ETV Bharat / bharat

Indian driving licence: ভাৰতীয় ড্ৰাইভিং লাইচেন্স থাকিলে পৃথিৱীৰ কোন কেইখন দেশত গাড়ী চলাব পাৰিব আপুনি ? - Indian driving licence allowed in Bhutan

সকলোৰে সপোন থাকে অন্ততঃ এবাৰ বিদেশলৈ যাত্ৰা কৰাৰ ৷ তাত উপস্থিত হোৱাৰ পিছত যদি আমি বাহন ভাড়া কৰি ঠাইসমূহ চাবলৈ যাওঁ তেন্তে সেয়া এক স্মৰণীয় অভিজ্ঞতা হ’ব । কিন্তু, সেই দেশবোৰত তেওঁলোকে ভাৰতীয় ড্ৰাইভিং লাইচেন্সৰ অনুমতি দিবনে এই প্ৰশ্নটো আমাৰ মনত উদয় হয় । হয়, কিছুমান ৰাষ্ট্ৰই আমাৰ ড্ৰাইভিং লাইচেন্স লৈ তেওঁলোকৰ ৰাস্তাত গাড়ী চলাবলৈ অনুমতি দিয়ে । সেই দেশবোৰ চাওঁ আহক, যিবোৰে আমাৰ ড্ৰাইভিং লাইচেন্সৰ অনুমতি দিয়ে ।

Indian driving licence in foreign countries
Indian driving licence
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 9:19 PM IST

নিউজ ডেস্ক, 13 নৱেম্বৰ: বিদেশ ভ্ৰমণ সকলোৰে বাবে এক স্মৰণীয় অভিজ্ঞতা । নতুন নতুন ঠাইৰ সৌন্দৰ্য্য উপভোগ কৰা, সংস্কৃতিৰ অংশ হোৱাটো জীৱনৰ এক অবিস্মৰণীয় অভিজ্ঞতা । কিন্তু আন দেশলৈ যাওঁতে তাত থকা দৃশ্যবোৰ চাবলৈ স্থানীয় ভ্ৰমণৰ সুবিধা গ্ৰহণ কৰিবলগীয়া হয় । কিন্তু, যদি আমি গাড়ী ভাড়া কৰি নিজেই চলাওঁ, তেন্তে সেয়া এক বেলেগ অভিজ্ঞতা । কিন্তু তেনে কৰিবলৈ উপযুক্ত ড্ৰাইভিং লাইচেন্স থাকিব লাগিব ? অৱশ্যে কিছুমান নিৰ্দিষ্ট দেশত আমাৰ ভাৰতীয় ড্ৰাইভিং লাইচেন্সো বৈধ । 'আমাৰ ড্ৰাইভিং লাইচেন্স'ৰ অনুমতি দিয়া সেই দেশবোৰৰ বিষয়ে চকু ফুৰাওঁ আহক...

আমেৰিকা যুক্তৰাষ্ট্ৰ

আমেৰিকাৰ বেছিভাগ প্ৰদেশতে ভাৰতীয় ড্ৰাইভিং লাইচেন্স থকা ব্যক্তিয়ে গাড়ী ভাড়া কৰি গাড়ী চলাব পাৰে । অৱশ্যে অনুজ্ঞাপত্ৰৰ সবিশেষ ইংৰাজীত হ’ব লাগিব । লগতে আমাৰ দেশত বৈধ হ’ব লাগিব । অনুজ্ঞাপত্ৰৰ লগতে আপুনি আমেৰিকাত প্ৰৱেশ কৰাৰ সময়ত অন্যান্য তথ্যৰ সৈতে I-94 ফৰ্মখনো লৈ যাব লাগে । এই সকলোবোৰ যদি শুদ্ধ হয় তেন্তে আমি আমাৰ অনুজ্ঞাপত্ৰ লৈ এবছৰৰ বাবে আমেৰিকাত গাড়ী চলাব পাৰিম ।

জাৰ্মানী

আমাৰ ভাৰতীয় অনুজ্ঞাপত্ৰ জাৰ্মানীত ছমাহৰ বাবে বৈধ । তদুপৰি কাৰ্ডত থকা সবিশেষ জাৰ্মান ভাষালৈ অনুবাদ কৰিব লাগে । অৱশ্যে এইটো বাধ্যতামূলক নহয় ।

অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়াৰ কিছুমান ঠাইত ভাৰতীয় ড্ৰাইভিং লাইচেন্সৰ অনুমতি আছে । নিউ চাউথ ৱেলছ, কুইন্সলেণ্ড আৰু চাউথ অষ্ট্ৰেলিয়া আদি অঞ্চলত ভাৰতীয় অনুজ্ঞাপত্ৰ তিনিমাহৰ বাবে বৈধ । ৰাজধানী অঞ্চল আৰু উত্তৰ অঞ্চলকে ধৰি কিছুমান অঞ্চলত এই সময়সীমা এবছৰ পৰ্যন্ত থাকে । অৱশ্যে ইয়াৰ সবিশেষ ইংৰাজীত হ’ব লাগে, নহ’লে সেইবোৰ অনুবাদ কৰি ল’ব পাৰি ।

গ্ৰেট ব্ৰিটেইন

ভাৰতীয় ড্ৰাইভিং লাইচেন্স ব্ৰিটেইনত এবছৰৰ বাবে বৈধ । কিন্তু স্থানীয় চৰকাৰে কেৱল কিছুমান বিশেষ ধৰণৰ গাড়ী আৰু বিশেষ শ্ৰেণীৰ বাহন চলাবলৈ দিবলৈ সন্মত হয় ।

কানাডা

কানাডাত ভাৰতীয় ড্ৰাইভিং লাইচেন্স থকা লোকক বাহন চলোৱাৰ অনুমতি ৬০ দিনৰ বাবে দিয়া হয় । কাৰ্ডত সবিশেষ ইংৰাজীত থাকিব লাগে । তেওঁলোকে কেতিয়া দেশত প্ৰৱেশ কৰিছিল সেইটো দেখুওৱা নথি-পত্ৰ লগত নিব লাগিব ।

নিউজীলেণ্ড

এজন লোকে এবছৰৰ বাবে ভাৰতীয় ড্ৰাইভিং লাইচেন্স লৈ নিউজীলেণ্ডত বাহন চলাব পাৰে । এই সময়সীমাৰ পিছত স্থানীয় অনুজ্ঞাপত্ৰ বা আন্তঃৰাষ্ট্ৰীয় অনুমতি পত্ৰ ল’ব লাগে । বয়স কমেও ২১ বছৰ হ’ব লাগিব । সবিশেষ ইংৰাজীত হ’ব লাগে । অথবা নিউজীলেণ্ড পৰিবহণ সংস্থাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি ল’ব পাৰে ।

ভূটান

ভূটানৰ সৈতে ভাৰতৰ অতি আন্তৰিক সম্পৰ্ক আছে । এই পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে সেই দেশখনে ভাৰতীয়ক ড্ৰাইভিং লাইচেন্স লৈ বাহন চলাবলৈ অনুমতি দিয়ে । পাছপ’ৰ্ট আৰু ভোটাৰ আইডিৰ দৰে নথি-পত্ৰ লৈ যাব লাগে । অৱশ্যে ভূটানত গাড়ী চলাবলৈ বহু অভিজ্ঞতাৰ প্ৰয়োজন ।

এইবোৰৰ বাহিৰেও ফ্ৰান্স, মালয়েছিয়া, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, ছুইডেন আৰু ছুইজাৰলেণ্ডতো ভাৰতীয় ড্ৰাইভিং লাইচেন্সৰ অনুমতি দিয়া হৈছে । অৱশ্যে কোনো ধৰণৰ জটিলতাৰ পৰা হাত সাৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং পাৰ্মিট থকাটো ভাল বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে । লগতে ভিছা, পাছপ’ৰ্ট আদি নথি-পত্ৰ সদায় লগত ৰখাই ভাল । তদুপৰি বিদেশ ভ্ৰমণৰ বাবে ভ্ৰমণ বীমা বাধ্যতামূলক ।

লগতে পঢ়ক: EAM Jaishankar London visit : ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণত ডাউনিং ষ্ট্ৰীটত সপত্নীক বৈদেশিক মন্ত্ৰী জয়শংকৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.