আগৰতলা, 2 ডিচেম্বৰ : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে(Tripura Chief Minister Biplab Kumar Deb) বৃহস্পতিবাৰে কয় যে, ৰাজ্যখনত অপৰাধৰ হাৰ যথেষ্ট হ্ৰাস পাইছে । এক বৃহৎ ৰক্তদান শিবিৰ সম্বোধন কৰি মুখ্যমন্ত্ৰী দেৱে কয় যে, ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে প্ৰায় ১৯.৬ শতাংশ অপৰাধ হ্ৰাস পাইছে(Crime rate in Tripura has been reduced says CM) । তথ্য প্ৰদান কৰি মুখ্যমন্ত্ৰী দেৱে কয় যে ৰাজ্যখনত পথ দুৰ্ঘটনাৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ হ্ৰাস পাইছে ।
তেওঁ কয়, " ২০১৯ চনত ৬৫৫ টা, ২০২০ চনত ৪৬৬ টা পথ দুৰ্ঘটনা পঞ্জীয়ন হৈছিল । ২০১৯ চনত ১৯৫ টা ধৰ্ষণ সংঘটিত হৈছিল আৰু ২০২০ চনত ১৬৫ টা ধৰ্ষণ সংঘটিত হৈছিল। ১৫৩ টা হত্যাৰ অপচেষ্টা কৰা গোচৰ আছিল যি পিছত ১১৭ টা গোচৰলৈ হ্ৰাস হৈছে । ২০১৯ চনত ১৪৪ টা হত্যা সংঘটিত হোৱাৰ বিপৰীতে ২০২০ চনত হৈছিল ১১৪ টা হত্যা "। তেওঁ লগতে কয় যে ২০১৯ চনত ০৬ টা ডকাইতি হৈছিল ৷ কিন্তু ২০২০ চনত ০৩ টা ডকাইতিহে সংঘটিত হৈছিল ৰাজ্যখনত ৷ ইয়াৰোপৰি ২০১৯ চনৰ ২২ টা চিলনী চোৰৰ ঘটনাৰ বিপৰীতে ২০২০ চনত মাত্ৰ ০৪ টা ঘটনা সংঘটিত হৈছিল ৷
ইফালে, 2019 চনত ৩৬ টা বোৱাৰী হত্যাৰ ঘটনাৰ বিপৰীতে, ২০২০ চনত ২৩ টা এনে ঘটনা সংঘটিত হৈছিল ।
আনহাতে, 2019 চনত 215 টা যৌন উৎপীড়নৰ বিপৰীতে 2020 চনত 159 টা ঘটনা, 2019 চনৰ 138 টা অপহৰণৰ ঘটনাৰ বিপৰীতে 2020 চনত 110 টা ঘটনা সংঘটিত হৈছিল ৷ 2019 চনত পঞ্জীয়ন হোৱা বোৱাৰীক অত্যাচাৰ কৰা 452 টা ঘটনা 2020 চনত 365 টালৈ হ্ৰাস পাইছিল । সামগ্ৰিকভাৱে, মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ৰাজ্যখনত 19.6% হ্ৰাস পাইছে(crimes against women have dropped by 19.6% in Tripura) বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ৷
লগতে পঢ়ক : Assam honours Ratan Tata: ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান