ETV Bharat / bharat

CPIM files complaint against PM Modi : প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে আদৰ্শ আচৰণবিধি উলংঘাৰ অভিযোগ

author img

By

Published : May 31, 2022, 11:27 AM IST

ত্ৰিপুৰাত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত চিপিআইএমে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ(CPIM files complaint against PM Modi) উত্থাপন কৰিছে ৷

cpim-files-complaint-against-pm-modi-for-violating-mcc-in-poll-bound-tripura
প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে আদৰ্শ আচৰণবিধি উলংঘাৰ অভিযোগ

আগৰতলা, 31 মে’ : প্ৰধানমন্ত্ৰী মোডীয়ে মঙলবাৰে দেশৰ ভিন্ন ৰাজ্যৰ হিতাধিকাৰীসকলক সম্বোধন কৰিব ৷ ভাৰ্চুৱেলী অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত হিতাধিকাৰীসকলে লাভ কৰা বিভিন্ন আঁচনিৰ সা-সুবিধাৰ সন্দৰ্ভত বুজ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

পিছে মোডীৰ এই বৈঠকৰ পূৰ্বে ত্ৰিপুৰাৰ বিৰোধী দল চিপিআইএমে প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ(Complaint against PM Modi) উত্থাপন কৰিছে ৷ কিয়নো মোডীয়ে মঙলবাৰে এই বৈঠকত সাঙুৰি লৈছে ৰাজ্যখনৰ হিতাধিকাৰীসকলক ৷ বিশেষকৈ এমজিএনৰেগা আৰু উজ্জ্বলা যোজনা আঁচনিৰ সফল ৰূপায়ণৰ বাবে হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ কথা ৷

ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত কৰি বিৰোধী দলটোৱে অভিযোগ দাখিল কৰিছে মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত (CPIM files complaint against PM Modi) ৷ মুখ্য নিৰ্বাচনী বিষয়া কিৰণ গীতেলৈ লিখা এখন পত্ৰত চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে প্ৰকাশ কৰে যে, ত্ৰিপুৰাত এমজিএনৰেগা আৰু উজ্জ্বলা যোজনা আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত জনসাধাৰণৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল বাৰ্তালাপ ৩১ মে'ত অনুষ্ঠিত হ'ব ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে 8 গৰাকী জিলা দণ্ডাধীশ আৰু উপায়ুক্তক কাৰ্যসূচীৰ বিষয়ে বিস্তৃত প্ৰকাশ নকৰি বৰং ৰাজ্যৰ বিভিন্ন স্থানত পৰ্দাৰ জৰিয়তে প্ৰচাৰ কৰি জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

ৰাজ্যখনত আঁচনি দুখনৰ ৰূপায়ণ যি মাত্ৰাতে নহওক কিয়, ইয়াৰ বিফলতাসমূহ প্ৰচাৰ হ’ব নালাগে ৷ চৌধুৰীয়ে লগতে কৈছিল যে, ইতিমধ্যে ৰাজ্যখনৰ ৪ খন আসনত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন ঘোষণা কৰা হৈছে ৷ তাৰে পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ দুখন জিলা আৰু এখন জিলাৰ কিছু অংশত নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰা হৈছে ৷

আনহাতে, এই কাৰ্যসূচী আৰম্ভ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ইচ্ছাকৃতভাৱে এমচিচিৰ 'পাৰ্টী ইন পাৱাৰ' ৰ অধীনত সপ্তম ধাৰাৰ ৪ নং দফা উলংঘন কৰে, যিয়ে স্পষ্টভাৱে ক্ষমতাত থকা দলটোৰ সম্ভাৱনা কঢ়িয়াই নিয়াৰ লক্ষ্যৰে সফলতা সম্পৰ্কে প্ৰচাৰৰ বাবে চৰকাৰী গণ মাধ্যমৰ অপব্যৱহাৰৰ নিষিদ্ধ কৰে ।

চৌধুৰীয়ে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰি কয় যে- "যদি দেশৰ সৰ্বোচ্চ গণ্য-মান্য ব্যক্তিগৰাকীয়ে গণতান্ত্ৰিক প্ৰথাৰ নিম্নতম নিয়ম উলংঘা কৰে, তেন্তে দেশত তথাকথিত গণতন্ত্ৰৰ অৱশিষ্ট কি থাকিব"? সমান্তৰালকৈ মুখ্য নিৰ্বাচনী বিষয়াক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায় ৷

লগতে চাওক: Former Tripura Minister came under attack : দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.