ETV Bharat / bharat

Sonowal slams Congress : ৬০ বছৰে উত্তৰ-পূবক অৱহেলা কৰি আহিছিল কংগ্ৰেছে - Congress ignored Northeast for 60 years

উত্তৰ-পূৱক অৱহেলা কৰি আহিছে কংগ্ৰেছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেই অঞ্চলটোৰ উন্নয়ন হৈছে (Sarbananda Sonowal slams Congress)। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ।

Sarbananda Sonowal slams Congress
উত্তৰ-পূৱক কংগ্ৰেছে অৱহেলা কৰাৰ অভিযোগ সোণোৱালৰ
author img

By

Published : May 16, 2023, 4:16 PM IST

নেশ্যনেল ডেস্ক,১৬ মে': ৬০ বছৰ ধৰি কংগ্ৰেছে উত্তৰ-পূৱক কেৱল উপেক্ষা কৰিছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধীনত অঞ্চলটোৰ উন্নয়নৰ কেন্দ্ৰবিন্দু হৈছে । এই অভিযোগ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal slams congress)।

ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ চৰকাৰে ৬০ বছৰ ধৰি উত্তৰ-পূবক উপেক্ষা কৰাৰ পাছত আজি প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ-পূবক মুকলি হাতেৰে আঁকোৱালি লৈছে । যাৰ বাবে উত্তৰ-পূবৰ প্ৰতি মনোযোগ বৃদ্ধি হৈছে আৰু উন্নয়নৰো কেন্দ্ৰবিন্দু হৈ পৰিছে (Sarbananda Sonowal on NE development)।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দাবী কৰা মতে কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰে বিশেষ সমৰ্থন কৰাৰ বাবে ৰাষ্ট্ৰীয় ক্ষেত্ৰত উত্তৰ-পূবৰ পুনৰ উত্থান হৈছে । বিগত ৯ বছৰত উত্তৰ-পূবৰ পুনৰ উত্থান ঘটিছে, সেয়া ছিকিম হওক বা ত্ৰিপুৰা হওক, মিজোৰাম হওক বা মেঘালয় হওক, নাগালেণ্ড হওক বা মণিপুৰ হওক বা অসম হওঁক বা অৰুণাচল প্ৰদেশ হওক, প্ৰতিখন ৰাজ্যই নিজৰ স্বকীয়তা বিচাৰি উলিওৱাত সফল হৈছে বুলিও তেওঁ দাবী কৰিছে ।

এই সকলোবোৰ উন্নয়ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূবৰ প্ৰতি বিশেষ সমৰ্থন আৰু স্বীকৃতিৰ বাবেই হৈছে বুলি তেওঁ উল্লেখ কৰে । ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যুৱ সৱলীকৰণৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি সোণোৱালে কয় যে, যুৱ প্ৰজন্মই নিজকে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সমৰ্পিত কৰাটো এক সৌভাগ্যৰ বিষয় ।

যুৱ প্ৰজন্মই এক সোণালী সুযোগ লাভ কৰিছে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আৰু প্ৰতিশ্ৰুতি উপলব্ধি কৰাটো তেওঁলোকৰ বাবে এক সৌভাগ্যৰ বিষয় । অমৃত কালত প্ৰৱেশ কৰাৰ লগে লগে সকলোৱে ভাৰতক এখন স্বাৱলম্বী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা কৰিব লাগিব আৰু এক আত্মনিৰ্ভৰ ভাৰত গঢ়িব লাগিব বুলিও সোণোৱালে কয় ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে প্ৰতিগৰাকী ব্যক্তিৰ সামগ্ৰিক প্ৰচেষ্টাৰ জৰিয়তে উন্নত ভাৰতৰ উদ্দেশ্যত উপনীত হ'ব বিচাৰে । তেওঁ বিশ্বাস কৰা মতে সেই উদ্দেশ্যৰে দেশৰ সমাজৰ সকলো শ্ৰেণীক প্ৰধানমন্ত্ৰীৰ নীতি, কাৰ্যসূচী আৰু পদক্ষেপৰ জৰিয়তে শক্তিশালী কৰা হৈছে ।

সামগ্ৰিক প্ৰচেষ্টাৰ দ্বাৰা সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস লক্ষ্যত উপনীত হ'বলৈ ওলাইছে বুলিও তেওঁ উল্লেখ কৰে । ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে দেশত নিযুক্তি বৃদ্ধিৰ বাবে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ বৰ্ণনা কৰি কয় যে, যোৱা ৯ বছৰত প্ৰস্তুত কৰা প্ৰতিটো নীতিয়ে যুৱসকলৰ বাবে নিযুক্তি সৃষ্টিৰ দুৱাৰ হিচাপে কাম কৰিছে । মঙলবাৰে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত ৭১,০০০ নতুন নিযুক্তিপ্ৰাপ্তক নিযুক্তি পত্ৰ বিতৰণ কৰা হয় (Job fair in India)।

লগতে পঢ়ক :Congress Karnataka CM imbroglio: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছনিক লৈ খাৰ্গেৰ বাসগৃহত বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.