেলন আৰক্ষী থানা অঞ্চলত । জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ স্বামীয়ে গাঁওখনৰ ওচৰতে অনুষ্ঠিত মহৰমৰ মেলা চাবলৈ গৈছিল । সেই সময়তে অপৰাধীয়ে ঘৰত প্ৰৱেশ কৰি ঘটনাটো সংঘটিত কৰে । প্ৰথমে দুৰ্বৃত্তই ভুক্তভোগীক জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা কৰিছিল । কিন্তু তেওঁক জ্বলাই দিয়াত বিফল হোৱাৰ পিছত মহিলাগৰাকী আৰু তেওঁৰ সন্তানক ডিঙি কাটি নিৰ্মমভাৱে হত্যা কৰে । ঘটনাটো শেষ নিশা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

মহিলাগৰাকীৰ স্বামী ফিৰোজে দিল্লীত বাস কৰে আৰু শ্ৰমিক হিচাপে কাম কৰে । বৰ্তমান তেওঁ কাটিহাৰৰ ঘৰলৈ আহিছে । কিন্তু ঘটনাটোৰ সময়ত তেওঁ ঘৰত নাছিল । তেওঁৰ পত্নী চাফাদ জাৰিনে তেওঁলোকৰ দুই সন্তানৰ সৈতে ঘৰতে শুই আছিল । তেনে সময়তে অপৰাধীয়ে প্ৰৱেশ কৰি শুই থকা অৱস্থাত মাতৃ, পুত্ৰ আৰু কন্যাৰ শৰীৰত কেৰাচিন তেল ঢালি দিছিল । কেৰাচিনতেল ঢালি দিয়াৰ পিছতে আটাইকেইজনে টোপনিৰ পৰা সাৰ পায় । কিন্তু তেওঁলোকে কিবা কৰাৰ পূৰ্বে অপৰাধীয়ে তিনিওজনৰে ডিঙি কাটি দিয়ে ।

এই সন্দৰ্ভত বৰচোইৰ এছডিপিঅ' প্ৰেমনাথ ৰামে কয় যে ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । ঘটনাস্থলীৰ পৰা কেৰাচিন তেল আৰু হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰে । ঘটনাটো কোনে আৰু কিয় সংঘটিত কৰিছে সেয়া জানিবলৈ তদন্ত চলি আছে । অৱশ্যে হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । বৰ্তমান মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে কাটিহাৰ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

"ঘৰটোত মহিলাগৰাকী, পুত্ৰ আৰু কন্যাৰ মৃতদেহ পোৱা গৈছে । পৰিয়ালৰ সদস্যসকলে হত্যাৰ অভিযোগ উত্থাপন কৰিছে । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । অনুমান কৰা হৈছে যে কোনোবাই তিনিওকে তীক্ষ্ণ অস্ত্ৰৰে আঘাত কৰিছে ।" বালিয়া বেলোন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কয় ।

লগতে পঢ়ক :Haryana Nuh Violence : আজি মানেচাৰত হিন্দু সংগঠনৰ পঞ্চায়ত; ৮ জিলাত ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.