ETV Bharat / bharat

বায়ুসেনাৰ বিমানেৰে ভাৰতলৈ প্ৰেৰণ জাৰ্মানীৰ ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ

author img

By

Published : May 3, 2021, 12:47 PM IST

জাৰ্মানী, UKৰ পৰা ভাৰতীয় বায়ু সেনা বাহিনীয়ে ক্ৰায়'জেনিক অক্সিজেনৰ চাৰিটা কণ্টেইনাৰ বিমানযোগে দিল্লীৰ ওচৰৰ হিন্দন আৰু তামিলনাডুৰ চেন্নাই এয়াৰবেচলৈ আনে । UKৰ ব্ৰিজ নৰ্টনৰ পৰা বায়ু সেনাৰ চি-১৭ বিমানেৰে ৪৫০ টা অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই লৈ আনে ।

Indian Air Force airlifts cryogenic oxygen containers from Germany, UK
বায়ুসেনাৰ বিমানেৰে ভাৰতলৈ প্ৰেৰণ জাৰ্মানীৰ ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ

নেশ্যনেল ডেস্ক, ৩ মে': জাৰ্মানী, UKৰ পৰা ভাৰতীয় বায়ু সেনা বাহিনীয়ে ক্ৰায়'জেনিক অক্সিজেনৰ চাৰিটা কণ্টেইনাৰ বিমানযোগে দিল্লীৰ হিন্দন আৰু তামিলনাডুৰ চেন্নাই এয়াৰবেচলৈ আনে । দেওবাৰে এক চৰকাৰী বিবৃতিত প্ৰকাশ কৰা মতে, ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানেৰে জাৰ্মানী, UKৰ পৰা ভাৰতীয় বায়ু সেনা বাহিনীয়ে ক্ৰায়'জেনিক অক্সিজেনৰ চাৰিটা কণ্টেইনাৰ প্ৰেৰণ কৰা হৈছে । UKৰ ব্ৰিজ নৰ্টনৰ পৰা বায়ু সেনাৰ চি-১৭ বিমানেৰে ৪৫০ টা অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই লৈ আনে ।

বায়ু সেনাৰ চি-১৭ বিমানেৰে চণ্ডিগড়ৰ পৰা ভূৱনেশ্বৰলৈ দুটা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ, যোধপুৰৰ পৰা জামনগৰলৈ দুটা, হিন্দনৰ পৰা ৰাঁচীলৈ দুটা, ইন্দোৰৰ পৰা জামনগৰলৈ দুটা আৰু হিন্দনৰ পৰা ভুৱনেশ্বৰলৈ দুটা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ বিমানেৰে প্ৰেৰণ কৰে বুলি বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে । চি-১৭ বিমানখনে ছিংগাপুৰৰ পৰা আৰু অধিক অক্সিজেন কঢ়িয়াই আনিবলৈ প্ৰস্তুতি চলাইছে বুলি গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।

বায়ু সেনাৰ চি-১৭ বিমানে ছিংগাপুৰৰ পৰা বহু পৰিমাণৰ খালী অক্সিজেন পাত্ৰ বিমানেৰে উৰা মাৰিবলৈ সাজু হৈছে । বৰ্তমান সমগ্ৰ ভাৰতে কৰ'ণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজি আছে । কেইবাখনো ৰাজ্যৰ চিকিৎসালয়ত ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসা অক্সিজেন আৰু বিচনাৰ অভাৱ হোৱা দেখা গৈছে বুলি গৃহ মন্ত্ৰালয়ে টুইট কৰে ।

উল্লেখ্য যে, ভাৰতীয় বায়ু সেনাই ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা চিকিৎসা অক্সিজেনৰ বিতৰণ ত্বৰান্বিত কৰিবলৈ দেশৰ বিভিন্ন ফিলিং ষ্টেচনলৈ খালী অক্সিজেন টেংকাৰ আৰু কণ্টেইনাৰবোৰ বিমানেৰে কঢ়িয়াই নি সহায় আগবঢ়াইছে ।

লগতে পঢ়ক: ত্ৰিপুৰাত 'অক্সিজেন উদ্যান' নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.