ETV Bharat / bharat

Opposition Unity : আপক সমৰ্থনৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ; অধিক শক্তিশালী হৈছে বিৰোধী ঐক্য - Congress to support AAP on ordinance row

কংগ্ৰেছে অৱশেষত কেন্দ্ৰৰ বিতৰ্কিত অধ্যাদেশৰ বিৰুদ্ধে যুঁজত আপক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে । কংগ্ৰেছৰ এই সিদ্ধান্তই বিৰোধী ঐক্যক উৎসাহিত কৰিছে । সকলোৰে দৃষ্টি এতিয়া বেংগালুৰুৰ পৰৱৰ্তী বিৰোধী দলৰ বৈঠকৰ ওপৰত আছে ।

Opposition Unity
আপক সমৰ্থনৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ
author img

By

Published : Jul 16, 2023, 4:42 PM IST

নেশ্যনেল ডেস্ক,১৬ জুলাই : ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিৰোধী ঐক্যক উৎসাহজনক বুলি ক'ব পাৰি । তাৰ অন্যতম উদাহৰণ দিল্লীত কেন্দ্ৰৰ অধ্যাদেশ । কিয়নো ইতিমধ্যে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰোধিতা কৰিবলৈ সন্মত হৈছে কংগ্ৰেছ । আম আদমি পাৰ্টীৰ মতে কংগ্ৰেছৰ দ্ব্যৰ্থহীন বিৰোধিতা হৈছে এক ইতিবাচক উন্নয়ন ।

উল্লেখ্য যে ১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ'ব বিৰোধী দলৰ বৈঠক । য'ত কংগ্ৰেছে নেতৃত্ব ল'ব । অৱশ্যে, বেংগালুৰুত কেইবাটাও বিৰোধী দলৰ উপস্থিতিত হ'বলগীয়া বৈঠকত আপে অংশগ্ৰহণ কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । কিয়নো দলটোৱে পূৰ্বে ঘোষণা কৰিছিল যে যদি কংগ্ৰেছে সংসদত দিল্লী অধ্যাদেশৰ বিৰোধিতা কৰাত আপক সমৰ্থন আগবঢ়ায় তেতিয়াহে তেওঁলোকে বিৰোধী ঐক্যমঞ্চত যোগদান কৰিব ।

ইটিভি ভাৰতে পূৰ্বে এক প্ৰতিবেদনত উল্লেখ কৰিছিল যে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে ২০ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত দলটোৱে বিতৰ্কিত দিল্লী অধ্যাদেশৰ বিৰোধিতা কৰাৰ স্পষ্ট ইংগিত দিছে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কোৱা মতে দলটোৰ স্থিতি স্পষ্ট কিয়নো ৰাজ্যপালসকলৰ জৰিয়তে বিৰোধী দলসমূহৰ দ্বাৰা শাসিত ৰাজ্যসমূহত হস্তক্ষেপ কৰাৰ কেন্দ্ৰৰ এনে যিকোনো পদক্ষেপৰ বিৰোধিতা কৰিব আৰু সংসদত দিল্লী অধ্যাদেশৰ বিধেয়ক উত্থাপন হ'লেই তাক বিৰোধিতা কৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ ।

তেওঁ উল্লেখ কৰা মতে কংগ্ৰেছে দিল্লীৰ অধ্যাদেশ সমৰ্থন নকৰে । বেণুগোপালৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আপৰ সাংসদ তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাঘৱ চাদ্দাই টুইট কৰি কয় যে কংগ্ৰেছে দিল্লী অধ্যাদেশৰ দ্ব্যর্থহীন বিৰোধিতা ঘোষণা কৰিছে । এয়া এক ইতিবাচক উন্নয়ন ।

দিল্লী অধ্যাদেশৰ বিষয়ত কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰাৰ লগে লগে বেণুগোপালে আশা প্ৰকাশ কৰিছে যে আপে এতিয়া বেংগালুৰুত বিৰোধী দলসমূহৰ আগন্তুক বৈঠকত অংশগ্ৰহণ কৰিব । পাটনাত প্ৰথম বৈঠকত বিৰোধী দলবোৰে ২০২৩ চনৰ লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে মোকাবিলা কৰাৰ সংকল্প লৈছিল ।

লগতে পঢ়ক :Opposition parties meeting : বেংগালুৰুত হ'বলগীয়া বিৰোধীৰ বৈঠকৰ পৰ্যালোচনা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.