ETV Bharat / bharat

Covaxin প্ৰস্তুতকাৰী ভাৰত বায়'টেকৰ দুগৰাকী পৰিচালন সঞ্চালকলৈ পদ্মভূষণ বঁটা - Bharat Biotech MD D Krishna Ella

ক'ভাক্সিনৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰত বায়'টেকৰ দুগৰাকী পৰিচালন সঞ্চালকক পদ্মভূষণ বঁটা প্ৰদান (Padma Bhushan Award to MD of Bharat Biotech)। পৰিচালন সঞ্চালক (MD) ডি কৃষ্ণ এলা আৰু যুটীয়া পৰিচালন সঞ্চালক সুচিত্ৰা এলাক প্ৰদান কৰা হয় এই বঁটা । সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰে এই সন্মান । এইবাৰ পদ্ম বঁটা লাভ কৰা ব্যক্তিৰ সংখ্যা মুঠ ১২৮ গৰাকী ।

Bharat Biotech MD
ভাৰক বায়'টেকৰ দুগৰাকী পৰিচালন সঞ্চালকলৈ পদ্মভূষণ বঁটা
author img

By

Published : Mar 29, 2022, 12:30 PM IST

Updated : Mar 29, 2022, 2:25 PM IST

নেশ্যনেল ডেস্ক,২৯ মাৰ্চ : ক'ভিডৰ প্ৰতিষেধক ক'ভাক্সিনৰ নিৰ্মাতা ভাৰত বায়'টেকৰ (Covaxin maker Bharat Biotech) পৰিচালন সঞ্চালক (MD) ডি কৃষ্ণ এলা আৰু যুটীয়া পৰিচালন সঞ্চালক সুচিত্ৰা এলাক প্ৰদান কৰা হয় পদ্মভূষণ বঁটা (Padma Bhushan Award to MD of Bharat Biotech)। ক'ভিডৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিষ্ঠানে আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰে এই সন্মান ।

উল্লেখ্য যে, দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে প্ৰতিবছৰে পদ্ম বঁটা প্ৰদান কৰা হয় (Highest civilian award of Inida)। বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে । প্ৰতি বছৰে গণতন্ত্ৰ দিৱসত এই বঁটাসমূহ ঘোষণা কৰা হয় । সাধাৰণতে প্ৰতি বছৰে মাৰ্চ বা এপ্ৰিল মাহত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বিশেষ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হয় ।

এই বছৰ ৰাষ্ট্ৰপতিয়ে ১২৮ টা পদ্ম বঁটা প্ৰদান কৰে । সোমবাৰে এই বঁটা প্ৰদান অনুষ্ঠান সমাপ্ত হয় । অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত থাকে ।

অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে বঁটা প্ৰাপকসকলে গ্ৰুপ ফটো তোলা দেখা গৈছে । প্ৰধানমন্ত্ৰী মোডীয়ে এই ফটোসমূহ টুইটাৰত শ্বেয়াৰ কৰি কয় যে অনুষ্ঠানত বঁটা বিজয়ীসকলৰ ভিতৰত আছিল পদ্ম বিভূষণ প্ৰাপক ড৹ প্ৰভা আত্ৰে আৰু কল্যাণ সিং (মৰণোত্তৰ), পদ্মভূষণ প্ৰাপ্ত ভিক্টৰ বেনাৰ্জী, সঞ্জয় ৰাজাৰাম (মৰণোত্তৰ), প্ৰতিভা ৰায় আৰু আচাৰ্য বশিষ্ঠ ত্ৰিপাঠী ৷ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত সমাৰোহৰ দ্বিতীয় অংশত দুটা পদ্ম বিভূষণ, 9 টা পদ্মভূষণ আৰু ৫৪ টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে ।

এই বছৰৰ পদ্ম বঁটা তালিকাত চাৰিটা পদ্ম বিভূষণ, ১৭ টা পদ্মভূষণ আৰু ১০৭ টা পদ্মশ্ৰী বঁটা অন্তৰ্ভুক্ত কৰা হৈছিল । বঁটা প্ৰাপকসকলৰ ভিতৰত ৩৪ গৰাকী মহিলা আৰু তালিকাখনত বিদেশী/এনআৰআই/পিআইঅ'/অচিআই শ্ৰেণীৰ ১০ গৰাকী ব্যক্তিও আছে আৰু মৰণোত্তৰভাৱে ১৩ গৰাকী ব্যক্তিক বঁটা প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক :পদ্মশ্ৰী সন্মানেৰে বিভূষিত হ’ল মাজুলীৰ গোপীৰাম বৰ গায়ন

Last Updated : Mar 29, 2022, 2:25 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.