ETV Bharat / bharat

তেলেংগনা চৰকাৰলৈ অক্সিজেন কনচেনট্ৰেটৰ দান উদ্যোগপতি ফেডাৰেচনৰ - কে টি ৰামা ৰাও

তেলেংগানা উদ্যোগপতি ফেডাৰেশ্যনে (টিআইএফ) মন্ত্ৰী কে টি ৰামা ৰাওৰ হাতত ৪০ টাকৈ অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰে। গ্ৰাম্যাঞ্চলৰ ক’ভিড আক্ৰান্ত ৰোগীসকলৰ বাবে অক্সিজেন কনচেণট্ৰেটৰ সমূহ ব্যৱহাৰ কৰিবলৈ মন্ত্ৰী গৰাকীক টিআইএফে আহ্বান জনাইছে ৷

covid-19-telangana-industrialists-federation-donates-40-oxygen-concentrators-to-state-govt
তেলেংগনা চৰকাৰলৈ ৰাজ্যখনৰ উদ্যোগপতি সকলে আগবঢ়ালে অক্সিজেন কনচেনট্ৰেটৰ
author img

By

Published : May 18, 2021, 10:08 PM IST

নেছনেল ডেস্ক, 18 মে’: ক’ভিড-১৯ ৰ দ্বিতীয়টো ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ তেলেংগানা চৰকাৰক সমৰ্থন কৰাৰ উদ্দেশ্যেৰে তেলেংগানাৰ উদ্যোগপতি ফেডাৰেচনে (টিআইএফ) মঙলবাৰে পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ন মন্ত্ৰী কে টি ৰামা ৰাওৰ হাতত ৪০ টাকৈ অক্সিজেন কনচেনট্ৰেতৰ প্ৰদান কৰে ।

এক চৰকাৰী বিবৃতি অনুসৰি, টিআইএফে এই অক্সিজেন কনচেণ্ট্ৰেটৰ সমূহ বহিঃৰাষ্ট্ৰৰ পৰা আমদানি কৰি অনাৰ লগতে ক’ভিডৰ বিৰুদ্ধে চলি থকা যুঁজখনত চৰকাৰক সমৰ্থন কৰিবলৈ পুঁজিও সংগ্ৰহ কৰিছিল ৷

উল্লেখযোগ্য যে, টিআইএফে গ্ৰাম্যাঞ্চলৰ ক’ভিড আক্ৰান্ত ৰোগীসকলৰ বাবে অক্সিজেন কনচেণট্ৰেটৰ ব্যৱহাৰ কৰিবলৈ মন্ত্ৰী গৰাকীক অনুৰোধ জনাইছে । কে টি ৰামা ৰাওৱে ক’ভিডৰ বিৰুদ্ধে যুঁজত ৰাজ্যখনক সহায় কৰাৰ প্ৰচেষ্টাৰ বাবে টিআইএফক ভূয়সী প্ৰশংসা কৰি কয় যে, উদ্যোগপতি সকলেই মহামাৰীৰ মাজত মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগিব ।

ইফালে, মঙলবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে আৰু ৰাজ্যখনৰ ক’ভিড আক্ৰান্ত ৰোগীসকলৰ বাবে প্ৰয়োজনীয় ৩২৪ মেট্ৰিক টন অক্সিজেন উৎপাদনৰ বাবে চৰকাৰী চিকিৎসালয়ত ৪৮ টা অক্সিজেন উৎপাদন কাৰখানা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী তথ্য অনুসৰি, তেলেংগানাত 49,341 জন লোক বৰ্তমানেও আক্ৰান্ত হৈ আছে ক’ভিডত । মহামাৰী আৰম্ভ হোৱাৰে পৰা ৰাজ্যখনত 4,80,458 গৰাকী লোক ক’ভিত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে আৰু 2,985 গৰাকীকৈ লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৷

লগতে পঢ়ক : ক'ভিডৰ দ্বিতীয় ষ্ট্ৰেইন: শিশু সকলক কিদৰে সংক্ৰমন কৰিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.