ETV Bharat / bharat

শ্বাহী ঈদগাহ মছজিদ স্থানান্তৰকৰণ গোচৰৰ শুনানিৰ দিন 15 জানুৱাৰীত ধাৰ্য

15 জানুৱাৰীত গ্ৰহণ কৰা হ'ব শ্বাহী ঈদগাহ মছজিদ স্থানান্তৰকৰণ গোচৰৰ শুনানি ৷

শুনানিৰ দিন 15 জানুৱাৰীত ধাৰ্য
শ্বাহী ঈদগাহ মছজিদ স্থানান্তৰকৰণ গোচৰ
author img

By

Published : Jan 5, 2021, 8:04 AM IST

নেশ্যনেল ডেস্ক, 5 জানুৱাৰী : কৃষ্ণ জন্মভূমি মন্দিৰৰ কাষত অৱস্থিত শ্বাহী ঈদগাহ মছজিদ স্থানান্তৰিত কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব মথুৰাৰ এখন আদালতে ৷ হিন্দু আৰ্মী নামৰ এক সংগঠনৰ আবেদনৰ ভিত্তিত 15 জানুৱাৰীত এই শুনানি গ্ৰহণ কৰা হ'ব ৷

এই ঘটনা সম্পৰ্কত এয়া তৃতীয়টো আবেদন ৷ ইয়াৰ পূৰ্বৰ গোচৰ দুবাৰকৈ আবেদন কৰিছিল অধিবক্তা হৰি শংকৰ জৈন আৰু অন্যান্য; আৰু লক্ষ্নৌৰ বাসিন্দা মনিষ যাদৱে ৷ দুয়োখন আবেদন দাখিল কৰা হৈছিল নাগৰিক ন্যায়াধীশ(জ্যেষ্ঠ সংমণ্ডল) নেহা ভাদুৰিয়াৰ আদালতত ৷

নেহা ভাদুৰিয়াৰ আদালতত দাখিল কৰা এই আবেদনৰ শুনানি অহা 15 জানুৱাৰীত হ'ব বুলি মন্তব্য কৰিছে অধিবক্তা শৈলেন্দ্ৰ সিঙে ৷

পূৰ্বে এই শুনানি 22 ডিচেম্বৰত হোৱাৰ কথা ঘোষণা কৰা হৈছিল ৷ কিন্তু মথুৰা বাৰ এচ'চিয়েছনৰ এগৰাকী সদস্যৰ মৃত্যুৰ বাবে এই শুনানি গ্ৰহণ কৰা নহয় ৷ ইয়াৰ পাচতে 4 জানুৱাৰীত এই গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছিল ৷

লগতে পঢ়ক : আজি কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.