ETV Bharat / bharat

কেৰালাত ক'ভিড-১৯ জগৰাথা প'ৰ্টেলত ভ্ৰমণকাৰীৰ পঞ্জীয়ন বাধ্যতামূলক - ক'ভিড ১৯

ক'ভিড-১৯ জগৰাথা প'ৰ্টেলত ভ্ৰমণকাৰীৰ পঞ্জীয়ন বাধ্যতামূলক কৰিছে কেৰালা চৰকাৰে । ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অতিমাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰে এই পদক্ষেপ হাতত লৈছে ।

কেৰালাত ক'ভিড যোগাৰ্থ প'ৰ্টেলত ভ্ৰমণকাৰীৰ পঞ্জীয়ন বাধ্যতামূলক

author img

By

Published : Apr 17, 2021, 5:32 PM IST

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: আন ৰাজ্যৰ পৰা কেৰালালৈ অহা লোকসকলৰ বাবে ক'ভিড-১৯ জগৰাথা প'ৰ্টেলত ভ্ৰমণকাৰীৰ পঞ্জীয়ন বাধ্যতামূলক কৰিছে কেৰালা চৰকাৰে । কৰ'ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থাৰ অংশ হিচাপে কেৰালা চৰকাৰে পঞ্জীয়ন বাধ্যতামূলক কৰাৰ ব্যৱস্থা হাতত লৈছে ৷

এই ব্যৱস্থা অনুসৰি, https// covid19jagratha.kerala.nic.in ৱেবছাইটত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত ৱেবচাইটত নাগৰিক বিকল্প (Citizen Option) বাছনি কৰিলে দেখা পোৱা দৰ্শনাৰ্থী প্ৰৱেশ (domestic entry option) ত গৈ ঘৰুৱা প্ৰৱেশ বাছনি কৰিব লাগিব ৷ ইয়াৰ পাছত ক'ভিড-১৯ জগৰাথা প'ৰ্টেলত নতুন পঞ্জীয়নত ক্লিক কৰি ম'বাইল নম্বৰ দি অ'টিপি প্ৰমাণিত কৰিব লাগিব ।

প্ৰমাণীকৰণৰ পাছত, নাম, জন্ম তাৰিখ আৰু পৰিচয় নম্বৰসহ প্ৰয়োজনীয় তথ্য দাখিল কৰিলে পঞ্জীয়ন সম্পূৰ্ণ হ'ব । পঞ্জীয়নৰ বাবে প্ৰদান কৰা ম'বাইল নম্বৰলৈ বাৰ্তা হিচাপে পঞ্জীয়নৰ তথ্য প্ৰেৰণ কৰা হ'ব ।

লগতে পঢ়ক:দেশৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কংগ্ৰেছৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.