ETV Bharat / bharat

MGNREGAত জাতি ভিত্তিত পুঁজি প্ৰদানক লৈ ত্ৰিপুৰাত প্ৰতিবাদ - প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিক

অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচি এমজিএনৰেগা(MGNREGA)ৰ কৰ্মীসকলৰ বাবে পৃথক মাষ্টাৰ ৰোল নিৰ্ধাৰণৰ কেন্দ্ৰৰ সিদ্ধান্তক লৈ অসন্তুষ্ট ত্ৰিপুৰাৰ চিপিআইএম দলৰ অনুসূচীত জাতি শাখা ৷ এই সিদ্ধান্তৰ জৰিয়তে উক্ত শ্ৰেণীসমূহৰ পৰা অহা অপ্ৰশিক্ষিত শ্ৰমিকসকলৰ বাবে কাম কৰাৰ অধিকাৰ হ্ৰাস কৰাৰ এটা প্ৰয়াস চলোৱাৰে অভিযোগ উত্থাপন কৰিছে অনুসূচীত জাতি শাখাই ।

CPIM SC wing protests caste wise funds in MGNREGA
MGNREGAত জাতি ভিত্তিত পুঁজি প্ৰদানক লৈ ত্ৰিপুৰাত প্ৰতিবাদ
author img

By

Published : Jun 22, 2021, 9:31 PM IST

আগৰতলা, 22 জুন: সোমবাৰে চিপিআইএম(CPIM) দলৰ অনুসূচীত জাতি শাখাৰ ত্ৰিপুৰা তপশিলি জাতি সমন্নয় সমিতিয়ে এমজিএনৰেগা(MGNREGA)ত অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচি সম্প্ৰদায়ৰ বাবে পৃথক পুঁজি আৱণ্টনে এমজিএনৰেগাৰ প্ৰকৃত উদ্দেশ্যৰ ক্ষতি কৰিব বুলি যুক্তি ডাঙি ধৰে ৷ এই সম্প্ৰদায়সমূহৰ লোকসকলক তেওঁলোকৰ বাবে আৱণ্টন কৰা পুঁজি সম্পূৰ্ণৰূপে খৰচ হোৱাৰ পিছত কৰ্মহীন কৰি তুলিব ।

অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচি এমজিএনৰেগা(MGNREGA)ৰ কৰ্মীসকলৰ বাবে পৃথক মাষ্টাৰ ৰোল নিৰ্ধাৰণৰ কেন্দ্ৰৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি বিধায়ক ৰতন ভৌমিকৰ নেতৃত্বত দলটোৰ অনুসূচীত জাতি শাখাই অভিযোগ উত্থাপন কৰে যে, এই শ্ৰেণীসমূহৰ পৰা অহা অপ্ৰশিক্ষিত শ্ৰমিকসকলৰ বাবে কাম কৰাৰ অধিকাৰ হ্ৰাস কৰাৰ এয়া এটা প্ৰয়াস মাত্ৰ।

চিপিআইএমৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিকে কয় যে, কেন্দ্ৰই অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচি শ্ৰেণীৰ এমজিএনৰেগাত ভৰ্তি কৰা শ্ৰমিকসকলৰ বাবে পৃথকে পুঁজি আৱণ্টন কৰাৰ সিদ্ধান্ত লৈছে । নতুন নিয়ম অনুসৰি, প্ৰথম স্থানত এই গোটবোৰৰ বাবে কেৱল বাজেট আৱণ্টন কৰা হ'ব আৰু আনবোৰক পৃথক শ্ৰেণীত ৰখা হ’ব । এই নিয়মৰ মূল ধাৰণাটো হ'ল এই প্ৰণালীটো ধ্বংস কৰা ।

"আমি ত্ৰিপুৰাৰ গ্ৰাম্য অঞ্চলত দেখিছোঁ যে নিম্ন সামাজিক মৰ্যাদাৰ লোকসকলে এমজিএনৰেগা কামৰ প্ৰতি অধিক আগ্ৰহী কিয়নো এই লোকসকলৰ বৃহৎ সংখ্যক লোক এতিয়াও দৰিদ্ৰ । এই ক্ষেত্ৰত আন সম্প্ৰদায়ৰ লোকৰ উপস্থিতি প্ৰতিযোগিতামূলকভাৱে কম । এতিয়া আৱণ্টিত পুঁজি শেষ হোৱাৰ পিছত তেওঁলোকে কাম নাপাব আৰু আন সম্প্ৰদায়ৰ বাবে নিৰ্ধাৰিত পুঁজি কেন্দ্ৰীয় চৰকাৰলৈ ঘূৰি যাব", ৰতন ভৌমিকে এনেদৰে কয় । ভৌমিকে লগতে এই নিয়মবোৰ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়, কিয়নো ই দৰিদ্ৰ লোকসকলক কোনো ক্ষেত্ৰত সহায় নকৰে ।

ত্ৰিপুৰা চৰকাৰৰ সন্দৰ্ভত তেওঁ কয় যে, "বাওঁপন্থীসকলৰ সময়ত ৯০ৰ পৰা ৯৩ দিনৰ কাম হৈছে গড় এমজিএনেৰেগাৰ প্ৰদৰ্শন । নতুন চৰকাৰ গঠন হোৱাৰ পিছত গড় ৪০ ৰ পৰা ৪৫ লৈ হ্ৰাস হয় কৰ্মদিনৰ সংখ্যা "।

ভৌমিকৰ মতে, জ্যেষ্ঠ অৰ্থনীতিবিদসকলে পৰামৰ্শ আগবঢ়াই অৰ্থনীতি উন্নত কৰিবলৈ লোকসকলক হাতত ধন দিব লাগে আৰু এমজিএনৰেগা হৈছে সেইটো কৰিবলৈ আটাইতকৈ কাৰ্যকৰী প্ৰণালী বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক: প্ৰতাৰণাৰে তৃতীয় লিংগৰ সৈতে বিবাহ সম্পন্নৰ অভিযোগ; গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.