ETV Bharat / bharat

Father shots son: পিতৃৰ অসৎ অভিপ্ৰায় সিদ্ধি কৰিবলৈ বাধা দিয়াৰ বাবে গুলীয়ালে পুত্ৰক - কন্যাক ধৰ্ষণ

পিতৃ-কন্যাৰ সম্পৰ্কক কলুষিত কৰা জঘন্য ঘটনা ৷ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ নিজ কন্যাক ধৰ্ষণৰ চেষ্টা কুলাংগাৰ পিতৃৰ, পুত্ৰই বাধা দিয়াৰ বাবে গুলীবিদ্ধ কৰিলে পুত্ৰক ৷

Father shot son
পিতৃৰ অসৎ অভিপ্ৰায় সিদ্ধি কৰিবলৈ বাধা দিয়াৰ বাবে গুলীয়ালে পুত্ৰক
author img

By

Published : Aug 8, 2023, 9:50 PM IST

নেশ্যনেল ডেস্ক, 8 আগষ্ট : পাশৱিক! জীৱশ্ৰেষ্ঠৰ জঘন্য কাণ্ড ৷ নিজ কন্যাক ধৰ্ষণ কৰিবলৈ বাধা দিয়াৰ বাবে পিতৃয়ে গুলীয়াই নিজ পুত্ৰক ৷ উত্তৰ প্ৰদেশৰ অযোধ্যাত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷

গোচাইগঞ্জ আৰক্ষী থানা অঞ্চলৰ এখন গাঁৱত এজন লোকে তিনি সন্তানৰ সৈতে বাস কৰিছিল ৷ লোকজনৰ পত্নীৰ বহু দিন পূৰ্বে মৃত্যু হৈছিল ৷ তাৰ পিচৰে পৰা ঘৰখনত তেওঁৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰৰ সৈতে বাস কৰিছিল ৷

দেওবাৰে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পিতৃয়ে জ্যেষ্ঠ কন্যাক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল ৷ লগে লগে তেওঁ চিঞৰ বাখৰ কৰাত ঘৰত থকা ভাতৃয়ে চাবলৈ যাওঁতে, পিতৃৰ কাণ্ড দেখি পুত্ৰই বাধা দিবলৈ চেষ্টা কৰে ৷ ফলত পিতা-পুত্ৰৰ মাজত ভয়ংকৰ বিবাদ সংঘটিত হয় ৷ পিতৃয়ে খঙত অগ্নিশৰ্মা হৈ এটা অবৈধভাৱে ৰখা পিষ্টলেৰে পুত্ৰলৈ লক্ষ্য কৰি গুলী মাৰে ৷ পিতৃৰ গুলীটো পুত্ৰৰ কঁকালত লগাত তেওঁ ঢলি পৰিছিল ৷

এই জঘন্য অপৰাধ কৰাৰ পাচতো ক্ষান্ত নাথাকি পিতৃয়ে আঘাতপ্ৰাপ্ত পুত্ৰক তেজেৰে লুতুৰি পুতুৰি হৈ অৱস্থাত মৃত্যু হ’বলৈ পুখুৰীত পেলাই দিয়ে ৷ এই ঘটনা ভগ্নীয়ে দেখি প্ৰথমে আঘাতপ্ৰাপ্ত ভাতৃক টাৱেলেৰে বান্ধি ৰক্তক্ষৰণ বন্ধ কৰিবলৈ চেষ্টা কৰি, নিশাই প্ৰায় ৮ কিলোমিটাৰ খোজ কাঢ়ি মায়া বজাৰস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় ৷

যদিও আহতজনৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁক দৰ্শন নগৰৰ চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰে ৷ কিন্তু ইয়াতো উন্নত চিকিৎসা নোহোৱাত চিকিৎসকসকলে আহত ব্যক্তিজনক লক্ষ্ণৌ মেডিকেল কলেজ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰে ৷ ভুক্তভোগীগৰাকীয়ে তেওঁৰ ভাতৃৰ চিকিৎসাৰ বাবে লক্ষ্ণৌ ট্ৰমা চেণ্টাৰত উপস্থিত হৈছে ৷

একে সময়তে এই ঘটনা সংঘটিত কৰি অভিযুক্তটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ এই ঘটনাৰ পিচতে ভুক্তভোগীগৰাকীয়ে আৰক্ষীৰ ওচৰত পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে অভিযুক্তটোক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷

আৰক্ষী অধীক্ষক অতুল সোণকাৰে ঘটনাৰ সন্দৰ্ভত কয় যে, এই ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী দলে তৎপৰতাৰে পদক্ষেপ হাতত লৈছে ৷ আহত যুৱকজনৰ অৱস্থা গুৰুতৰ বুলি আৰক্ষীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: Teenage girl torture in Tinsukia : বনকৰা কিশোৰীৰ গাত গৰম পানী ঢালি আটক আটছা নেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.