ETV Bharat / bharat

তেলেংগানাত অস্থায়ীভাৱে 50 হাজাৰ চিকিৎসকক নিযুক্তি

author img

By

Published : May 10, 2021, 3:15 PM IST

মহামাৰী কৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো চেষ্টা চলাই অহাৰ সময়তে তেলেংগানা চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে অস্থায়ী ভিত্তিত ৫০ হাজাৰৰো অধিক চিকিৎসক, চিকিৎসা কৰ্মীক নিয়োগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

talangana
মহামাৰী কৰ’ণাক ৰোধ কৰাৰ উদ্দেশ্যে তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা

নেশ্যনেল ডেস্ক,১০ মে': সমগ্ৰ দেশ মহামাৰীৰ কৰ’ণাৰ গ্ৰাসত । মহামাৰীবিধক প্ৰতিহত কৰিবলৈ সকলোৱে যৎপৰোনাস্তিৰে চেষ্টা অব্যাহত ৰাখিছে । চৰকাৰ তথা প্ৰশাসনে দিন-ৰাতি একাকাৰ কৰি মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো চেষ্টা চলাই অহাৰ সময়তে তেলেংগানা চৰকাৰেও গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । ৰাজ্যখনত অস্থায়ী ভিত্তিত ৫০ হাজাৰৰো অধিক চিকিৎসক, চিকিৎসা কৰ্মীক নিয়োগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে । যিসকল চিকিৎসকে এমবিবিএছ সম্পূৰ্ণ কৰিছে তেওঁলোকক অস্থায়ী ভিত্তিত নিযুক্তি দিয়া হ'ব বুলি নিৰ্দেশনা জাৰি কৰা হৈছে । মহামাৰীবিধক প্ৰতিহত কৰিবলৈ নাৰ্চকে আদি কৰি অন্যান্য পেৰামেডিকেল কৰ্মচাৰীকো নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰখনে ।

ইয়াৰোপৰি, এই সংকটকালত দিনে-নিশাই নিজৰ সেৱা সূচাৰুৰূপে পালন কৰাৰ হেতুকে ৫০ হাজাৰৰো চিকিৎসা কৰ্মীক উচিত প্ৰাপ্য প্ৰদান কৰিব ৰাজ্য চৰকাৰখনে । এই জটিল সন্ধিক্ষণত পীড়িত লোকসকলৰ লগতে সকলো চিকিৎসা কৰ্মীকে সেৱা আগবঢ়াবলৈ যুৱ চিকিৎসকসকলক মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে আহ্বান জনায় ।

মহামাৰীবিধক প্ৰতিহত কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনৰ সৈতে কথা পাতিছিল । লগতে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ বিষয়ে হৰ্ষবৰ্ধনক অৱগত কৰিছিল । হৰ্ষবৰ্ধনেও তেওঁৰ এই সিদ্ধান্তক পূৰ্ণ সমৰ্থন জনায় । তদুপৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ সিদ্ধান্তক সমৰ্থন জনাই ধন্যবাদ জ্ঞাপন কৰে ।

ইফালে,ৰাজ্যখনত ৰেমডেচিভিৰ বেজী যোগান ধৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰক আহ্বান জনায় । ৰাওৰ এই আহ্বানক মোডীয়েও সঁহাৰি জনায় । আনহাতে, ৰাজ্যখনত দেশজুৰি অব্যাহত থকা টীকাকৰণ প্ৰদান অভিযানত প্ৰথমে কেব, অটো চালক, বাছ কণ্ডাক্টৰ আৰু ৰন্ধন গেছ চিলিণ্ডাৰ যোগান ধৰাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব ।

ৰাজ্যখনৰ শেহতীয়া ক’ভিড পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত হোৱা এক উচ্চ পৰ্যায়ৰ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসক, চিকিৎসা কৰ্মীসকলক অস্থায়ী ভিত্তিত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে । এই বৈঠকত বিষয়াসকলে ৰাজ্যখনত চৰকাৰী চিকিৎসালয়ত ৭,৩৯৩ খন বিচনা, ২,৪৭০ খন অক্সিজেন আৰু ৬০০ খন ভেণ্টিলেটৰযুক্ত বিচনা উপলব্ধ আছে বুলি কয় ।

এই বৈঠকৰ অন্তত ৰাওৱে ঘোষণা কৰিছিল যে ৰাজ্যখনৰ সকলো ৰেচন কাৰ্ড থকাসকলৰ বাবে প্ৰতিমাহে ৫ কিল’গ্ৰামকৈ চাউল বিনামূলীয়াকৈ বিতৰণ কৰিব । লগতে ৰাজ্যখনৰ ৮০,০০০ অতিৰিক্ত ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকসকলে বিদ্যালয়সমূহ নোখোলা পৰ্যন্ত প্ৰতিমাহে ২০০০ টকাকৈ আৰ্থিক সাহায্য আৰু ২৫ কিল’গ্ৰাম চাউল লাভ কৰিব বুলি ঘোষণা কৰে ।

লগতে পঢ়ক: দিল্লীৰ সৰোজ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.