ETV Bharat / bharat

ৰাম মন্দিৰৰ নিমন্ত্ৰণ নাকচ কংগ্ৰেছৰ; বিজেপি-আৰ এছ এছৰ অনুষ্ঠান আখ্যা - Congress on Ram Temple

Congress on Ram Temple : ৰাম মন্দিৰ অভিষেকৰ কিছুদিন পূৰ্বে কংগ্ৰেছে এই অনুষ্ঠানটো আৰ এছ এছ/বিজেপিৰ ৰাজনৈতিক প্ৰকল্প বুলি উল্লেখ কৰিছে ৷ লগতে এই অনুষ্ঠানত অংশগ্ৰহণৰ আমন্ত্ৰণ আনুষ্ঠানিকভাৱে নাকচ কৰিছে দলটোৱে ।

Congress on Ram Temple
ৰাম মন্দিৰৰ আমন্ত্ৰণ আনুষ্ঠানিকভাৱে প্ৰত্যাখান কংগ্ৰেছৰ
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 9:22 PM IST

নিউজ ডেস্ক, 10 জানুৱাৰী : 22 জানুৱাৰীত ৰাম মন্দিৰ অভিষেকৰ পূৰ্বে ৰাজনৈতিক ঘটনাক্ৰমৰ এক গুৰুত্বপূৰ্ণ দিশত দেশৰ সৰ্ববৃহৎ বিৰোধী দল কংগ্ৰেছে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে আৰু ইয়াক “বিজেপি-আৰ এছ এছৰ ৰাজনৈতিক প্ৰকল্প” বুলি অভিহিত কৰিছে ৷ অফিচিয়েল এক্স (টুইটাৰ) হেণ্ডেলত শ্বেয়াৰ কৰা এক আনুষ্ঠানিক বিবৃতিত কংগ্ৰেছে কয় যে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু দলটোৰ অন্যান্য গুৰুত্বপূৰ্ণ নেতাই ৰাম মন্দিৰৰ আমন্ত্ৰণ আনুষ্ঠানিকভাৱে প্ৰত্যাখান কৰিছে ৷

বিবৃতিটোত কোৱা হৈছে যে, "যোৱা মাহত কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু লোকসভাৰ কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে 22 জানুৱাৰী 2024ত অনুষ্ঠিত হ'বলগীয়া অযোধ্যা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ লাভ কৰিছিল ৷ ভগৱান ৰামক আমাৰ দেশত লাখ লাখ লোকে পূজা কৰে ৷ ধৰ্ম এটা ব্যক্তিগত বিষয় ৷ কিন্তু আৰ এছ এছ/বিজেপিয়ে দীৰ্ঘদিন ধৰি অযোধ্যাৰ মন্দিৰৰ এটা ৰাজনৈতিক প্ৰকল্প তৈয়াৰ কৰি আহিছে ৷ বিজেপি আৰু আৰ এছ এছৰ নেতাসকলৰ দ্বাৰা অসম্পূৰ্ণ মন্দিৰৰ উদ্বোধন নিশ্চিতভাৱে নিৰ্বাচনী লাভৰ বাবে আগবঢ়াই অনা হৈছে ৷"

বিবৃতিত লগতে কোৱা হৈছে যে 2019 চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায় মানি চলি ভগৱান ৰামক শ্ৰদ্ধা কৰা লাখ লাখ লোকৰ আৱেগক সন্মান জনাই মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে স্পষ্টভাৱে আৰ এছ এছ/বিজেপিৰ অনুষ্ঠানৰ আমন্ত্ৰণ সন্মানেৰে নাকচ কৰিছে ৷

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, মল্লিকাৰ্জুন খৰ্গে আৰু ছোনিয়া গান্ধীৰ উপৰিও প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, লালু প্ৰসাদ যাদৱ, সীতাৰাম য়েচুৰী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে বিৰোধী দলৰ অন্যান্য গুৰুত্বপূৰ্ণ ব্যক্তিসকলে এই অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছে ৷

লগতে পঢ়ক : যাত্ৰাৰ পূৰ্বেই বিপাঙত ভাৰত জোড়ো ন্যায় যাত্ৰা; মণিপুৰ চৰকাৰে অনুমতি নিদিয়াৰ অভিযোগ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.