নেশ্যনেল ডেস্ক, ১২ মাৰ্চ: বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়াৰ আক্ৰমণ কংগ্ৰেছক । বৃহস্পতিবাৰে বিজয়বৰ্গীয়াই কয় যে, কংগ্ৰেছ দলৰ উদ্দেশ্য হৈছে 'চকী' পোৱা, তাৰ বাহিৰে কোনো আদৰ্শৰ ওপৰত আধাৰিত নহয় কংগ্ৰেছ দল । অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক এইদৰে তীব্ৰ আক্ৰমণ বিজয়বৰ্গীয়াৰ । নিৰ্বাচনৰ পূৰ্বে অসমৰ কেইবাটাও দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ ওপৰত সোধা প্ৰশ্নৰ উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি নেতাগৰাকীয়ে । পশ্চিমবংগত কংগ্ৰেছ দলে ভাৰতৰ কমিউনিষ্ট পাৰ্টিক (মাৰ্ক্সবাদী) সমৰ্থন কৰিছে কিন্তু কেৰালাত তাৰ বিৰোধিতা কৰিছে । ই কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধাচৰণকহে বুজাইছে বুলি হাৰিয়ানাৰ ৰোহতকত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে নেতাগৰাকীয়ে ।
বিশেষকৈ, মহাজোঁটত অষ্টমটো দল ৰাষ্ট্ৰীয় জনতা দলে (আৰজেডি) মিত্ৰতা স্থাপন কৰিছে । ইতিমধ্যে কংগ্ৰেছ, এআইইউডিএফ, বিপিএফ, চিপিআই, চিপিএম, চিপিআই (এমএল) আৰু আঞ্চলিক গণ মৰ্চা (এজিএম)এ মিত্ৰতা স্থাপন কৰি মহাজোঁটৰ অংশীদাৰ হৈছে । এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত নেতাগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰে । ইয়াৰ পূৰ্বে বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়াই ইন্দোৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত কৰা আক্ৰমণক কংগ্ৰেছে ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছিল । ইফালে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনত নিৰ্বাচন আয়োগে ৰাজনৈতিক হিংসা নিয়ন্ত্ৰণ কৰিবলৈ পশ্চিমবংগলৈ পৰ্যাপ্ত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰিব বুলি আশা প্ৰকাশ কৰে নেতাগৰাকীয়ে ।
লগতে পঢ়ক: কেৰালাত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত বিবাদ