ETV Bharat / bharat

Congress Protest in Tripura: ২১ জুলাইত ত্ৰিপুৰাৰ তিনিখন জিলাত বন্ধৰ আহ্বান কংগ্ৰেছৰ

author img

By

Published : Jul 15, 2022, 10:13 AM IST

ত্ৰিপুৰাৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি তথা অগ্নিপথ আঁচনি বাতিল কৰাৰ দাবীত ২১ জুলাইত তিনিখন জিলাত ২৪ ঘন্টাৰ বন্ধ আহ্বান জনাইছে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে(Congress protests in Tripura on July 21) । ৰাজ্যখনৰ উত্তৰৰ উনাকোটি আৰু ধলাইসহ তিনিখন জিলাত বন্ধৰ আহ্বান জনাইছে কংগ্ৰেছে(Congress calls for bandh in three districts) ।

congress calls bandh on july 21 in three district of tripura
Congress Protest in Tripura: ২১ জুলাইত ত্ৰিপুৰাৰ তিনিখন জিলাত বন্ধৰ আহ্বান কংগ্ৰেছৰ

আগৰতলা,১৫ জুলাই: কেইবাটাও দাবীৰে ২১ জুলাইত ত্ৰিপুৰাৰ তিনিখন জিলাত বন্ধৰ আহ্বান ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ(Congress protests in Tripura on July 21) । ত্ৰিপুৰাত সংঘটিত হিংসাত্মক ঘটনা তথা আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ প্ৰতিবাদ আৰু অগ্নিপথ আঁচনি বাতিল কৰাৰ দাবীত বন্ধৰ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছে । প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বী বিৰজিৎ সিনহাই সাংবাদিকৰ আগত প্ৰকাশ কৰে যে ১৪ টা চাৰ্টাৰ পইণ্টৰ দাবীত কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে পৰ্যায় অনুসৰি বন্ধৰ আহ্বান কৰাৰ সিদ্ধান্ত লৈছে(Congress calls for bandh in three districts) ।

লগতে অগ্নিপথ আঁচনি বাতিল কৰাৰো দাবী উত্থাপন কৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে(Tripura Congress demands cancellation of Agnopath scheme) । তাৰোপৰি উত্থাপন কৰিছে আন কেতবোৰ প্ৰসংগ । আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰি কংগ্ৰেছৰ নেতা-কৰ্মীসকলক সুৰক্ষা প্ৰদান কৰাৰ দাবীও উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বী বিৰজিৎ সিনহাই । লগতে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি বৰ্তাই ৰখাৰ আহ্বান জনোৱাৰ লগতে প্ৰতিখন জিলাতে ইংৰাজী মাধ্যমৰ মহাবিদ্যালয় স্থাপন আৰু ২০ টা জনজাতীয় সম্প্ৰদায়কে ধৰি ৫০ টা অনুন্নত সম্প্ৰদায়ৰ উন্নয়ন পৰিষদ গঠনৰ দাবীও উত্থাপন কৰে ।

উনাকোটি জিলাৰ কাইলচহৰ বিমানবন্দৰ পুনৰুদ্ধাৰ আৰু সম্প্ৰসাৰণৰ বাবে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষক ভূমি প্ৰদান নকৰাৰ বাবে প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বীয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে । এই দাবীসমূহৰ উপৰিও তেওঁলোকে ত্ৰিপুৰাৰ উত্তৰ জিলাৰ ধৰ্মনগৰ উপ-সংমণ্ডলত ৰে'ল বিভাগৰ কাৰ্যালয় স্থাপনৰ দাবী জনাই । চৰকাৰে বিদ্যাজ্যোতি আঁচনিৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰা বন্ধ কৰাৰ দাবীৰ কথাও উল্লেখ কৰিলে প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বী বিৰজিৎ সিনহাই ।

লগতে পঢ়ক: Manik Saha gift to Sheikh Hasina: শ্বেখ হাছিনালৈ মানিক শ্বাহাৰ আনাৰস উপহাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.