ETV Bharat / bharat

মাতৃৰ উদাহৰণ দি দেশবাসীক প্ৰতিষেধক গ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ - ক’ভিড-19 ভেকছিন

নিজৰ বয়সীয়া মাতৃৰ উদাহৰণ দি দেশবাসীক ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ দেওবাৰে সম্প্ৰচাৰ হোৱা মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কী বাত'(Mann Ki Baat)ৰ জৰিয়তে এই আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

COVID-19: PM Modi cites example of nonagenarian mother, urges people to get vaccinated
"মই নিজেই ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰিছো" মোডী
author img

By

Published : Jul 25, 2021, 9:37 PM IST

নেশ্যনেল ডেস্ক, 25 জুলাই : বয়সীয়া মাতৃৰ লগতে নিজৰো উদাহৰণ দি দেশবাসীক ক'ভিড-19ৰ প্ৰতিষেধক গ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ দেওবাৰে অনুষ্ঠিত মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কী বাত'(Mann Ki Baat)ৰ জৰিয়তে দেশবাসীক এই আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ক'ভিড প্ৰতিষেধক গ্ৰহণক লৈ একাংশ মানুহৰ মাজত এতিয়াও দ্বিধা তথা শংকাই বিৰাজ কৰা দিশটোৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ আৰু তেওঁৰ মাতৃ হীৰাবেন মোডীয়ে এই ভাইৰাছৰ বিৰুদ্ধে সম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰিছে ৷

নিজৰ লগতে মাতৃয়ে প্ৰতিষেধক গ্ৰহণ কৰাৰ উদাহৰণ দি টিকাকৰণ পৰিহাৰ কৰাটো 'বিপদজনক' বুলি প্ৰমাণিত হ'ব পাৰে বুলি মোডীয়ে মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয়, "মই নিজেই ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰিছো ৷ মোৰ মাৰ বয়স এশৰ ওচৰত ৷ তেওঁ নিজেও দুয়োটা পালি গ্ৰহণ কৰিছো। কেতিয়াবা, কিছুমান লোকৰ জ্বৰ হয় কিন্তু ই অতি সামান্য, মাত্ৰ কেইঘণ্টামানৰ বাবে কিছু অসুবিধা হোৱাটো সাধাৰণ কথা ।

উৎসৱৰ সময়ত ৰাইজক সকলো ক’ভিড-19 প্ৰট’কল অনুসৰণ কৰিবলৈও প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । উৰাবাতৰিৰ ওপৰত ভিত্তি কৰি ভেকচিন গ্ৰহণ কৰিবলৈ সংকোচ কৰা বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে, ভাৰতে এদিনতে নিযুত লোকক টিকাকৰণ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে । তেওঁ লগতে কয় যে, উৎসৱ আৰু আনন্দৰ সময়ত, কৰ'ণা এতিয়াও আমাৰ মাজৰ পৰা যোৱা নাই সেই কথা মনত ৰখা উচিত । ক’ভিড-19 সম্পৰ্কীয় প্ৰট’কল পাহৰিব নালাগে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

উল্লেখ্য যে, সমগ্ৰ দেশতে বৰ্তমানেও ক'ভিড-19(COVID-19) মহামাৰীৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ অব্যাহত আছে যদিও তুলনামূলকভাৱে হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা । বিগত 24 ঘণ্টাত ভাৰতত 39,742 গৰাকী লোক নতুনকৈ ক'ভিড-19 মহামাৰীত আক্ৰান্ত হয় । দেওবাৰে দেশত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যাই 4,08,212 স্পৰ্শ কৰাৰ পৰিৱৰ্তে মৃত্যাুৰ সংখ্যা হৈছেগৈ 4,20,551। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, শনিবাৰৰ দিনটোত 39,972 গৰাকী ৰোগী আৰোগ্য হৈ উঠিছে ৷

লগতে পঢ়ক:দেশৰ অৰ্থনীতি সন্দৰ্ভত ড০ মনমোহন সিঙৰ মন্তব্যক সমালোচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.