ETV Bharat / bharat

COVID-19 : দেশৰ শেহতীয়া তথ্য - ক’ভিড ভেকচিন

ভাৰতত পুনৰ বৃদ্ধি পাবলৈ লৈছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ বিগত 24 ঘণ্টাত ভাৰতত পুনৰ ৩০,২৫৬ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ২৯৫ গৰাকীৰ ৷

COVID-19: India logs 30K fresh cases; 295 deaths
COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?
author img

By

Published : Sep 20, 2021, 1:03 PM IST

নেশ্যনেল ডেস্ক, 20 ছেপ্তেম্বৰ : ভাৰতত কৰ’ণাৰ ভয়াবহতা হ্ৰাস পালেও অব্যাহত আছে সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বিগত ২৪ ঘণ্টাত ৩০,২৫৬ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২৯৫ গৰাকীৰ ।

আনহাতে আৰোগ্য লাভ কৰে প্ৰায় 43,938 গৰাকীয়ে । ইয়াৰ লগতে ভাৰতত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 3,18,181 গৰাকীলৈ আৰু মৃত্যু হৈছে 4,45,133 গৰাকীৰ । কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰিছে 3,27,15,105 গৰাকীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ১৯ ছেপ্তেম্বৰলৈকে ৫৫,৩৬,২১,৭৬৬ টা ক’ভিডৰ নমুনা পৰীক্ষণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত দেওবাৰে ১১,৭৭,৬০৭ টা নমুনা পৰীক্ষা কৰা হৈছিল । মন্ত্ৰালয়ৰ মতে, এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক 79.58 কোটিতকৈও অধিক ভেকচিন প্ৰদান কৰাৰ লগতে 15 লাখতকৈও অধিক পালি প্ৰেৰণ কৰিবলৈ সাজু কৰা হৈছে । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়াও 5.43 কোটিৰো অধিক ভেকচিনৰ পালি উপলব্ধ হৈ আছে ৷

আনহাতে বিগত 24 ঘণ্টাত দেশত মুঠ 37,78,296 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগতে ভাৰতত ক’ভিড ভেকচিন প্ৰদান কৰা লোকৰ সংখ্যা 80,85,68,144 গৰাকীলৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : দেশত পুনৰ কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি : এদিনতে 30,773 জন নতুনকৈ আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.