ETV Bharat / bharat

মোডী-বিজয়ন-আদানীৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত প্ৰশ্ন কংগ্ৰেছৰ - কংগ্ৰেছ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু আদানী গোটৰ মাজত "গোপন চুক্তি" আছে নেকি বুলি প্ৰশ্ন উত্থাপন কংগ্ৰেছৰ ৷ সোমবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদীপ সিং সূৰেজৱালাই কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

Congress questions Modi, Vijayan, Adani 'special relation'
মোদী, বিজয়ন আৰু আদানিৰ মাজৰ বিশেষ সম্পৰ্ক সন্দৰ্ভত প্ৰশ্ন কংগ্ৰেছৰ
author img

By

Published : Mar 30, 2021, 1:57 PM IST

নেশ্যনেল ডেস্ক,30 মাৰ্চ: কংগ্ৰেছে সোমবাৰে জানিবলৈ বিচাৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু আদানী গোটৰ মাজত "গোপন চুক্তি" আছে নেকি ।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদীপ সিং সূৰেজৱালাই কয় যে, কেৰালাই সততাৰ সন্মান কৰে, গোপন লেনদেনক বাধা দিয়ে, কেৰালা নিজৰ পাৰদৰ্শিতা আৰু দায়বদ্ধতাৰ বাবে জনাজাত ৷ সেয়ে তেওঁ বিজয়নক কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ এক নোডাল সংস্থা ভাৰতীয় সৌৰশক্তি নিগমৰ জৰিয়তে কাম কৰি আদানী গোটৰ পৰা প্ৰায় ৮,৭৮৫ কোটি টকাত ৩০০ মেগাৱাটৰ দীৰ্ঘম্যাদী বায়ু শক্তি ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল নে নাই সেয়া স্পষ্ট কৰিবলৈ আহ্বান জনায় ৷

এই 300 মেগাৱাটৰ দীৰ্ঘম্যাদী বায়ু শক্তি প্ৰতি ইউনিটত 2.82 টকা আৰু 2.90 টকা হাৰত ক্ৰয় কৰা হ'ব নে নাই বুলি সুধি তেওঁ জানিব বিচাৰিছিল যে 2020 চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত এলডিএফ চৰকাৰে বায়ু শক্তি কিয় অধিক হাৰত ক্ৰয় কৰিছিল ।

সূৰজেৱালাই লগতে প্ৰশ্ন উত্থাপন কৰে যে, বিজয়ন আৰু মোডী চৰকাৰে একেলগে কেৰালাৰ সৌৰশক্তিৰ কোটা ২.৭৫ শতাংশৰ পৰা মাত্ৰ ০.২৫ শতাংশলৈ হ্ৰাস কৰিছে নেকি আৰু ই আদানী গ্ৰুপৰ পৰা বায়ু শক্তি ক্ৰয় কৰাত সহায় কৰিছিল নেকি ?

তদুপৰি ৰণদীপ সিং সূৰেজৱালাই অভিযোগ কৰে যে, বিজয়নে তিৰুৱনন্তপুৰম বিমানবন্দৰক আদানী গ্ৰুপলৈ হস্তান্তৰ কৰাৰ বিৰোধিতা আন গোপন বুজাবুজিসমূহক ঢাকিবলৈ নাটকহে কৰিছিল ৷

লগতে পঢ়ক: পশ্চিম বংগত বৰ্তমানলৈকে জব্দ 248.9 কোটিৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.