ETV Bharat / bharat

পেগাচাছৰ বিষয়ক লৈ উত্তেজিত বিৰোধী কংগ্ৰেছ

পেগাচাছৰ স্পৰ্শকাতৰ বিষয়টোক লৈ বিৰোধী কংগ্ৰেছে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে । শাসকীয় বিজেপি চৰকাৰক সমালোচনা কৰাৰ লগতে উচিত তদন্তৰ দাবী জনাইছে কংগ্ৰেছে ।

author img

By

Published : Jul 20, 2021, 1:30 PM IST

Pegasus controversy
পেগাচাছৰ বিষকলৈ উত্তেজিত বিৰোধী কংগ্ৰেছ

নেশ্যনেল ডেস্ক, ২০ জুলাই : সম্প্ৰতি পেগাচাছৰ (Pegasus) বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছে । বিষয়টোৱে চলিত বৰ্ষাকালীন অধিৱেশনত (Parliament Monsson Session) তীব্ৰ উত্তেজনাৰো সৃষ্টি কৰিছে । ইফালে কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে বিৰোধীয়ে । কেইবাখনো ৰাজ্যৰ কংগ্ৰেছ নেতাসকলে চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোডীৰ পৰা এই বিষয়কলৈ স্পষ্টীকৰণ বিচাৰিছে ।

কেৰালাৰ কংগ্ৰেছ নেতা ৰমেশ চেন্নিথিলাই এই ফোন টেপিং বিষয়টো সন্দৰ্ভত এক সঠিক তদন্তৰ দাবী জনাইছে । প্ৰধানমন্ত্ৰীয়ে এই বিষয়টোত তাৎক্ষণিক সঁহাৰি জনাব বুলি নেতাগৰাকী আশাবাদী লগতে উচ্চ পৰ্যায়ৰ তদন্তৰো তেওঁ দাবী জনাইছে । আনহাতে, মুছলিম লীগৰ (Muslim League) নেতা আৰু সাংসদ ইটি মহম্মদ বছিৰে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে পেগাচাছ স্পাইৱেৰ (Pegasus Spyware) বিষয়টো অতি গুৰুতৰ আৰু বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি ৰহস্যজনক ।

Pegasus controversy
পেগাচাছৰ বিষকলৈ উত্তেজিত বিৰোধী কংগ্ৰেছ

তামিলনাডু কংগ্ৰেছ কমিটীৰ সভাপতি কে এছ আলাগিৰিয়ে এই বিষয়টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে কিয়নো ইজৰাইলৰ দ্বাৰা নিৰ্মাণ কৰা পেগাচাছ ছফ্টৱেৰটো কেৱল চৰকাৰী সংস্থাসমূহে ব্যৱহাৰ কৰে । আনকি সাংবাদিক, বিচাৰক আৰু বিৰোধীক তেওঁলোকৰ ম'বাইল ফোনৰ চোৰাংচোৱা কৰি আৰু তেওঁলোকৰ ব্যক্তিগত বিৱৰণৰ ওপৰত স্নুপিং কৰি বিজেপিয়ে ভয় খুৱাবলৈ বিভিন্ন ব্যৱস্থা অৱলম্বন কৰিছে বুলিও অভিযোগ তোলে । ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত এনে ধৰণৰ ঘটনা অতি লজ্জাজনক বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে ।

প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমে (P Chidambaram) উল্লেখ কৰিছে যে পেগাচাছৰ গৰাকী এনএছঅ' গোটে কোৱা মতে 'এনএছঅ'য়ে ইয়াৰ প্ৰযুক্তিসমূহ কেৱল পৰীক্ষা কৰিবলৈ চৰকাৰৰ আইন প্ৰৱৰ্তনকাৰী আৰু চোৰাংচোৱা সংস্থাক বিক্ৰী কৰে । এক টুইটযোগে তেওঁ তথ্য প্ৰযুক্তি মন্ত্ৰী আৰু মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰে । নতুনকৈ দায়িত্ব লাভ কৰা তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱক (Ashwini Vaishnav) উদ্দেশ্যি তেওঁ কয় যে মন্ত্ৰীগৰাকীয়ে এক বেয়া সময়ত তেওঁৰ ইনিঙছ আৰম্ভ কৰিছে । আনকি চৰকাৰে পেগাচাছ ছফ্টৱেৰ বা স্পাইৱেৰ লাভ কৰিছিল নেকি বুলিও মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে কংগ্ৰেছ নেতা চিদাম্বৰমে ।

কৰ্ণাটক কংগ্ৰেছৰ মুখপাত্ৰ ব্ৰিজেশ কালাপ্পাই ইটিভি ভাৰতক কয় যে তেওঁৰ দলে পেগাচাছ বিতৰ্কৰ ওপৰত ন্যায়িক তদন্ত দাবী কৰিছে আৰু এইটো ভাৰতীয় গণতন্ত্ৰৰ ওপৰত এতিয়ালৈ হোৱা আটাইতকৈ ভয়ানক আক্ৰমণ বুলিও মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে । এই ঘটনা কোনো চৰকাৰী সংস্থাৰ দ্বাৰা নহয় কেৱল ন্যায়পালিকাৰ দ্বাৰাহে তদন্ত কৰিব লাগিব বুলিও দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । উল্লেখ্য যে, দেওবাৰে দ্য ৱায়াৰে (The wire) প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি পেগাচাছ স্পাইৱেৰ ব্যৱহাৰ কৰি এটা অচিনাক্ত সংস্থাৰ দ্বাৰা কমেও ৪০ গৰাকী ভাৰতীয় সাংবাদিকক নিৰীক্ষণ কৰি থকা হৈছে ।

প্ৰতিবেদন অনুসৰি, প্ৰতিৰক্ষা, গৃহ মন্ত্ৰণালয়, নিৰ্বাচন আয়োগ আৰু কাশ্মীৰ সম্পৰ্কীয় বিষয়সমূহ সামৰি বাতৰি প্ৰস্তুত কৰা দেশৰ কিছুমান আগশাৰীৰ বাতৰি কাকতৰ সাংবাদিকক লক্ষ্য কৰি লোৱা হৈছে । পেগাচাছ স্পাইৱেৰৰ বলি হৈছে বহুসংখ্যক ব্যৱসায়ী, দুজন কেন্দ্ৰীয় মন্ত্ৰী, তিনিজন বিৰোধী নেতা, এজন বৰ্তমানৰ ন্যায়াধীশো । ইফালে কেন্দ্ৰীয় চৰকাৰে এই অভিযোগ নস্যাৎ কৰে ।

লগতে পঢ়ক :সৰ্বত্ৰে কিয় চৰ্চিত হৈছে পেগাচাছ স্পাইৱেৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.