ETV Bharat / bharat

জয়ছেলমাৰত দুষ্প্ৰাপ্য হৰিণৰ মৃত্যু অব্যাহত, সৌৰ কোম্পানীৰ বিৰুদ্ধে অভিযোগ - Case registered against Eden Solar Plant

শেহতীয়া দুটা দিনত প্ৰায় ১৩টাকৈ এই দুষ্প্ৰাপ্য প্ৰজাতিৰ চিংকাৰা হৰিণৰ মৃতদেহ উদ্ধাৰ হৈছে । এই ক্ষেত্ৰত বন্য়প্ৰাণীপ্ৰেমীসকলৰ সন্দেহ, সৌৰ কোম্পানীটোৰ ফালৰ পৰাই এই হৰিণসমূহ হত্যা কৰা হৈছে । ইডেন সৌৰ কোম্পানীৰ বিৰুদ্ধে গোচৰো তৰা হৈছে (Case registered against Eden Solar Plant)।

Rajasthan
Rajasthan
author img

By

Published : Jun 23, 2022, 6:20 PM IST

নিউজ ডেস্ক, ২৩ জুন : ৰাজস্থানৰ জয়ছেলমাৰ জিলাৰ লখাচাৰ ইডেন সৌৰ প্ৰকল্পৰ কাষৰীয়া অঞ্চলত নিয়মিত দুষ্প্ৰাপ্য চিংকাৰা হৰিণৰ মৃতদেহ উদ্ধাৰ হৈ আছে (Chinkara deer dead body found in Jaisalmer) । শেহতীয়া দুটা দিনত প্ৰায় ১৩টাকৈ এই দুষ্প্ৰাপ্য প্ৰজাতিৰ চিংকাৰা হৰিণৰ মৃতদেহ উদ্ধাৰ হৈছে । এই ক্ষেত্ৰত বন্য়প্ৰাণীপ্ৰেমীসকলৰ সন্দেহ, সৌৰ কোম্পানীটোৰ ফালৰ পৰাই এই হৰিণসমূহ হত্যা কৰা হৈছে । আনহাতে, নিয়মিত মৃত হৰিণ উদ্ধাৰৰ পিছত ইডেন সৌৰ কোম্পানীৰ বিৰুদ্ধে গোচৰো তৰা হৈছে (Case registered against Eden Solar Plant)।

আনহাতে, ৰাজস্থানৰ পোকৰণ শ্ৰী জাম্ভেশ্বৰ পৰিৱেশ আৰু জীৱ সুৰক্ষা ৰাজ্যিক সংস্থাৰ এটা দলে (Pokaran Shree Jambheshwar Environment and Life Protection) দ্বিতীয় দিনাও লখাচাৰৰ ইডেন সৌৰ প্ৰকল্পৰ উক্ত ঘটনাৰ বুজ লয় । বৃহস্পতিবাৰে পৰিদৰ্শনৰ সময়ত 5টা মৃত হৰিণ উদ্ধাৰ হয় (5 dead deer found) । সৌৰ প্ৰকল্পটোৰ কৰ্মচাৰীসকলে দলটোক ভিতৰলৈ যাবলৈ দিবলৈ অস্বীকাৰ কৰাত তেওঁলোকৰ সন্দেহ বৃদ্ধি পায় । তাৰ পিছতে সৌৰ কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় (Case filed against solar company) ।

সংগঠনটোৰ জয়ছেলমাৰ জিলা সভাপতি সদাৰাম খিলেৰীয়ে কোম্পানীটোৰ সীমাৰ দেৱালৰ ভিতৰত তালাচী অভিযানৰ দাবী জনাইছে । তেওঁ কয় যে মঙলবাৰে লখাচাৰৰ ইডেন সৌৰ প্ৰকল্পৰ সীমাত ৬টা মৃত চিংকাৰা হৰিণ উদ্ধাৰ হয় (6 dead chinkara deer found) । বুধবাৰে হৰিণকেইটাৰ মৰণোত্তৰ পৰীক্ষা আৰু অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় । ইয়াৰ পিছত বুধবাৰেই কোম্পানীটোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় । উল্লেখ্য, কেইদিনমান পূৰ্বেও ২টা হৰিণৰ মৃতদেহ পোৱা গৈছিল ।

তেওঁ অভিযোগ কৰে যে কোম্পানীটোৰ কৰ্মচাৰীসকলে আনকি বনকৰ্মীসকলকো ভিতৰলৈ যোৱাৰ অনুমতি দিয়া নাই (Forest workers did not allow to go inside) । একে সময়তে, তেওঁক ফটো তুলিবলৈও অনুমতি দিয়া নাছিল । ইয়াৰ পিছতে সন্দেহৰ ভিত্তিত দলটোৱে প্ৰকল্পটোৰ সীমাৰ ওচৰৰ মুকলি এলেকাটো পৰিদৰ্শন কৰে ।

তেওঁ কয় যে পৰিদৰ্শনৰ সময়ত কোম্পানীটোৰ সীমাৰ বাহিৰত এটা মৃত হৰিণ আৰু চাৰিটা হৰিণৰ মূৰ, ডিঙি আৰু শিং পোৱা যায় । তেওঁ অভিযোগ কৰে যে সৌৰ কোম্পানীটোৰ মানুহেই হৰিণবোৰক হত্যা কৰি আছে (Solar company people killing deers) । তেওঁ সৌৰ কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । লগতে কোম্পানীৰ সীমাৰ বেৰৰ ভিতৰত এক অনুসন্ধান অভিযান চলোৱাৰো দাবী জনায় (Demanded to search operation inside the company) ।

লগতে পঢ়ক :দেশৰ ৰাষ্ট্ৰপতি পদৰ বাবে শিৰোনামত প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মূ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.