নেশ্যনেল ডেস্ক,৫ আগষ্ট : ঝাৰখণ্ডৰ গুমলা জিলাত চোৰে লুটি নিলে ৪০ কিলোগ্ৰাম বিলাহী । পুৱা বিপণী খুলি হতবাক ব্যৱসায়ীসকল । বিলাহী লুণ্ঠনকলৈ আৰক্ষীৰ কাষ চাপিল ব্যৱসায়ীসকল । চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি অতি শীঘ্ৰে চোৰক আটক কৰিবলৈ দাবী জনাইছে ব্যৱসায়ী সন্থাই ।
উল্লেখ্য যে দেশত পাচলিৰ ৰাণী খ্যাত বিলাহীৰ আকাংশলংঘী মূল্যবৃদ্ধিয়ে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে । কোনো কোনো স্থানত বিলাহীৰ মূল্য ২০০ টকা প্ৰতিকেজি হৈছে । দাম বৃদ্ধি হোৱাত এতিয়া বিলাহী ক্ৰয় কৰিবলৈও বাদ দিছে বহুতে । এনে পৰিস্থিতিত সোণ, ৰূপৰ দৰে মূল্যৱান হৈ পৰিছে বিলাহী । চোৰৰো চকু পৰিছে মূল্যৱান বিলাহীত । শেহতীয়াকৈ দেশৰ বিভিন্ন স্থানত বিলাহী বিক্ৰীৰে কোটিপতি হৈছে যদিও বিলাহী চুৰিৰ ঘটনা পোহৰলৈ আহিছে ।
শুকুৰবাৰে নিশাও ঝাৰখণ্ডৰ গুমলা নগৰাঞ্চলৰ মাজভাগতে অৱস্থিত টাংৰা পাচলি বজাৰত একে ধৰণৰ ঘটনা সংঘটিত হয় । নিশা চোৰে বিপণীত প্ৰৱেশ কৰি লুটপাত চলালে । কেইবাখনো বিপণীৰ পৰা চোৰে ৪০ কিলোগ্ৰামতকৈও অধিক বিলাহী চুৰি কৰি লৈ যায় । ইয়াৰ উপৰিও এক ডজনতকৈও অধিক পাচলি বিক্ৰেতাই ৰখা দগা-পাল্লাসহ ১০,০০০ টকাৰ অধিক ধন চোৰে লুটি লৈ যায় ।
শনিবাৰে পুৱা বিপণী খুলিবলৈ আহি হতবাক হৈ পৰে পাচলি ব্যৱসায়ীসকল । লগে লগে গুমলা আৰক্ষীক গোটেই ঘটনাটোৰ বিষয়ে অৱগত কৰা হয় । পাছত আৰক্ষী উক্ত স্থানত উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰে । একে সময়তে ওচৰৰ লোকসকলে প্ৰশাসনক চিচিটিভি ফুটেজৰ জৰিয়তে অপৰাধীসকলক চিনাক্ত কৰিবলৈ আৰু ব্যৱস্থা ল'বলৈ দাবী জনায় । অৱশ্যে চোৰে বিলাহীৰ লগতে আন পাচলিও লৈ যায় । এই চুৰিকাণ্ডৰ পাছতে পাচলি ব্যৱসায়ীসকল নিৰাশ হৈ পৰিছে । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে পাচলি বজাৰৰ ৰক্ষীকো সোধা-পোচা কৰি আছে ।
লগতে পঢ়ক :ABT member arrested : ধুবুৰীত গ্ৰেপ্তাৰ আনছাৰুল্লা বাংলা টীমৰ সদস্য