ETV Bharat / bharat

আগন্তুক নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত CPIM দলৰ

গাঁও সমিতিৰ নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচনক লৈ ত্ৰিপুৰাত তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ (Tripura upcoming election)। চিপিআই(এম) দলেও কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে । বৈঠকত নিৰ্বাচন সম্পৰ্কে বিভিন্ন বিষয় আলোচনা কৰা হৈছে ।

author img

By

Published : Aug 27, 2022, 9:46 AM IST

CPIM
আগন্তুক নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত CPIM দলৰ

আগৰতলা,২৭ আগষ্ট : ত্ৰিপুৰাৰ আগন্তুক গাঁও সমিতিৰ নিৰ্বাচন (Tripura Village Committee election) আৰু ২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ (Tripura assembly election 2023) প্ৰতি লক্ষ্য ৰাখি ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত চিপিআই(এম) দল । বৃহস্পতিবাৰে মেলাৰমথত থকা দলটোৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Tripura CPIM state Committee meeting)। ৰাজ্যিক সমিতিৰ বৈঠকখনত আগন্তুক নিৰ্বাচনৰ লগত সংগতি ৰাখি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বৈঠকত চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, প্ৰাক্তন সাধাৰণ সম্পাদক তথা পলিটব্যুৰো প্ৰকাশ কাৰাট, বিৰোধী দলৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ, চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰী, বিৰোধী দলৰ উপনেতা বাদল চৌধুৰী, এআইকেএছৰ সচিব পবিত্ৰ কাৰ, জিএমপি নেতা অঘোৰে দেববৰ্মা, বাওঁ মৰ্চাৰ আহ্বায়ক নাৰায়ণ কাৰ আৰু আন আন বিধায়কসকল উপস্থিত থাকে ।

দলটোৰ সূত্ৰই জনোৱা মতে বৈঠকত চিপিআই(এম) নেতাসকলে মুখ্যতঃ নিৰ্বাচনৰ প্ৰতি গুৰুত্ব আৰোপ কৰে । আগন্তুক নিৰ্বাচনৰ লগত সংগতি ৰাখি দলৰ জ্যেষ্ঠ নেতাসকলে বহুতো ধাৰণা আৰু ৰণকৌশল সম্পৰ্কে আলোচনা কৰে (CPIM blueprint for upcoming elections in Tripura)। সূত্ৰটোৱে জনোৱা মতে ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতি শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে অনুকূল নহয় যাৰ বাবে কেইবাটাও ৰণনীতি প্ৰস্তুত কৰা হৈছে । বিজেপি শাসনলৈ অহাৰ পাছতে ৰাজ্যখনৰ পৰিস্থিতি যথেষ্ট পৰিৱৰ্তন হোৱা বিষয়টোও বৈঠকত আলোচনা কৰা হয় ।

দলৰ নেতাসকলে অভিযোগ কৰা মতে বিজেপিয়ে ৰাজ্যখনত সন্ত্ৰাসৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত চিপিআই(এম) দলে কেনেদৰে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক উপায়েৰে এনে বিষয়বোৰৰ মোকাবিলা কৰিব পাৰে সেই বিষয়েও বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱা হয় । এগৰাকী চিপিআই(এম) নেতাই জনোৱা মতে বৈঠকত কেন্দ্ৰীয় নেতাসকলে কয় যে তেওঁলোকে ৰাজ্যখনৰ পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰিব আৰু সেই অনুসৰি দলৰ বাকী সদস্যসকলক নিৰ্দেশনা দিব ।

লগতে পঢ়ক :নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে দঞি পল এক্সপ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.