ETV Bharat / bharat

Minor gang raped in Ranchi : ৰাঁচীত কিশোৰীক দলবদ্ধ ধৰ্ষণ, ১০ জনক আটক - Minor girl gang rape in Ranchi

ৰাঁচীত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে । দোৰাণ্ডা আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে ১০ জনক আটক কৰিছে ।

Minor gang raped in Ranchi
ৰাঁচীত কিশোৰীক দলবদ্ধ ধৰ্ষণ
author img

By

Published : Jul 17, 2023, 4:44 PM IST

নেশ্যনেল ডেস্ক,১৭ জুলাই : ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত চাঞ্চল্যকৰ ঘটনা । পাৰ্টি উদযাপন কৰি ঘৰলৈ আহি থকা অৱস্থাতে এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ । নাবালিকাৰ বন্ধু আৰু একাংশ যুৱকে ধৰ্ষণ কৰে কিশোৰীগৰাকীক । ইতিমধ্যে আৰক্ষীয়ে ১০ জন অভিযুক্তক আটক কৰিছে ।

জানিব পৰা মতে ঘটনাটো দোৰাণ্ডা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত সংঘটিত হৈছিল । সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি কিশোৰীগৰাকীয়ে বন্ধুবৰ্গৰ সৈতে এটা পাৰ্টি উদযাপন কৰি ঘৰলৈ উভতি আহিছিল । কিশোৰীগৰাকীৰে একাংশ বন্ধু আৰু আন যুৱকসকলে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । একে সময়তে, আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১০ জন অভিযুক্তক আটক কৰিছে । আটাইকেইজনকে আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে ।

খবৰ অনুসৰি অভিযুক্তসকলো নাবালক আছিল । আৰক্ষীয়ে ক্ষিপ্ৰতাৰে গোচৰটোৰ তদন্ত কৰি আছে । ৰাঁচী মহানগৰৰ আৰক্ষী অধীক্ষক শুভংশু জৈনে ঘটনাটো সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে অভিযুক্তসকলৰ কিছুমান ভুক্তভোগীৰ পৰিচিত । তেওঁ উল্লেখ কৰা মতে দুদিন পূৰ্বেও সদৰ আৰক্ষী থানা অঞ্চলত চাৰিজন যুৱকে এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল ।

ঘটনাটো দেওবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে পুৱা প্ৰায় ৬ বজাত ঘটনাৰ তথ্য লাভ কৰে । তথ্য পোৱাৰ লগে লগে হাতিয়াৰ ডিএছপি ৰাজা কুমাৰ মিত্ৰ আৰু পুন্দেগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিবেক কুমাৰ আৰু আৰ্গোদা, দৰন্দা আৰক্ষী থানাৰ আৰক্ষীয়ে পুৱা ৯ বজালৈকে ১০ জনক অভিযান চলাই আটক কৰে । তেওঁলোকৰ তিনিজনক ভুক্তভোগীয়ে চিনাক্ত কৰিছে । গোচৰটোৰ পৰৱৰ্তী তদন্ত চলি আছে ।

ইফালে ৰাঁচীৰ লালপুৰ আৰক্ষী থানা এলেকাত দিনৰ পোহৰতে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । অপৰাধীসকলে গুলীচালনা কৰি পলায়ন কৰে । আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :MP gangrape : মধ্য প্ৰদেশত দলবদ্ধ ধৰ্ষণ; বিজেপি নেতাৰ পুত্ৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.