নেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশত দলিত যুৱতীক ধৰ্ষণৰ অভিযোগত প্ৰাক্তন বিজেপি নেতাক গ্ৰেপ্তাৰ । আদালতে দেওবাৰে অভিযুক্ত বিজেপি নেতাজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে । অভিযুক্তক ৰক্ষণাবেক্ষণৰ চেষ্টা কৰাৰ অভিযোগত ৫ আৰক্ষী বিষয়াকো নিলম্বন কৰা হৈছে ।
উত্তৰ প্ৰদেশৰ মহৰাজগঞ্জত সংঘটিত হৈছে এই ঘটনাটো । এগৰাকী দলিত যুৱতীক ধৰ্ষণৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে প্ৰাক্তন বিজেপি নেতা ৰাহি মাছুম ৰাজাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । নেপালৰ পৰা উভতি অহাৰ সময়ত আৰক্ষীয়ে তেওঁক সোনাউলি কোতৱালী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । অভিযোগ অনুসৰি আৰক্ষীয়ে ধৰ্ষণৰ অভিযুক্তক সুৰক্ষা প্ৰদানৰ চেষ্টা কৰিছিল । এই ক্ষেত্ৰত ১৯ জন আৰক্ষী কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । মহানগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ ৫ জন আৰক্ষী কৰ্মীক নিলম্বনো কৰা হৈছে । এজন কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।
উল্লেখ্য যে, ২৮ আগষ্টত সন্তকবিৰ নগৰ জিলাৰ বাসিন্দা এগৰাকী যুৱতীয়ে কোতৱালী আৰক্ষীৰ ওচৰত ধৰ্ষণ, সৰু ভগ্নীক উৎপীড়ন কৰা আৰু পিতৃক হত্যা কৰাৰ অভিযোগত অভিযোগ দাখিল কৰিছিল । ৫ ছেপ্টেম্বৰত, কোতৱালী আৰক্ষীয়ে প্ৰাক্তন বিজেপি নেতা তথা ঘটনাৰ অভিযুক্ত ৰাহি মাছুম ৰাজাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে । জানিব পৰা মতে, যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালে যোৱা ৬ বছৰ ধৰি অভিযুক্ত প্ৰাক্তন বিজেপি নেতাজনৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল ।
ইফালে ঘটনা পোহৰলৈ অহাৰ পাছতে প্ৰাক্তন বিজেপি নেতাজনক গ্ৰেপ্তাৰৰ বাবে আৰক্ষী অধীক্ষকৰ নিৰ্দেশত এছ.ও.টি. আৰু এছ.ও.জি. দলৰ সৈতে কোতৱালী আৰক্ষীৰ মুঠ ৪ টা দলে অভিযান চলাইছিল । ১৬ ছেপ্টেম্বৰত অভিযুক্ত ৰাহি মাছুম ৰাজাক সোণাউলি কোতৱালী অঞ্চলৰ হাৰদিদালি গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । দেওবাৰে অভিযুক্তজনক কটকটীয়া নিৰাপত্তাৰ মাজেৰে আদালতত হাজিৰ কৰোৱা হয় । আদালতে তেওঁ কাৰাগাৰলৈ প্ৰেৰণ কৰে । অতিৰিক্ত এছপি আতিশ কুমাৰ সিঙে কয় যে, ৰাহি মাছুম ৰাজাক দেওবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।
লক্ষণীয়ভাৱে সমগ্ৰ গোচৰটোত আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে । বিজেপিৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি ৰাহি মাছুম ৰাজাক হত্যা আৰু ধৰ্ষণৰ দৰে গোচৰৰ পৰা ৰক্ষা কৰিবলৈ এজন কনিষ্টবলে ভুক্তভোগীৰ সৈতে ৯ লাখ টকাৰ চুক্তি কৰিছিল । আৰক্ষী বিষয়া অজয় সিঙৰ নিৰ্দেশত কোতৱালী আৰক্ষীৰ কনিষ্টবল আবিদ আলী আৰু ধন দাবী কৰা বিজেপি নেতাজনৰ এজন ঘনিষ্ঠ সহযোগী গুড্ডু ওৰফে মুমতাজক সোমবাৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় । ইফালে আৰক্ষীয়ে বিজেপি নেতাজনে দিয়া ৯ লাখ টকাও উদ্ধাৰ কৰিছে । অভিযুক্ত কনিষ্টবল আবিদ আলী দেওৰিয়া জিলাৰ গ্ৰাম সভা হৰণ ভৰানী আৰক্ষী থানা ভাটনিৰ বাসিন্দা । তেওঁ প্ৰাক্তন বিজেপি নেতাজনৰ ঘৰত ভাড়াত বাস কৰিছিল ।
লগতে পঢ়ক :Fake Call Center: ভুৱা কল চেন্টাৰ চলাই কোটিপতি হোৱা কোন এই দেৱজ্যোতি ?