ETV Bharat / bharat

Gang rape case: প্ৰথমবাৰৰ বাবে প্ৰেমিকক লগ কৰিবলৈ গৈ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল যুৱতী

author img

By

Published : Jul 24, 2023, 10:46 PM IST

প্ৰেমে কাল মাতিলে এগৰাকী যুৱতীৰ জীৱনলৈ ৷ প্ৰেমিকক প্ৰথমবাৰৰ বাবে লগ কৰিবলৈ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল যুৱতী ৷ ঝাৰখণ্ডৰ পাকুৰ জিলাত সংঘটিত হৈছে এই নাৰকীয় ঘটনা ৷

প্ৰেমিকক লগ কৰিবলৈ গৈ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল যুৱতী

নেশ্যনেল ডেস্ক, 24 জুলাই: ঝাৰখণ্ডৰ পাকুৰ জিলাত দেওবাৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ অনলাইনযোগে পৰিচয় হোৱা প্ৰেমিকক লগ কৰিবলৈ গৈ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী যুৱতী ৷ প্ৰায় 10 ৰ পৰা 12 গৰাকী যুৱকে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি আজিৰ পৰা প্ৰায় ছয় মাহৰ পূৰ্বে যুৱতীগৰাকীৰ মোবাইলত বাৰে বাৰে এটা অজ্ঞাত নম্বৰৰ পৰা ফোন আহিছিল ৷ তাৰ পিচতে যুৱকজনৰ লগত ক্ৰমান্বয়ে কথা পাতিবলৈ আৰম্ভ কৰিছিল যুৱতীগৰাকীয়ে ৷ এই সম্পৰ্কই বন্ধুত্বলৈ পৰিণত হৈছিল ৷ ফোনত দুয়োৰে ইমানেই ঘনিষ্ঠতা বাঢ়িল যে ক্ৰমান্বয়ে এই বন্ধুত্ব প্ৰেমলৈ পৰিৱৰ্তিত হৈছিল ৷ দুয়ো ইজনে সিজনৰ গভীৰ প্ৰেমত পৰিছিল ৷ ইয়াৰ পিচতে দেওবাৰে দুয়োয়ে লগ কৰাৰ সিদ্ধান্ত ল’লে ৷

দিল্লীত কৰ্মৰত যুৱতীগৰাকীয়ে প্ৰেমিকক লগ কৰিবলৈ পাকুৰৰ মহেশপুৰত আত্মীয়ৰ ঘৰত উপস্থিত হৈছিল ৷ তাৰ পিচত দুয়ো পৰিকল্পনা কৰি লগ কৰিলে ৷ প্ৰেমিকে যুৱতীগৰাকীক এখন বাইকত পাদৰকোলা গাঁৱলৈ ফুৰিবলৈ গৈছিল, তাৰ পিচতে যুৱতীগৰাকীয়ে চাপানলাত পানী খাবলৈ ৰৈছিল ৷ তেওঁলোকৰ সৈতে প্ৰেমিকজনৰ এজন বন্ধুও আছিল ৷

ঠিক সেই সময়তেই 10 ৰ পৰা 12 জন যুৱক সেই ঠাইত উপস্থিত হৈছিল ৷ যুৱকৰ দলটোৱে যুৱতীগৰাকীৰ প্ৰেমিকক প্ৰহাৰ কৰি তেওঁক এক নিৰ্জন স্থানলৈ লৈ যায় ৷ তাৰ পিচতেই যুৱকৰ দলটোৱে যুৱতীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰিছিল ৷ পৰৱৰ্তী সময়ত যুৱতীগৰাকী ঘটনাস্থলীতে অজ্ঞান হৈ পৰে ৷ সোমবাৰে পুৱা যুৱতীগৰাকীৰ জ্ঞান ঘূৰি অহাৰ পিচতেই তেওঁ যেনেতেনে ৰাজপথত উপস্থিত হয় ৷ যুৱতীগৰাকীয়ে অসহায় অৱস্থাতেই এজন ব্যক্তিৰ সহায়ত আৰক্ষী থানাক ঘটনা সন্দৰ্ভত অৱগত কৰিছিল ৷ আৰক্ষীয়ে এই তথ্য পোৱাৰ লগে লগে, আমাদাপাদা আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হয় আৰু ভুক্তভোগীগৰাকী চিকিৎসালয়ত ভৰ্তি কৰে ৷

ভুক্তভোগী গৰাকীৰ বিবৃতিৰ ওপৰত ভিত্তি কৰি অমদাপদ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ 36/23 নম্বৰ আৰু ধাৰা 376 ডিৰ অধীনত অজ্ঞাত যুৱকৰ দলটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

সম্প্ৰতি ঘটনাটোৰ তদন্ত কৰি থকা উপ-বিভাগীয় আৰক্ষী বিষয়া অজিত কুমাৰ বিমলে কয় যে, ভুক্তভোগীৰ বিবৃতিৰ ওপৰত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ৷ কিন্তু ভুক্তভোগীগৰাকীয়ে ঘটনাটো সংঘটিত কৰা অপৰাধীসকলৰ বিষয়ে বা তেওঁৰ বন্ধুৰ বিষয়ে একো ক'ব পৰা নাই ৷ যুৱতীগৰাকীয়ে আনকি এতিয়ালৈ তেওঁৰ প্ৰেমকজনৰ নাম প্ৰকাশ কৰা নাই , যাৰ বাবে আৰক্ষীয়ে তদন্তত কিছু অসুবিধাৰ সন্মুখীন হৈছে ৷ অৱশ্যে, আৰক্ষীয়ে লোকসকলকো সোধা-পোছা কৰি আছে যে মহিলাগৰাকী কাৰ লগত ক’লৈ গৈছিল ৷

লগতে পঢ়ক: extramarital affairs: বেংগালুৰুত প্ৰেমিকক ছুৰীকাঘাত অসমৰ বিবাহিত মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.