ETV Bharat / bharat

ত্ৰিপুৰা আৰক্ষীৰ বিৰুদ্ধে সমালোচনাত সৰৱ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ - ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ

আইন শৃংখলা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ত্ৰিপুৰা আৰক্ষীৰ নিস্ক্ৰিয় ভূমিকাক লৈ সৰৱ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ ৷ তেলিয়ামূৰা আৰক্ষীয়ে স্থানীয় বিজেপি বিধায়ক কল্যাণী ৰয়ৰ নিৰ্দেশত উঠা বহা কৰাৰ অভিযোগ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পিযুষ বিশ্বাসৰ ৷

congress slams bjp mla for inciting violence
বিজেপি বিধায়কৰ বিৰুদ্ধে সমালোচনাত সৰৱ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ
author img

By

Published : May 5, 2021, 1:29 PM IST

আগৰতলা, 5 মে': তেলিয়ামূৰা আৰক্ষীৰ বিৰুদ্ধে অঞ্চলটোত আইন শৃংখলা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিস্ক্ৰিয় ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে তেজপুৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পিযুষ বিশ্বাস বিজেপি বিধায়ক কল্যাণী ৰয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ স্থানীয় বিজেপি বিধায়ক কল্যাণী ৰয়ৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ বিপক্ষে ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে ৷

হিংসাপীড়িত পৰিয়ালসমূহৰ অৱস্থাৰ বুজ ল'বলৈ যোৱাৰ উদ্দেশ্যে তেলিয়ামূৰালৈ তেওঁৰ নিৰ্ধাৰিত ভ্ৰমণ বাতিল কৰিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাচতে বিশ্বাসে কল্যাণী ৰয়ৰ বিৰুদ্ধে উক্ত অভিযোগ উত্থাপন কৰে ৷ কেৱল এইয়ে নহয় তেলিয়ামূৰা আৰক্ষী কল্যাণী ৰয়ৰ আদেশ অনুসৰি উঠা বহা কৰে বুলি বিশ্বাসে অভিযোগ উত্থাপন কৰে ৷

অতি কমেও 9 টা পৰিয়ালৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি বিশ্বাসে লগতে এইবুলিও কয় যে, প্ৰায় সকলো ক্ষেত্ৰতে কংগ্ৰেছ কৰ্মী সকলৰ ঘৰসমূহ লক্ষ্য কৰি লণ্ড ভণ্ড কৰা পৰিলক্ষিত হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে বিজেপি আৰু কংগ্ৰেছ কৰ্মী সকলৰ মাজত হিংসাৰ সূত্ৰপাত ঘটে ৷ এই ঘটনাৰ ফলত বিজেপিৰ বহু কেইগৰাকী সমৰ্থক আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে ৷

উক্ত ঘটনাৰ পাচতে এই সন্দৰ্ভত কংগ্ৰেছ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিশ্বাসে কয় যে, "সোমবাৰে নিশা নগৰাকীকৈ কংগ্ৰেছ কৰ্মীৰ ঘৰত এক আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ যুৱ কংগ্ৰেছৰ সভাপতি ধ্ৰুৱ দাসৰ ঘৰত বন্দুকৰ ভয় দেখুৱাই বহু মূল্যবান সামগ্ৰী কাঢ়ি নিয়াৰ লগতে আ-অলংকাৰ আৰু নগদ 13 লাখ দুৰ্বৃত্তই লুটি নিয়ে ৷ এই সকলোবোৰৰ পাছত তেওঁৰ পৰিয়ালৰ সদস্য সকল চিকিৎসালয়ত ভৰ্তি হ'ব লগীয়া হৈছে ৷ "

বিজেপিৰ বিৰুদ্ধে মাত মতা অন্যান্য কংগ্ৰেছ কৰ্মী সকলৰ ঘৰটো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি বিশ্বাসে কয় যে, কংগ্ৰেছ দলৰ প্ৰধান গৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ত্ৰিপুৰা আৰক্ষীৰ ডিজিপি আৰু খোৱাই জিলাৰ আৰক্ষী অধীক্ষকক অৱগত কৰাৰ পাচতো এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

দুস্কৃতিকাৰীৰ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবে আৰক্ষীয়ে আইন প্ৰতিষ্ঠা কৰাত শোচনীয়ভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়া সকল এই সম্পৰ্কে অৱগত বুলি বিশ্বাসে দাবী উত্থাপন কৰে ৷ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটাই বিশ্বাসে লগতে এইবুলিও কয় যে, গুৰুতৰ অভিযোগ সত্বেও আৰক্ষীয়ে বিজেপি কৰ্মীৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পৰিৱৰ্তে কংগ্ৰেছ কৰ্মী সকলৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন হ'লেও কংগ্ৰেছ কৰ্মীক আটক কৰিবলৈ আৰক্ষী সদায় সাজু হৈ থাকে ৷

লগতে পঢ়ক: ত্ৰিপুৰাত বলবৎ হ'ল বৰ্ধিত সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.