ETV Bharat / bharat

নিৰ্মাণ কোম্পানীৰ মেইল হেক কৰি চাইবাৰ অপৰাধীয়ে লুটিলে ৬৪ লাখ টকা - নিৰ্মাণ কোম্পানীৰ মেইল হেক

চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে আৰক্ষীয়ে অধিক সতৰ্কতা অৱলম্বন কৰিলেও অপৰাধৰ সংখ্যা হ্ৰাস হোৱা নাই । হায়দৰাবাদ চহৰৰ তিনিখন আৰক্ষী আয়ুক্তত দৈনিক ১০ টাতকৈ অধিক গোচৰ পঞ্জীয়ন কৰা ঘটনাই এই কথাকে প্ৰমাণ কৰিছে (Indian Construction company Mail hacked by Cyber criminals)।

crime
Cyber crime: কোম্পানী মেইল হেক কৰি চাইবাৰ অপৰাধীয়ে লুটিলে ৬৪ লাখ
author img

By

Published : Jul 7, 2022, 6:37 PM IST

নেচনেল ডেস্ক,৭ জুলাই: চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে আৰক্ষীয়ে সতৰ্কতা অৱলম্বণ কৰিলেও ইয়াৰ সংখ্যা হ্ৰাস হোৱা নাই । হায়দৰাবাদ চহৰৰ তিনিখন আৰক্ষী আয়ুক্তত দৈনিক ১০ টাতকৈ অধিক গোচৰ পঞ্জীয়ন কৰা ঘটনাই এই কথাকে প্ৰমাণ কৰিছে (10 cases registered daily in e three commissionerates of Hyderabad)। শেহতীয়াকৈ হায়দৰাবাদ চহৰৰ এটা নিৰ্মাণ কোম্পানীৰ ই-মেইল হেক কৰা চাইবাৰ অপৰাধীয়ে ৬৪.১১ লাখ টকা হস্তান্তৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে (Indian Construction company Mail hacked by Cyber criminals)।

ঘটনা অনুসৰি চাইবাৰ অপৰাধীসকলে বানজাৰা পাহাৰৰ এটা নিৰ্মাণ কোম্পানীৰ ইমেইল হেক কৰিছিল । ইয়াৰ পাছতে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে কোম্পানীৰ লোকে কৰা অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰে । আৰক্ষীয়ে জনোৱা অনুসৰি, চহৰখনৰ কেন্দ্ৰত কাম কৰি থকা এটা নিৰ্মাণ কোম্পানীয়ে ভাৰতীয় নৌসেনাৰ পৰা বাহিৰৰ বন্দৰ নিৰ্মাণৰ বাবে চুক্তি লাভ কৰিছে । কেইদিনমান আগতে উক্ত নিৰ্মাণ কোম্পানীটোৱে কেঁচা সামগ্ৰীৰ সৈতে মুখ্য গাঁথনিৰে সম্পৰ্কিত কাৰিকৰী জ্ঞান প্ৰদান কৰিবলৈ দুটা বিদেশী কোম্পানীৰ ওচৰ চাপে । ইয়াৰ বাবে লণ্ডনস্থিত এটা কোম্পানী আগবাঢ়ি আহে । ইয়াৰ পাছত তেওঁলোকৰ ইমেইল যোগে যোগাযোগ আৰম্ভ হয় ।

কেইদিনমান আগতে নিৰ্মাণ কোম্পানীটোৱে লণ্ডনৰ কোম্পানীটোৰ একাউণ্টত ৬৪.১১ লাখ টকা জমা দিয়ে। কিন্তু দুদিন পূৰ্বে লণ্ডনৰ কোম্পানীৰ প্ৰতিনিধিয়ে ফোন কৰি এতিয়ালৈকে কিয় টকা প্ৰেৰণ কৰা নাই সেই বিষয়ে সুধিছিল । ইয়াৰ পাছতে নিৰ্মাণ কোম্পানীটোৰ বিষয়াসকলৰ মাজত হাহাকাৰ লাগে । তেওঁলোকে বুজিবলৈ বাকী নাথাকিল যে কোম্পানীটোৰ মেইল হেক কৰা হৈছে । লগে লগে এই কোম্পানীটোৰ বিষয়াই চাইবাৰ অপৰাধ শাখাৰ আৰক্ষীৰ কাষ চাপি এক গোচৰ ৰুজু কৰে । অপৰাধ নিয়ন্ত্ৰণ আৰক্ষীয়ে অনুসন্ধান কৰি নিশ্চিত হয় যে, কোনো নাইজেৰিয়ান লোকে আগশাৰীৰ কৰ্পোৰেট কোম্পানীটোৰ ই-মেইল হেক কৰিছে (Nigerians hacked email)। হেকাৰে নিৰ্মাণ কোম্পানীটোৰ লগতে লণ্ডনৰ কোম্পানীটোৰো ই-মেইলবোৰো হেক কৰিছে । সম্প্ৰতি চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক:etv comment image Thumbnail image মৰিয়নীৰ নকছাৰি খাটিচোনাত পুনৰ এটা মৃতদেহ উদ্ধাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.