ETV Bharat / bharat

Delhi Ordinance Row : আপক সমৰ্থন চিপিআইএমৰ; কংগ্ৰেছৰ সমৰ্থন আহ্বান য়েছুৰীৰ

author img

By

Published : May 30, 2023, 5:31 PM IST

সীতাৰাম য়েছুৰীয়ে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহক এই বিষয়টোত আম আদমি পাৰ্টীক সমৰ্থন জনাবলৈ আহ্বান জনাই কয় যে দিল্লীত প্ৰশাসনিক সেৱাৰ ওপৰত অধ্যাদেশ জাৰি কৰাটো সংবিধানৰ এক নিৰ্লজ্জ উলংঘন আৰু যিকোনো অনা বিজেপি দলৰ চৰকাৰৰ সৈতে এনে হ'ব পাৰে (CPIM supports AAP on Delhi Ordinance issue) ।

Delhi Ordinance Row
Delhi Ordinance Row
সীমাৰাম য়েছুৰীৰ সৈতে সংবাদমেল সম্বোধন কেজৰিৱালৰ

নিউজ ডেস্ক, ৩০ মে' : মঙলবাৰে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীয়ে দিল্লীত প্ৰশাসনিক সেৱা নিয়ন্ত্ৰণৰ ওপৰত কেন্দ্ৰৰ অধ্যাদেশক গৰিহণা দিয়ে (Sitaram Yechury condemned Centres ordinance) । লগতে সংসদত এই অধ্যাদেশৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত আপক তেওঁৰ দলে সমৰ্থন আগবঢ়াব বুলি কয় (CPIM supports AAP on Delhi Ordinance issue) ।

তেওঁ লগতে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহক এই বিষয়টোত আম আদমি পাৰ্টীক সমৰ্থন জনাবলৈ আহ্বান জনাই কয় যে দিল্লীত প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত অধ্যাদেশ জাৰি কৰাটো সংবিধানৰ নিৰ্লজ্জ উলংঘন (Yechury asks Congress to support Kejriwal) । আনহাতে, যিকোনো অনা বিজেপি দলৰ চৰকাৰৰ সৈতে এনে হ'ব পাৰে বুলিও তেওঁ উনুকিয়াই দিয়ে । উল্লেখ্য, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে এই বিষয়টোত বাঁওপন্থী দলৰ সমৰ্থন বিচাৰি চিপিআই(এম)ৰ কাৰ্যালয়ত য়েছুৰীক সাক্ষাতৰ পিছত এই কথা কয় (AAP convenor Arvind Kejriwal on central ordinance) ।

অৰবিন্দ কেজৰিৱালৰ টুইট
অৰবিন্দ কেজৰিৱালৰ টুইট

"আমি কেন্দ্ৰই অনা অধ্যাদেশক গৰিহণা দিছোঁ । এইটো অসাংবিধানিক । ই আদালতৰো অৱমাননা । আমি আটাইতকৈ ডাঙৰ বিৰোধী দল কংগ্ৰেছক আমাৰ সংবিধান বচাবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ " । বৈঠকৰ পিছত কেজৰিৱালৰ সৈতে এক যুটীয়া সংবাদমেল সম্বোধন কৰি য়েছুৰীয়ে এনেদৰে কয় । ৰাজ্যসভাই হওক বা যিকোনো ঠাইতে হওক, আমি অধ্যাদেশৰ বিৰোধিতা কৰিম...।" তেওঁ লগতে কয় ।

  • दिल्ली में मोदी सरकार अपनी तानाशाही चला रही है, दिल्ली की जनता के हक़ छीन रही है। आज CPI(M) के वरिष्ठ नेता श्री सीताराम येचुरी जी एवं पार्टी के अन्य नेताओं से मिलकर इस मुद्दे पर चर्चा की। सभी नेताओं का मानना है कि मोदी सरकार दिल्ली के लोगों के साथ अन्याय कर रही है। CPI(M) ने… pic.twitter.com/RB8LIHUB2M

    — Arvind Kejriwal (@ArvindKejriwal) May 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য, কেন্দ্ৰই যোৱা ১৯ মে'ত দিল্লীত গ্ৰুপ-এ বিষয়াসকলৰ বদলিকৰণ আৰু নিযুক্তিৰ বাবে কৰ্তৃত্ব নিজৰ হাতত ৰখাৰ বাবে এক অধ্যাদেশ জাৰি কৰে । কিন্তু আপ চৰকাৰে কৈছে যে এই অধ্যাদেশ সেৱা নিয়ন্ত্ৰণৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ পৰিপন্থী । শীৰ্ষ ন্যায়ালয়ে আৰক্ষী, ৰাজহুৱা শৃংখলা আৰু ভূমিক বাদ দি দিল্লীত সেৱাৰ নিয়ন্ত্ৰণ নিৰ্বাচিত চৰকাৰক হস্তান্তৰ কৰাৰ এসপ্তাহ পিছতে এই অধ্যাদেশখন আহে ।

উল্লেখ্য এই অধ্যাদেশৰ জৰিয়তে কেন্দ্ৰই DANICS কেডাৰৰ পৰা গ্ৰুপ-এ বিষয়াসকলৰ বিৰুদ্ধে বদলিকৰণ আৰু অনুশাসনমূলক প্ৰক্ৰিয়াৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী অসামৰিক সেৱা কৰ্তৃপক্ষ গঠন কৰিব বিচাৰে । কেন্দ্ৰই অধ্যাদেশ জাৰি কৰাৰ ছয় মাহৰ ভিতৰত ইয়াক সলনি কৰিবলৈ সংসদত এখন বিধেয়ক আনিব লাগিব ।

লগতে পঢ়ক :Protesting Wrestlers Threating : গংগাত নিক্ষেপ কৰিব পদক; আমৰণ অনশনৰ ভাবুকি বজৰং পুনিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.