নেচনেল ডেস্ক, 7 মে': দেশত ক্ৰমাৎ অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ অস্বাভাৱিক হাৰত বৃদ্ধি হ’বলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ দেশত অপৰ্যাপ্ত হৈ পৰিছে অক্সিজেন অথবা অত্যাৱশ্যকীয় ক’ভিড চিকিৎসাৰ সা-সৰঞ্জাম ৷ শুকুৰবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে এক টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে দেশত ক’ভিড-19 মহামাৰীৰ পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গৈ আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে নিজৰ দায়িত্ব মানি ল'বলৈ অস্বীকাৰ কৰি গণতান্ত্ৰিক নীতিক উপহাস কৰিছে বুলি তেওঁ উল্লেখ কৰে ৷ শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি, ভাৰতত প্ৰতিদিনে নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে 4,14,188 গৰাকীকৈ লোক ৷ দেশত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 2,14,91,598 লৈ বৃদ্ধি হৈছে ৷ বৰ্তমান দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখাই 36 লাখ অতিক্ৰম কৰিছে ৷
মহামাৰীৰ পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে ৷ ভেকচিনৰ যোগান যে অপৰ্যাপ্ত, এয়া এক তিক্ত সত্য; কিন্তু চৰকাৰে ইয়াক মানি লবলৈ অস্বীকাৰ কৰিছে ৷ তামিলনাডুত 45 ৰ ঊৰ্ধৰ সকলো লোকে এতিয়াও প্ৰথম পালি প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু অতি কম সংখ্যক লোকেহে ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিছে ৷ আনহাতে, ৰাজ্যখনত 18-45 বছৰৰ কোনো লোকে এই পৰ্যন্ত প্ৰতিষেধক লাভ কৰা নাই ৷ তামিলনাডুৰ লগতে দেশৰ আন আন ৰাজ্যবোৰতো একেই পৰিস্থিতি বুলি তেওঁ উল্লেখ কৰে ৷ এনে পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব মানি ল'বলৈ অস্বীকাৰ কৰি গণতান্ত্ৰিক নীতিক উপহাস কৰিছে বুলি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰিছে ৷
লগতে পঢ়ক : বকোত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন লোক