নিউজ ডেস্ক, ২৯ অক্টোবৰ : ক্ৰেডিট স্ক'ৰে আপোনাৰ মৌলিক বিত্তীয় বিশ্বাসৰ (Credit score defines basic trust profile) প্ৰ'ফাইল নিৰ্ধাৰণ কৰে । যিয়ে কেৱল নতুন ঋণ লাভ কৰাৰ বাবে আপোনাৰ যোগ্যতায়েই নহয়, আপুনি আৰ্থিকভাৱে কিমান শৃংখলাবদ্ধ সেয়াও সূচায় । ইয়ে প্ৰকাশ কৰে আপুনি আপোনাৰ ঋণৰ ইএমআই (equated monthly installments) সঠিকভাৱে পৰিশোধ কৰিছেনে নাই । আপোনাৰ নতুন ঋণ লোৱাৰ যোগ্যতা আছে নেকি ? এই সকলোবোৰ বিৱৰণ আপোনাৰ ক্ৰেডিট প্ৰতিবেদনত কেৱল এবাৰ চকু ফুৰায়েই ক'ব পৰা যায় । চমুকৈ ক'বলৈ হ'লে ই আপোনাৰ সকলো বিত্তীয় অভ্যাস কেইছেকেণ্ডমানৰ ভিতৰতে মুকলি কৰি দিব (maintain good credit score) ।
যদি আপোনাৰ ক্ৰেডিট স্ক'ৰ কম হয়, তেন্তে সেয়া উন্নত কৰাৰ বাবে অত্যধিক সাৱধানতা অৱলম্বন কৰা আৰু প্ৰতিকাৰমূলক ব্যৱস্থাবোৰ নিষ্ঠাৰে অনুসৰণ কৰাৰ সময় এয়া । এটা ভাল ক্ৰেডিট স্ক'ৰে কেৱল ঋণ লোৱাৰ আপোনাৰ যোগ্যতায়েই নহয়, আপোনাৰ সামগ্ৰিক বিত্তীয় অনুশাসনো সূচায় । নতুন ঋণ লওঁতে ঋণদাতাসকলে আপোনাৰ চিবিল (Credit Information Bureau India Ltd, CIBIL) নম্বৰ চাব । যদি আপোনাৰ ঋণৰ আবেদন অনুমোদিত হয়, ইয়াৰ অৰ্থ হৈছে সংশ্লিষ্ট বেঙ্ক বা বিত্তীয় প্ৰতিষ্ঠানৰ আপোনাৰ বিত্তীয় প্ৰ'ফাইলৰ ওপৰত বিশ্বাস আছে ।
আপুনি সময়মতে আপোনাৰ ইএমআই (EMI) আৰু ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰি থকালৈকে আপোনাৰ কোনো বিত্তীয় সমস্যা নাথাকিব । উৎসৱৰ সময়ত আপুনি অধিক পৰিমাণৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ঋণ ল'ব পাৰে । কিন্তু সেয়া সঠিক সময়ত পৰিশোধ কৰিব লাগে । ঋণ পৰিশোধ কৰোঁতে কৰা যিকোনো বিলম্বই আপোনাৰ বাবে ভৱিষ্যতে ঋণ লোৱাটো ঠিন কৰি তুলিব । ঋণ লোৱা আৰু পৰিশোধ কৰাৰ বাবে আপুনি আপোনাৰ সৰ্বাধিক সম্ভৱ পৰিমাণৰ বাজেটত থাকিব লাগিব ।
প্ৰথম কথা হৈছে, ঋণ পৰিশোধত কোনো বিভ্ৰান্তি থাকিব নালাগে । ইএমআই আপোনাৰ উপাৰ্জনৰ 40 শতাংশৰ ওপৰত হ'ব নালাগে, যাতে এক অবিৰামভাৱে আৰু নিয়মীয়াকৈ কিস্তি পৰিশোধ কৰাটো কঠিন নহয় । লগতে আপোনাৰ ইএমআইৰ দুমাহৰ কিস্তিৰ পৰিমাণৰ সমান বেঙ্কত আপোনাৰ অতিৰিক্তভাৱে জমা থাকিব লাগিব । ই আপোনাক নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধ কৰি থকাত সহায় কৰিব ।
আপোনাৰ বহুকেইখন ক্ৰেডিট কাৰ্ড (credit card) থাকিব পাৰে । কিন্তু সদায়ে আপুনি কেৱল প্ৰথমে লোৱা কাৰ্ডখন ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব । ফলস্বৰূপে আপোনাৰ ক্ৰেডিট ৰেকৰ্ডে উচ্চ মূল্যাঙ্কন লাভ কৰিব । ই আপোনাৰ সামগ্ৰিক ক্ৰেডিট স্ক'ৰ বৃদ্ধি কৰাত সহায় কৰিব । যিয়ে জৰুৰী আৰু অপ্ৰত্যাশিত বিত্তীয় প্ৰয়োজনীয়তাৰ সময়ত আপোনাক উদ্ধাৰ কৰি লৈ আহিব ।
বেঙ্ক, ক্ৰেডিট কাৰ্ড কোম্পানী আৰু অনা-বেঙ্কিং বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰেৰণ কৰা বাৰ্তা বা ইমেইল লিংকবোৰ চাওঁতে সাৱধানতা অৱলম্বন কৰিব । যদি আপুনি আপোনাৰ প্ৰাথমিক তথ্য দাখিল কৰিবলৈ এই বাৰ্তাবোৰ ক্লিক কৰে, তেন্তে ই আপোনাৰ ঋণৰ আবেদন দাখিল কৰাৰ সমান । যদি আপুনি ঋণ ল'ব বিচাৰিছে বুলি এক ধাৰণা সৃষ্টি হয়, ই আপোনাৰ ক্ৰেডিট স্ক'ৰৰ ওপৰত বিৰূপ প্ৰতিফলন কৰিব আৰু অৱশেষত আপোনাৰ বিত্তীয় প্ৰ'ফাইলৰ ওপৰত বিশ্বাসত খহনীয়া হ'ব ।
আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল, আনে লোৱা ঋণৰ বাবে আপুনি যেতিয়া জামিনদাৰ হিচাবে স্বাক্ষৰ কৰিব সেই সময়ত অতি সাৱধানতা অৱলম্বন কৰাটো । লগতে যিকোনো ঋণৰ বাবে সহ-আবেদনকাৰী হিচাপে থাকিলে সাৱধান হ'ব । এনে ক্ষেত্ৰত এইটো নিশ্চিত হ'ব আৰু পৰীক্ষা কৰিব যে মুখ্য আবেদনকাৰীসকলে সঠিকভাৱে ঋণৰ কিস্তি পৰিশোধ কৰিছেনে নাই । এনে ঋণৰ কিস্তি সময়মতে পৰিশোধ কঠোৰভাৱে পালন নিশ্চিত কৰাটো আপোনাৰ নিজৰ স্বাৰ্থত আপোনাৰেই দায়িত্ব ।
কেতিয়াবা আনকি আপুনি আপোনাৰ ইএমআই আৰু বিল সময়মতে পৰিশোধ কৰিলেও তাৰ বিৱৰণবোৰ আপোনাৰ ক্ৰেডিট প্ৰতিবেদনত সঠিকভাৱে ৰেকৰ্ড কৰা নহ'ব পাৰে । সেয়েহে আপুনি বছৰত কমেও এবাৰ আপোনাৰ ক্ৰেডিট প্ৰতিবেদন পৰীক্ষা কৰা উচিত । যদি কোনো ভুল থাকে তেনেহ'লে পলম নকৰাকৈ ইয়াক সংশোধন কৰিবলৈ সংশ্লিষ্ট বেংক আৰু ক্ৰেডিট ব্যুৰোৰ সৈতে যোগাযোগ কৰক ।
লগতে পঢ়ক :Financial Lessons to Investment : বিত্তীয় সফলতাৰ বাবে শক্তিশালী কৰক বিনিয়োগ পৰিকল্পন