ETV Bharat / bharat

মিৰাটত গ্ৰেপ্তাৰ গো-মাফিয়া আকবৰ বানজাৰা - Police operation against cow mafia

গো-মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ আৰক্ষীৰ অভিযান (Police operation against cow mafia) । কিন্তু আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল কুখ্যাত গো-মাফিয়া আকবৰ বানজাৰা । অৱশেষত আৰক্ষীৰ জালত গো- মাফিয়া আকবৰ ।

cow-smuggling-gang-leader-mafia-akbar-banjara-arrested-in-meerut
গো-মাফিয়া আকবৰ বানজাৰাক মিৰাটত গ্ৰেপ্তাৰ
author img

By

Published : Apr 15, 2022, 2:19 PM IST

নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: দেশত গৰুৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ বাবে তৎপৰ চৰকাৰ(Police operation against cow mafia) । কিন্তু একাংশ মাফিয়াই চলাই গৈছে গৰুৰ চোৰাং বেহা । ৰাষ্ট্ৰীয় চোৰাং চক্ৰক নেতৃত্ব দি আকবৰ বানজাৰাই চলাই আছিল গৰুৰ চোৰাং ব্যৱসায় । এই বানজাৰাৰ নেতৃত্বাধীন চোৰাং চক্ৰটোৰ বিৰুদ্ধে দেশৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল । অৱশেষত কুখ্যাত গো-মাফিয়া আকবৰ বানজাৰাক মিৰাটত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Notorious cow mafia Akbar Banjara arrested in Meerut) ।

আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰে বানজাৰাসহ চক্ৰটোৰ আন আন সদস্যসকলকো । উল্লেখ্য যে আকবৰৰ ওপৰত অসম আৰক্ষীয়ে ২ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল । আকবৰ আৰু চক্ৰটোৱে অসম, মেঘালয়,মিজোৰামকে ধৰি বাংলাদেশলৈ গৰুৰ চোৰাং ব্যৱসায় চলাই গৈছিল ।

প্ৰাপ্ত তথ্য অনুসৰি এই চক্ৰটোৱে গৰুৰ চোৰাং ব্যৱসায় কৰি কোটি কোটি টকাৰ সম্পত্তি গঢ়িছিল । অসম আৰক্ষীয়েও এই চক্ৰটোৰ সন্ধানত যুদ্ধংদেহী অভিযান অব্যাহত ৰাখিছিল । আকবৰ আৰু চক্ৰটোৰ সন্ধানত মিৰাটতো চলাইছিল অভিযান । অৱশেষত শুকুৰবাৰে মিৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চক্ৰটোক ।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য় অনুসৰি মাফিয়া বানজাৰাৰ লগতে ভায়েক আৰু দলটোৰ সদস্য ছলমান আৰু চামিমকো গ্ৰেপ্তাৰ কৰিছে । অভিযুক্ত আটাইকেইজন ফালাভাদা আৰক্ষী থানাৰ অন্তৰ্গত বনজাৰণ মহল্লাৰ বাসিন্দা বুলি জানিব পৰা গৈছে । মিৰাট আৰক্ষীয়ে গটাই দিয়ে অসম আৰক্ষীক । অসম আৰক্ষীয়ে বানজাৰাক বি-ৱাৰেণ্টত অসমলৈ লৈ আনে ।

লগতে পঢ়ক: অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ শুভেচ্ছা জনালে বিধায়ক ভুৱন গামে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.